Tuesday, August 15, 2023

CHEPTER-12 বিদ্যুৎ (Electricity) পাঠটোৰ অনুশীলনীৰ প্রশ্নসমূহৰ উত্তৰ

 

অনুশীলনী

1. R ৰোধৰ এডাল তাঁৰ পাঁচটা সমান ভাগলৈ বিভক্ত কৰা হ'ল। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ'ল। যদি সজ্জাটোৰ সমতূল্য ৰোধ R' হয়, তেতিয়া R/R' অনুপাত হ'

   (a) 1/25           (b) 1 / 5           (c) 5           (d) 25

উত্তৰঃ (d) 25

 

2. তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে?

  (a) I2R                  (b) IR2                   (c) VI                (d) V2/R

উত্তৰঃ (b) IR2

3. এটা বৈদ্যুতিক বাল্বল 220V আৰু 100W চিহ্নিত কৰা আছে যেতিয়া 110V ত ইয়াক ব্যৱহাৰ কৰা হয়,

ই লোৱা ক্ষমতা হ'

      (a)  100W               (b) 75W               (c) 50W              (d) 25W

উত্তৰঃ (d) 25W

4. একে পদাৰ্থৰ দুডাল একে দৈৰ্ঘ্যৰ আৰু একে ব্যাসৰ পৰিবাহী তাঁৰ প্ৰথমে শ্রেণীবদ্ধ সজ্জাত আৰু পিছত সমান্তৰাল সজ্জাত এটা বৰ্তনীৰ একেটা বিভৱভেদত সংযোগ কৰা হ'ল। শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জাত সৃষ্টিত সৃষ্টি হোৱা তাপৰ অনুপাত

  (a) 1:2                       (b) 2:1                       (c) 1:4                      (d) 4:1

উত্তৰঃ (c) 1:4

  

5. দুটা বিন্দুৰ মাজৰ বিভৱভেদ জুখিবলৈ বৰ্তনী এটাত ভল্টমিটাৰ কেনেকৈ সংযোগ কৰিবা?

উত্তৰঃ সমান্তৰালভাবে।

 

7. যেতিয়া এটা অজ্ঞাত ৰোধ 12V ৰ এটা বেটেৰীৰ লগত সংযোগ কৰা হয় তাত 2.5 mA প্রবাহ চালিত হয়। ৰোধকটোৰ ৰোধ উলিওৱা ।

উত্তৰঃ দিয়া আছে,

          বিভৱভেদ(V)= 12V

          প্রবাহ(I) = 2.5A = 2.5×10-3A

  আমি জানো যে, R= V/I

                      = 12/2.5×10-3

                              = 4.8×10-3Ω

 

8. এটা 9 V বেটাৰীৰ লগত 0.2Ω, 0.3 Ω, 0.4 Ω.0.5Ω আৰু 12Ω, ৰোধক কেইটা শ্রেণীবদ্ধভাৱে সংযোগ কৰা হৈছে। 12Ω ৰোধৰ ৰোধকটোৰ মাজেৰে কিমান প্রবাহ চালিত হৈছে?

উত্তৰঃদিয়া আছে,

           বিভৱভেদ(V)= 9V

ধৰাহ,

       R1=0.2Ω, R2= 0.3 Ω, R3 = 0.4 Ω, R4 = 0.5Ω R5 = 12Ω

গতিকে R = R1+R2+R3+R4+R5

          = 0.2 Ω +0.3 Ω +0.4 Ω +0.5 Ω +12 Ω

               = 13.4 Ω

12Ω ৰোধৰ ৰোধকটোৰ মাজেৰে চালিত প্রবাহ

                             I = V/R

                                =9/13.4

                                = 0.671A

 

 

9. 176Ω ৰ কিমানটা ৰোধক হ'লে 220V ৰ লাইন এটাত 5 A প্রবাহ পোৱা যাব ?

