Thursday, December 9, 2021

CHEPTER – 7 নিয়ন্ত্রণ আৰু সমন্বয়(Control And Coordination) পাঠটোৰ পাঠাভত্তিক প্রশ্নাৱলীৰ উত্তৰসমূহ

 



CHEPTER – 7

নিয়ন্ত্রণ আৰু সমন্বয়

পাঠাভত্তিক প্রশ্নাৱলীৰ উত্তৰ


1. প্রতীপ ক্ৰিয়া আৰু খোজ কঢ়াৰ মাজত পার্থক্য কি?

উত্তৰঃ

প্রতীপ ক্ৰিয়া

খোজ কঢ়া

1.ই হল স্নায়ুতন্ত্রৰ এটা অতি সৰল প্রক্ৰিয়াই হল স্বতঃস্ফুত আৰু খৰতকীয়া অনৈচ্ছিক প্রক্ৰিয়া

1. খোজ কঢ়াটো এটা ঐচ্ছিক প্রক্ৰিয়াইয়াক নিজৰ ইচ্ছা অনুসৰি নিয়ন্ত্রন কৰিব পাৰি

2. ই স্নায়ুৰজ্জুৰ দ্বাৰা নিয়ন্ত্রিত হয়

2. ই মস্তিষ্কৰ নিম্নভাগৰ দ্বাৰা নিয়ন্ত্রিত হয়

 

2. দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা চাইনেপ্‌ছত কি ঘটে?

উত্তৰঃ কোনো এটা প্রানীৰ দেহত নিউৰনবোৰ এটাৰ মূৰত আনটো লাগি থাকে আৰু ইয়াৰ দ্বাৰা প্রানীৰ দেহত প্রতিক্ৰিয়াবোৰ পৰিচালিত হয় নিউৰনবোৰ সংযোগ হৈ নাথাকে দুটা নিউৰনৰ মাজত একেবাৰে অকনমান ফাঁক থাকে ইয়াক ছাইনেপছ বুলি কোৱা হয় এক্সনৰ প্রান্তীয় শাখাত বৈদ্যুতিক প্রেৰনাৰ পৰা কিছুমান ৰাসায়নিক পদাৰ্থ মুক্ত হয় এই ৰাসায়নিক পদাৰ্থবোৰ এটা স্নায়ুকোষৰ এক্সন আৰু ইয়াৰ নিকটরৰ্তি কোষৰ ডেনড্রাইটৰ মাজৰ সংযোগী পথ বা ছাইনেপছৰ মাজেদি পাৰ হৈ আনটো স্নায়ুকোষলৈ প্রেৰিত হয়

3. মগজুৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়?                          উত্তৰঃ চেৰিবেলাম অংশই ।

 

4. আমি ধূপকাঠিৰ গোন্ধ কেনেকৈ লওঁ?

উত্তৰঃ আমাৰ দেহত কিছুমান সংবেদি বা সংজ্ঞাবাহি স্নায়ুকোষ থাকে।এইবোৰ স্নায়ুরে গ্রাহক ইন্দ্রিয়ৰ পৰা কেন্দ্রীয় স্নায়ুত সংবেদন প্রেৰন কৰে।ইয়াৰ দ্বাৰা আমি ধুপকাঠিৰ গোন্ধ ধৰিব পাৰো।

 5. প্রতীপ ক্ৰিয়াত মগজুৰ ভূমিকা কি?

উত্তৰঃ প্রতীপ ক্ৰিয়াত সাধাৰণতে মস্তিষ্ক জড়িত নহয় আৰু উদ্দীপকৰ প্ৰতি অতি সোনকালে সঁহাৰি দিবৰ বাবে এই কাৰ্যস্নায়ুজ্জুব দ্বাৰাই সম্পন্ন হয়। তথাপিও এই বার্তা মস্তিষ্ক পায়গৈ, 'ত উক্ত বাৰ্তাৰ বিষয়ে বিশ্লেষণ কৰা হয়।

6.  উদ্ভিদৰ সঞ্জীৱনী পদার্থ  বিলাক কি কি?