উত্তৰঃ ইয়াত, প্রবাহ I= 5A

    বিভবভেদ(V)= 220V

    প্রয়োজনীয় ৰোধ R = V/I= 220/5= 44 Ω

        প্রতিটো ৰোধকৰ ৰোধ r = 176 Ω

   ধৰাহ,সমতুল্য সজ্জাটোত প্রয়োজনীয় ৰোধকৰ সংখ্যা n

   গতিকে  R = r/n

         44 = 176/n

          n= 176/44 = 4

   

10. প্ৰতিটো ৰোধৰ তিনিটা ৰোধক কেনেদৰে সংযোগ কৰিলে সজ্জাটোৰ সমতুল্য বোধ (i) 9Ω আৰু (ii) 2Ω '?

উত্তৰঃ (i) প্রত্যেক 6 Ω ৰোধৰ তিনিটা ৰোধকৰে পৰা 9 Ω ৰোধ পাবলৈ হ'লে, প্ৰথম দুটা ৰোধ সমান্তৰাল সজ্জাত সংযোগ কৰি সেই সজ্জাটো তৃতীয়টো ৰোধৰ লগত শ্রেণীবদ্ধভাৱে সংযোগ কৰিব লাগিব।

ধৰাহR1=6 Ω, R2=6 Ω আৰু R3=6 Ω

  যিহেতু 1/R =1/R1+1/R2

        1/R = 1/6+1/6

        1/R =2/6

         R = 6/2 =3 Ω

আকৌ, R' = R+R

           = 3+6 =9 Ω

(ii) 2 Ω ৰৈধ পাবলৈ আটাইকেইটা ৰোধক সমান্তৰাল সজ্জাত সংযোগ কৰিব লাগিব

    যিহেতু 1/R = 1/R1+1/R2+1/R3

         1/R = 1/6+1/6+1/6

         1/R = 3/6

          R = 6/3

          R = 2 Ω

 

11. বহুকেইটা বৈদ্যুতিক বাল্ব 220 V লাইনত ব্যৱহাৰৰ বাবে তৈয়াৰ কৰা হৈছে আৰু 10 W ৰে চিহ্নিত কৰা হৈছে। যদি চালিত হোৱা সর্বোচ্চ প্রবাহ 5A হয় কিমানটা বাল্ব সমান্তৰালভৱে 220V লাইনৰ লগত সংযোগ কৰিব লাগিব ?

উত্তৰঃ ইয়াত, I=5A আৰু V=220V

আমি জানো যে, P=VI

                 = 220× 5 = 1100W

বাল্বৰ সংখ্যা= সৰ্বোচ্চ ক্ষমতা/এটা বাল্বৰ ক্ষমতা

        = 1100/10

        = 110

গতিকে 110টা বাল্ব সমান্তৰালভাবে সংযোগ কৰিব লাগিব।

 

12. 220 V লাইনৰ লগত সংযোগ কৰা এটা বৈদ্যুতিক চুলাৰ গৰম ফলিখনৰ দুটা ৰোধ কুণ্ডলী A আৰু B আছে আৰু প্ৰত্যেকৰে ৰোধৰ মান 24Ω, যিকেইটা পৃথকে পৃথকে শ্রেণীবদ্ধভাৱে আৰু সমান্তৰালভাৱে সংযোগ কৰিব পাৰি। এই তিনিও ক্ষেত্ৰত প্রবাহ কি হ'?

উত্তৰঃ  দিয়া আছে, বিভবভেদ V= 220V প্রতিটো কুন্দলীৰ ৰোধ R= 24 Ω

(i) যেতিয়া কুন্দলী দুটা পৃথক পৃথককৈ সংযোগ কৰা হয়,তেতিয়া প্রতিটো কুন্দলীৰ মাজেৰে প্রবাহিত হোৱা প্রবাহ-

   I= V/R=220/24=9.16A

(ii) যেতিয়া কুন্দলী দুটা শ্রেণীবদ্ধ সজ্জাত সংযোগ কৰা হয়,তেতিয়া সিহঁতৰ সমতুল্য ৰোধ-

   R= 24Ω+24Ω = 48Ω

 আৰু সংযোগটোৰ মাজেৰে যোৱা প্রবাহ I= V/R = 220/48 = 4.48A

 

(iii) যেতিয়া কুন্দলী দুটা সমান্তৰাল সজ্জাত সংযোগ কৰা হয়,তেতিয়া সিহঁতৰ সমতুল্য ৰোধ-

   1/R= 1/24+1/24

   1/R = 2/24

    R = 24/2 = 12 Ω

  আৰু সংযোগটোৰ মাজেৰে যোৱা প্রবাহ I= V/R = 220/12 = 18.33A

13.ৰোধক এটাত ব্যৱহৃত ক্ষমতা তলৰ প্ৰতিটো ক্ষেত্ৰতে উলিওৱা

(i) 1Ω আৰু 2Ω ৰ দুটা ৰোধক 6V ৰ বেটেৰী এটাৰ লগত শ্রেণীবদ্ধভাৱে আৰু (ii) 12 Ω আৰু 2 Ω ৰ ৰোধক দুটা 4V ৰ বেটেৰীৰ লগত সমান্তৰালভাৱে সংযোগ কৰিলে।

উত্তৰঃ  (i) 1Ω আৰু 2Ω ৰ দুটা ৰোধক শ্রেণীবদ্ধভাৱে সংযোগ কৰিলে সমতুল্য ৰোধৰ মান হ-

            R= 1Ω+2Ω = 3Ω

   দিয়া আছে,বিভবভেদ V= 6V

  বৰ্তনীটোৰ মাজেৰে চালিত প্রবাহ I= V/R = 6/3 = 2A

  গতিকে ৰোধযুক্ত ৰোধকৰ ক্ষমতা P=I2R = 22×2 = 8W

 (ii) 12 Ω আৰু 2 Ω ৰ ৰোধক দুটা সমান্তৰালভাৱে সংযোগ কৰিলে সমতুল্য ৰোধৰ মান হ-

     1/R= 1/12+1/2 = 1+6/12 = 7/12

      R = 12/7 = 2Ω

    দিয়া আছে,বিভবভেদ V= 4V

  গতিকে ৰোধযুক্ত ৰোধকৰ ক্ষমতা— P = V2/R

                                                                 = 42/2 = 8W

 

14. এটা 220 V 100 W চিহ্নিত আৰু অন্যটো 220V 60W চিহ্নিত দুটা বৈদ্যুতিক চাকি বৈদ্যুতিক যোগানৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে। যদি যোগান বিভৱ 220V হয়, কিমান প্রবাহ ই ল'?

উত্তৰঃ  দিয়া আছে, প্রথম বৈদ্যুতিক চাকিটোৰ বিভৱভেদ V= 220V,ক্ষমতা P = 100W

    প্রথম বৈদ্যুতিক চাকিটোৰ ৰোধ R1 = V2/P = 2202/100 = 484Ω

আকৌ দিয়া আছে, অন্যটো বৈদ্যুতিক চাকিৰ বিভৱভেদ V= 220V,ক্ষমতা P = 60W

    চাকিটোৰ ৰোধ R2= V2/P = 2202/60 = 2420/3Ω

যিহেতু বৈদ্যুতিক চাকি দুটা সমান্তৰাল সজ্জাত সংযোগ কৰা হৈছে। গতিকে সিহঁতৰ সমতুল্য ৰো

 

1/R =1/R1+1/R2 = 1/484+3/2420

      = 5+3/2420

      = 8/2420

R = 2420/8 = 605/2

গতিকে বৈদ্যুতিক যোগানৰ পৰা অহা প্রবাহ-

 I =V/R = 220 × 2/605

       = 0.73A


15. কোনটোৱে বেছি শক্তি ব্যৱহাৰ কৰিব, এটা 250 W TV চেট 1 ঘণ্টা চলিলে বা এটা 1200 W ৰ ৰুটিসেকা সঁজুলি 10 মিনিট চলিলে ?