উত্তৰঃ উদ্ভিদৰ সঞ্জীৱনী পদার্থ  বিলাক হ-অক্সিন, জিব্বাৰেলিন, ছাইট'কাইনিন, এবছিছিক এছিড

 

7.  নিলাজী বনৰ পাতৰ চলন পৰিঘটনাটো আৰু কাণ্ডৰ কুমলীয়া আগৰ পোহৰৰ দিশত গতি কৰা পৰিঘটনাটোৰ মাজত কি পার্থক্য আছে?

উত্তৰ : উদ্ভিদৰ কাণ্ডই পোহৰৰ দিশত গতি কৰে, এইটো এটা ট্রপিক চলন। এই চলন মন্থৰ গতিত হয় আৰু এই কাৰ্যৰ ফলত উদ্ভিদৰ বৃদ্ধি হয়। আনহাতে নিলাজী বনৰ পাতৰ চলন হয় উদ্ভিদ জোপাক স্পৰ্শ কৰাৰ বাবে। এই চলন হল নেষ্টিক প্ৰকাৰৰ।পাতৰ এই চলনৰ লগত উদ্ভিদৰ বৃদ্ধিৰ কোনো সম্পর্ক নাই, কিন্তু পাতকোষত পানীৰ পৰিমাণৰ পৰিবৰ্তনৰ ফলত ৰসস্ফীতি চাপৰ পৰিবৰ্তন হয় আৰু যাৰ ফলত পাতৰ কোষৰ আকৃতির পরিবর্তন ঘটে আৰু নিলাজী বনব পাতৰ চলন ঘটে।

 

8. উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থৰ উদাহৰণ দিয়া।

উত্তৰ : উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা সঞ্জীৱনী পদাৰ্থ হ'অক্সিন।

 

9. কোনো এক আধাৰত চাৰিওপাশে আকৰ্ষৰ বৃদ্ধিত অক্সিনে কেনেকৈ সহায় কৰে?

উত্তৰ : কোনো এক আধাৰৰ চাৰিওফালে হোৱা আকর্ষ চলন অক্সিন হৰম'নৰ বাবে হয়। যেতিয়া আকৰ্ষৰ শীৰ্ষ কোনো আধাৰৰ কাষ চাপে তেতিয়াই আকৰ্ষৰ শীৰ্ষত যথেষ্ট অক্সিনৰ সংশ্লেষণ হয় আৰু আধাৰৰ কাষত থকা আকর্ষলৈ ব্যাপিত হয়, যাৰ ফলত আকর্ষডালে আধাৰৰ চাৰিওফালে ভাজ খাই লাগি ধৰে।

 

10. জলানুবেগী (Hydrotropism) ৰ পৰীক্ষা মূলক আৰ্হি এটা প্ৰস্তুত কৰা?

উত্তৰ : পৰীক্ষাটোৰ বাবে এখন চালনীত কিছু সেমেকা কাঠৰ গুড়ি লৈ কেইটামান বুটমাহৰ বীজ ৰখা হল। কিছুদিন পিছত লক্ষ্য কৰিলে দেখা যায় যে বুট মাহৰ বীজবোৰ অঙ্কুৰিত হৈছে আৰু প্ৰতিটো বীজৰ পৰা ভ্রূণমূলবোৰ চালনীৰ বিন্ধাৰ মাজেৰে বাহিৰলৈ ওলাই আহিছে। ইয়াৰ কাৰণ হ'ল মূলবোৰ অভিগ ভূকেন্দ্রাবেগী। পিছত ওলাই অহা ভ্রূণমূলবোৰ পানীৰ বাবে বেকা হৈ পুনৰ চালনীৰ বিন্ধাৰ মাজেৰে আহি সেমেকা কাঠৰ গুড়িত প্রবেশ কৰে। পৰীক্ষাটোৱে এইটোৱে প্রমাণ করে যে মূলৰ চলন অংগ জলাবেগী।

 

 11. আয়ঁডিনপুষ্ট লৱণ খোৱাটো কিয় আৱশ্যক?