উত্তৰঃ  250w TV এটাৰ 1 ঘণ্টাত ব্যৱহাৰ হোৱা শক্তি

          = (250 বাট) (1 ঘণ্টা)

          = 250 বাট ঘণ্টা

         = 250×60×60 ৱাট ছেঃ

      = 25×36×104 J

      =900×104 J

 1200w ৰ পাউরুটি সেকা সঁজুলি এটাই 10 মিনিটত ব্যৱহাৰ কৰা শক্তি-

        = (1200 ৱাট) × (10 × 60) ছেকেণ্ড

             = 12 × 6 × 10 জুল

            = 72 × 104 জুল।

গতিকে 250 ৱাটৰ TV টোৱে 1 ঘণ্টাত খৰচ কৰা শক্তি 1200W পাউৰুটি সেকা সঁজুলি এটাই 10 মিনিটত

ব্যৱহাৰ কৰা শক্তিতকৈ বেছি।

 

16. ব্যাখ্যা কৰা :

(a) বৈদ্যুতিক চাকিত বেছিভাগ টাংষ্টেন ফিলামেন্ট কিয় ব্যৱহাৰ হয় ?

উত্তৰঃ বৈদ্যুতিক বাল্বৰ ফিলামেন্ট তৈয়াৰ কৰিবলৈ টাংষ্টেন ব্যৱহাৰ কৰাৰ কাৰণ হ'ল টাংষ্টেনৰ গলনাংক অতি উচ্চ আৰু ই উচ্চ উষ্ণতাত পোহৰ বিকিৰণ কৰে।

 

(b) বিদ্যুত তাপীয় সঁজুলি যেনেৰুটি সেকা সঁজুলি আৰু ইস্ত্ৰিৰ বিশুদ্ধ ধাতুৰ পৰিবৰ্তে সংকধাতু কিয় ব্যৱহাৰ কৰা হয়?

উত্তৰঃসংকৰ ধাতুৰ ৰোধকতা এই ধাতুৰে গঠিত হোৱা মৌলবিলাকতকৈ সাধাৰণতে বেছি হয়। সংকৰ ধাতুবিলাক উচ্চ উষ্ণতাত সোনকালে জাৰিত নহয়। সেই কাৰণেই প্ৰবাহৰ তাপন ক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰি সজা যন্ত্ৰবিলাকত বিশুদ্ধ ধাতু ব্যৱহাৰ নকৰি সংকৰ ধাতু ব্যৱহাৰ কৰা হয়।

 

(c) ঘৰুৱা বৰ্তনীবিলাকত শ্রেণীবদ্ধ সজ্জা কিয় ব্যৱহাৰ কৰা হয় ?

উত্তৰঃ শ্রেণীবদ্ধ বর্তনীত যদি এটা উপাংশ সঁজুলি বেয়া হয়, তেস্তে বর্তনীটো ভাঙি যায় আৰু বাকী উপাংশবিলাকেও কাম নকৰা হয়। সেই কাৰণে ঘৰুৱা বৰ্তনীত শ্রেণীবদ্ধ সজ্জা ব্যৱহাৰ কৰা নহয়।

(d) এডাল পৰিবাহীৰ ৰোধ ইয়াৰ প্ৰস্থচ্ছেদৰ কালিৰ লগত কিদৰে পৰিবৰ্তন হয়?

উত্তৰঃএডাল তাঁৰৰ ৰোধ (R), তাৰ প্রস্থচ্ছেদৰ কালিৰ (A) ব্যস্তানুপাতিক ।

 

(e) বৈদ্যুতিক সৰবৰাহৰ বাবে সাধাৰণতে তাম আৰু এলুমিনিয়াম তাঁৰ কিয় ব্যৱহাৰ কৰা হয়?