উত্তৰ : আমাৰ শৰীৰত থাইৰয়ড গ্ৰন্থিৰ পৰা নিঃসৰণ হোৱা এবিধ অতিকে গুৰুত্বপূৰ্ণ হৰম'ন হল থাইৰক্সিন। এইবিধ হৰম'নৰ সংশ্লেষণৰ বাবে আয়ডিনৰ আৱশ্যক হয়। আয়ডিনৰ পৰিমাণ কমি গ'লে এই হৰম'ন সংশ্লেষণত বাধা হব পাৰে, তেতিয়া আমাৰ শৰীৰত প্ৰটিন, কাৰ্বহাইড্ৰেট, স্নেহ পদাৰ্থ ইত্যাদিৰ বিপাকত অসুবিধা সৃষ্টি হয় আৰু তেজত থাইৰ'ক্সিনৰ পৰিমাণ হ্রাস পালে গৰল ৰোগ হব পাৰে, যাৰ বাবে আয়ডিন  গুৰুত্বপূর্ণ । এই আয়ডিনৰ এবিধ উৎস হল আয়ডিনপুষ্ট লৱণ।

 

12. আমাৰ দেহৰ তেজত এড্রিনেলিনৰ নিঃসৰণ ঘটিলে দেহত কেনে প্রতিক্রিয়া হয়?

উত্তৰ : এড্রিনেলিনক আকস্মিক হৰম'ন বুলিও কোৱা হয়। এই হৰম'ন অধিবৃক্কীয় গ্ৰন্থিৰ পৰা নিঃসৰণ হয়। যেতিয়া কোনো ব্যক্তিৰ মানসিক চাপ বৃদ্ধি পায় বা খং উঠে তেতিয়া অধিবৃক্কীয় গ্ৰন্থিৰ পৰা যথেষ্ট পৰিমাণৰ এড্রিনেলিন নিঃসৰণ হয় তেতিয়াই হৃদস্পণ্ডন আৰু শ্বসনৰ হাৰ বৃদ্ধি পায়। লগে লগে ৰক্তচাপ বৃদ্ধি হয় আৰু শৰীৰত ঘটা আকস্মিক ঘটনাৰ বাবে শৰীৰক প্ৰস্তুত কৰি তোলে।

 

13. কিছুমান ডায়েবেটিচ ৰোগীক ইনচুলিনৰ বেজী দিয়া হয় কিয় ?

উত্তৰ : ডায়েবেটিছ বা মধুমেহ ৰোগত আক্ৰান্ত ৰোগীক ইনছুলিন বেজী দিয়া হয়। এই ৰোগত মানুহৰ তেজত গ্লুক'জৰ পৰিমাণ বৃদ্ধি পায়, অর্থাৎ গ্লুক'জৰ সম্পূৰ্ণ বিপাক নঘটে। গ্লুকজৰ বিপাকত ইনছুলিন হৰমনে সহায় কৰে। ইনছুলিন হৰম'নৰ ক্ষৰণ কমি গ'লে গ্লুকজৰ সম্পূৰ্ণ ব্যৱহাৰ নহয়, সেয়েহে গ্লুক'জৰ বিপাক বঢ়াবৰ বাবে ৰোগীৰ শৰীৰত ইনচুলিনব বেজী দিয়া হয় ।

No comments:

Post a Comment

CHEPTER-12 বিদ্যুৎ (Electricity) পাঠটোৰ অনুশীলনীৰ প্রশ্নসমূহৰ উত্তৰ

  অনুশীলনী 1. R ৰোধৰ এডাল তাঁৰ পাঁচটা সমান ভাগলৈ বিভক্ত কৰা হ ' ল। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ ' ল। যদি সজ্জাটোৰ সমতূল্য ৰ...