উত্তৰঃ তাম আৰু এলুমিনিয়ামৰ আপেক্ষিক ৰোধ তেনেই নগণ্য। সেই কাৰণে বিদ্যুৎ সৰবৰাহৰ বাবে তাম আৰু এলুমিনিয়ামৰ তাঁৰ ব্যৱহাৰ কৰা হয়।

 

 

 

 

 

 

 

                     

 

 

 

 

 

 

 

 

Tuesday, October 18, 2022

CHEPTER-12 বিদ্যুৎ (Electricity) পাঠটোৰ পাঠভিত্তিক প্রশ্নসমূহৰ উত্তৰ

 


                                          বিদ্যুৎ
(ELECTRICITY)


পাঠভিত্তিক প্রশ্নসমুহৰ উত্তৰ

 

1. এটা বৈদ্যুতিক বর্তনী বুলিলে কি বুজা ?

উত্তৰ : বৈদ্যুতিক প্ৰবাহৰ নিৰৱচ্ছিন্ন আৰু বন্ধ পথকে বৈদ্যুতিক বর্তনী বালো।

2. প্রবাহৰ এককৰ সংজ্ঞা দিয়া।

উত্তৰ :  কোনো পৰিবাহীৰ মাজেদি 1 ছেকেণ্ডত 1 কুলম্ব আধান সঞ্চালিত হ'লে প্ৰবাহক 1 এম্পিয়াৰ বুলি কোৱা হয়।

3.  এক কুলম্ব আধান হ'বলৈ প্ৰয়োজন হোৱা ইলেকট্ৰনৰ সংখ্যা গণনা কৰা।

উত্তৰ :  এটা ইলেক্ট্রনৰ আধান e = 1.6 × 10-19 কুলম্ব

      অর্থাৎ 1.6 x 10-19 কুলম্ব আধানত থকা ইলেক্ট্ৰনৰ সংখ্যা = 1

গতিকে 1 কুলম্ব আধানত থকা ইলেক্ট্রনৰ সংখ্যা = 1/1.6 × 10-19 টা

                               = 10/16 × 10-19 টা

                                = 0.625 × 10-19 টা

4. পৰিবাহীত বিভৱভেদ বৰ্তাই ৰখা সঁজুলি এটাৰ নাম লিখা।

উত্তৰ : এক বা ততোধিক বৈদ্যুতিক কোষেৰে নিৰ্মিত বেটাৰী

5. দুটা বিন্দুৰ মাজৰ বিভৱভেদ 1V বুলি ক'লে কি বুজায় ?

উত্তৰ : দুটা বিন্দুৰ মাজৰ বিভবভেদ 1 ল্ট বুলি কোৱাৰ অৰ্থ হ'ল সেই বিন্দু দুটাৰ যিকোনো এটাৰ পৰা 1 কুলম্ব পৰিমাণৰ আধান আনটো বিন্দুলৈ নিবলৈ কৰিব লগা কাৰ্য্যৰ পৰিমাণ 1 জুল।         

6. 6V বেটাৰী এটাৰ মাজেৰে চালিত হওঁতে প্রতি কুলম্ব আধানক কিমান শক্তি দিয়া হয় ?

উত্তৰ : দিয়া আছে বিভৱভেদ(V)= 6V

             আধান(Q)= 1C

আমি জানো যে,

        V=W/Q

      ⇒W=VQ

               ⇒W =  6×1 = 6 Jule

 7. পৰিবাহীৰ ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰ : পৰিবাহীৰ ৰোধ তাৰ (i)দৈৰ্ঘ্য (ii)প্রস্হচ্ছেদৰ কালি আৰু (iii)পদাৰ্থৰ প্রকৃতিৰ ওপৰত নিৰ্ভৰ কৰে

8. একেটা উৎসৰ লগত সংযোজিত, একে পদাৰ্থৰ এডাল শকত আৰু এডাল ক্ষীণ তাঁৰৰ কোনডালত বেছি সহজে প্রবাহ চালিত হয়? আৰু কিয় ?

উত্তৰ : একে পদাৰ্থৰে গঠিত ক্ষীণ পৰিবাহী এডালতকৈ শকত পৰিবাহী এডালৰ মাজেৰে প্ৰবাহ সহজে পাৰহৈ যাব পাৰে। কাৰণ পৰিবাহীৰ ৰোধৰ (R) ইয়াৰ প্ৰস্থচ্ছেদব কালি (A) ৰ ব্যস্তানুপাতিক। যিহেতু শকত তাঁৰৰ প্রস্থচ্ছেদৰ কালি ক্ষীণ তাঁৰতকৈ বেছি। গতিকে ইয়াৰ ৰোধ কম হ'ব আৰু ইয়াৰ মাজেৰে প্ৰবাহ সহজে পাৰহৈ যাব পাৰিব।

9. ধৰা হওক বৈদ্যুতিক উপাদান এটাৰ দুই মূৰৰ মাজৰ বিভবভেদ আগৰ মানৰ আধালৈ কমাওতে ৰোধৰ মান একে থাকে। ইয়াৰ মাজেৰে চালিত প্রবাহৰ কি পৰিবৰ্তন হ'?

 

 উত্তৰ : ওমৰ সূত্র মতে,

                                   V = IR

                              I = V/R

বিভবভেদ আগৰ মানৰ আধা লে V = V/2

  গতিকে, I = (V/2)/R

         = 1/2V/R

         = 1/2(I)   Since(I=V/R) 

গতিকে চালিত প্রবাহৰ মান আগৰ মানৰ আধা হ 

11.পাউৰুটি সেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰে গঢ়াৰ বিপৰীতে সংকৰ ধাতুৰে গঢ়া হয় কিয় ?

উত্তৰ : বৈদ্যুতিক পাউৰুটি সেকা সঁজুলি আৰু বৈদ্যুতিক ইস্ত্রিৰ কুণ্ডলী সংকৰ ধাতুৰে নিৰ্মিত হোৱাৰ কাৰণ হ'— (i) সংকৰ ধাতুৰ ৰোধকতা (specific resistance) সাধাৰণতে ইয়াক গঠনকাৰী ধাতুবিলাকতকৈ অধিক হয়। (ii) ই উচ্চ উষ্ণতাত অতি সহজে জাৰিত নহয়।

12. প্ৰতিটোৰে 2V কৈ তিনিটা কোষৰ এটা বেটেৰী, এটা 5 Ω ৰ ৰোধক, এটা 8 Ω ৰ ৰোধক, এটা 12 Ω ৰ ৰোধক আৰু এটা প্লাগ চাবি শ্ৰেণীবদ্ধভাবে সংযোগ কৰি এটা বৰ্তনীৰ নক্সা অংকন কৰা।

উত্তৰ :



 13. ৰোধক কেইটাৰ মাজেৰে যোৱা প্ৰবাহ জুখিবৰ বাবে এটা এমিটাৰ আৰু 12 Ω ৰোধকটোৰ দুই মূৰৰ মাজৰ বিভৱভেদ জুখিবৰ বাবে এটা ভল্টমিটাৰ সংযোগ কৰি 1 নং প্ৰশ্নত দিয়া বৰ্তনীটো পুনৰ অংকন কৰা। এমিটাৰ আৰু ভল্টমিটাৰৰ পাঠ কি হ'?

উত্তৰ :

             


 

 মুঠ বিভৱভেদ(V)= (3×2)V= 6V

বৰ্তনীটোৰ মুঠ ৰোধ(R)= 5 Ω+ 8 Ω+ 12 Ω = 25Ω

এমিটাৰৰ পাঠ  I = V/R = 6/25 = 0.24A

 ভল্টমিটাৰৰ পাঠ  V = IR

                              = 0.24×12

                              = 2.88V

14. নিম্নোক্তবোৰৰ সমান্তৰাল সংযোজন ৰোধ নিৰ্ণয় কৰা।                                       (a)1Ω আৰু 106Ω      (b) 1Ω,103Ω আৰু 106Ω

উত্তৰ :  যিহেতু সমান্তৰাল সংযোগৰ সমতুল্য ৰোধৰ মান আটাইতকৈ সৰু ৰোধটোতকৈ কম হয় আৰু ইয়াৰ আটাইতকৈ সৰু ৰোধ 1Ω গতিকে (a)আৰু (b) দুয়োটা ক্ষেত্ৰতে সমতুল্য ৰোধৰ মান 1Ωতকৈ কম হ’ব ।


16. 100Ω ৰ এটা বৈদ্যুতিক বাল্ব, 50 Ω ৰ এটা পাউরুটি সেকা সঁজুলি আৰু 500 Ω ৰোধৰ এটা পানীৰ ফিল্টাৰ 220 V উৎসৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে। যদি এটা বৈদ্যুতিক ইস্ত্রি একেটা উৎসৰ লগত সংযোগ কৰা হয় আৰু যদি ই আন তিনিওটাই লোৱাৰ সমান প্রবাহ লয় তেন্তে ইস্ত্ৰিটোৰ ৰোধ কিমান হ'ব আৰু ইয়াৰ মাজেৰে চালিত প্রবাহ কিমান হ' ?

উত্তৰ :   দিয়া আছে

                  বৈদ্যুতিক বাল্বটোৰ ৰোধ(R1)= 100 Ω

                   পাউরুটি সেকা সঁজুলিটোৰ ৰোধ(R2)= 50 Ω

                             পানীৰ ফিল্টাৰটোৰ ৰোধ(R3)=500 Ω

                 বিভৱভেদ(V)=220V

যিহেতু R1,R2 আৰু R3 ৰোধ তিনিটা সমান্তৰাল ভাবে সংযোগ হৈ আছে গতিকে সমতুল্য ৰোধৰ মান হ

           1/R = 1/R1+1/R2+1/R3

           1/R = 1/100+1/50+1/500

           1/R = 5+10+1/500

           1/R = 16/500

           R  = 500/16

           R  =125/4 = 31.25 Ω

বৈদ্যুতিক সজুলীবোৰৰ মাজেৰে যোৱা বিদ্যুৎ প্রবাহ

         I = V/R

           = 220/31.25

           = 7.04A

যিহেতু বৈদ্যুতিক ইস্ত্রিটো একে উৎস 220V ৰ লগত সংযোগ কৰা হৈছে ইয়াৰ মাজেদিও বাকী সঁজুলিকেইটাৰ দৰে I =7.04A প্ৰবাহ চালিত হ'ব। ইয়াৰ ৰোধ R = 31.25 Ω


17. এটা বেটাৰীৰ লগত বৈদ্যুতিক সঁজুলিবোৰ শ্রেণীবদ্ধ সজ্জাত সংযোগ কৰাতকৈ সমান্তৰাল সজ্জাত সংযোগ কৰিলে কি কি সুবিধা হয়?

উত্তৰ : বৈদ্যুতিক সঁজুলিবোৰ বেটাৰীৰ লগত সমান্তৰালভাৱে সংযোগ কৰাৰ সুবিধাসমূহ হ'

 (i) বিভিন্ন ৰোধযুক্ত বিভিন্ন বৈদ্যুতিক সঁজুলিক কাম কৰিব বাবে বিভিন্ন পৰিমাণৰ প্ৰবাহৰ প্রয়োজন হয়। সমান্তৰাল বর্তনীয়ে প্রবাহক ভাগ কৰি বেলেগ বেলেগ সঁজুলিৰ মাজেৰে ৰোধ অনুযায়ী বেলেগ বেলেগ প্রবাহ পঠিয়ায়। যিটো শ্রেণীবদ্ধ বর্তনীৰ ক্ষেত্ৰত সম্ভৱ নহয়। শ্রেণীবদ্ধ বর্তনীত বৈদ্যুতিক সঁজুলিৰ ৰোধ ভিন্ন হ'লেও সকলোবোৰ সঁজুলিৰ মাজেৰে সম পৰিমাণৰ প্ৰবাহ চালিত হয়।

(2) বৈদ্যুতিক সঁজুলিবোৰ সমান্তৰাল বৰ্তনীত সংযোগ কৰিলে তাৰ কোনো এবিধ সঁজুলি বেয়া হ'লেও বাকীবোৰে কাম কৰি থাকিব পাৰে। যিটো শ্রেণীবদ্ধ বর্তনীত সম্ভৱ নহয়। শ্রেণীবদ্ধ বর্তনীত কোনো এবিধ সঁজুলি বেয়া হোৱাৰ লগে লগে বৰ্তনীটো ভংগ হয়, আৰু আন সঁজুলিবোৰেও কাম কৰিব নোৱাৰা হয়।

18. 2Ω, 3Ω আৰু ৰ তিনিটা ৰোধক কেনেকৈ সংযোগ কৰিলে সিহঁতৰ মুঠ ৰোধ— (a) 4Ω আৰু (b) 1Ω পোৱা যাব ?

উত্তৰ : ধৰাহল ৰোধ তিনিটা R1 = 2Ω,R2= 3Ωআৰু R3=6Ω

         (a)  3Ω আৰু ৰোধ দুটা সমান্তৰালভাবে সংযোগ কৰিলে সমতুল্য ৰোধ হ

                ⇒1/R=1/R2+1/R3

               ⇒1/R=1/3+1/6

               ⇒1/R=9/18

               ⇒R = 18/9 = 2Ω

এই সংযোগটো R1 ৰোধটোৰ লগত শ্রেণীবদ্ধভাবে সংযোগ কৰি পাঁত্ত

     R+R1 = 2Ω+2Ω = 4 Ω

(b) R1,R2,R3 ৰোধ তিনিটা সমান্তৰালভাবে সংযোগ কৰিলে সমতুল্য ৰোধ হ

  1/Rp= 1/R1+1/R2+1/R3

           = ½+1/3+1/6

          = 3+2+1/6

          = 6/6 = 1 Ω


19.  5Ω, 8Ω, 12Ω আৰু 24Ω ৰোধৰ চাৰিটা কুণ্ডলী লগ লগাই পাব পৰা

(a) সর্বোচ্চ আৰু

(b) সর্বনিম্ন মুঠ ৰোধৰ মান কিমান হ'?

উত্তৰ : ধৰাহল ৰোধ চাৰিটা R1=5Ω,  R2= 8Ω, R3=12Ω, R4=24Ω

যেতিয়া R1,R2,R3,R4 ৰোধৰ চাৰিটা কুণ্ডলী শ্রেণীবদ্ধ সজ্জাত সংযোগ কৰা হয় তেতিয়া সৰ্বোচ্চ ৰোধ পোৱা যাব এইক্ষেত্ৰত সমতুল্য ৰোধ হ'

 R= R1+R2+R3+R4

  =5Ω+ 8Ω+ 12Ω+24Ω

    = 48Ω  

যেতিয়া চাৰিওটা কুণ্ডলী সমান্তৰাল সজ্জাত সংযোগ কৰা হ', তেতিয়া সৰ্বনিম্ন ৰোধ পোৱা যাব। এইক্ষেত্ৰত

সমতুল্য ৰোধ

      1/Rp =1/R1+1/R2+1/R3+1/R4

          = 1/5+1/8+1/12+1/24

          = 6+3+2+1/24

          = 12/24

          = ½

      Rp   = 2Ω


CHEPTER-12 বিদ্যুৎ (Electricity) পাঠটোৰ অনুশীলনীৰ প্রশ্নসমূহৰ উত্তৰ

  অনুশীলনী 1. R ৰোধৰ এডাল তাঁৰ পাঁচটা সমান ভাগলৈ বিভক্ত কৰা হ ' ল। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ ' ল। যদি সজ্জাটোৰ সমতূল্য ৰ...