অধ্যায়-4
কাৰ্বন আৰু তাৰ যৌগ
CARBON AND ITS COMPOUND
পাঠভিত্তিক প্রশ্নাৱলীৰ উত্তৰ
1. কাৰ্বন ডাই অক্সাইডৰ(CO2)ৰ ইলেক্ট্রন বিন্দুৰ গঠন কি হ’ব ?
উত্তৰঃ CO2ৰ ইলেক্ট্রন বিন্দুৰ গঠন হ’ব-
উত্তৰঃ
ছালফাৰৰ আণবিক সূত্ৰ হৈছে S8। S8 ৰ ইলেক্ট্রন
ফুটৰ চিত্ৰ হৈছে-
উত্তৰঃ
উত্তৰঃ
(i)কেটিনেচন : কাৰ্বনে নিজৰ মাজতে বান্ধনি সৃষ্টি কৰি বৃহৎ
সংখ্যক অনু গঠন কৰিব পাৰে।এই ধৰ্মকে
কেটিনেচন বুলি কোরা হয়।
(ii) কাৰ্বনৰ চতুৰ্যোজ্যতা : কাৰ্বনে হাইড্ৰ'জেনৰ উপৰি অক্সিজেন নাইট্ৰজেন, ছালফাৰ, হেল’জেন আৰু আন কাৰ্বন পৰমাণুৰ সৈতে একবন্ধনী দ্বিবন্ধনী আৰু ত্ৰিবন্ধনীৰ সৃষ্টি কৰে। কাৰ্বনৰ দ্বাৰা গঠিত সকলোবোৰ যৌগত কাৰ্বনৰ সদায় চতুর্যোজ্যতা প্রদর্শন হয়। ফলস্বৰূপে কাৰ্বনৰ যৌগ অসংখ্য হয়গৈ।
উত্তৰঃ
চাইক্ল’পেন্টেনৰ সংকেত হৈছে C5H10
ইয়াৰ ইলেক্ট্রন ফুটৰ চিত্ৰ হৈছে-
6. তলৰ যৌগবোৰৰ গঠন আঁকি দেখুত্তরা ?
(i)
ইথানয়িক এছিড(CH3COOH)
(ii)
ব্র’ম’পেন্টেন(C5H11Br)
(iii)বিউটান’ন
(iv) হেক্সানেল
5.
তলৰ যৌগবোৰৰ নাম লিখা ?
(i)
CH3 –CH2 –Br
উত্তৰঃ ব্রম’ইথেন
(ii)
উত্তৰঃ মিথানেল
(iii)
উত্তৰঃ হেক্সাইন
উত্তৰঃ যদি কোনো
এটা বিক্রিয়কত অক্সিজেন যোগ হয় তেন্তে তাকে জাৰণ বিক্রিয়া বোলা হয়। ইথানলৰ পৰা
ইথানয়িক এচিডৰ পৰিবৰ্তনত এটা অক্সিজেন পৰমাণু যোগ হয়
C2H5OH + Alkaline KMnO4 → CH3COOH
ওপৰৰ বিক্ৰিয়াটো এটা জাৰণ বিক্ৰিয়া
7. লোহা জোৰা দিয়াৰ সময়ত (welding) অক্সিজেন আৰু ইথাইন দহন কৰা হয়। ইথাইনৰ
লগত বায়ু কিয় ব্যৱহাৰ কৰা নহয় ?
উত্তৰঃ ইথাইন এছিডক যেতিয়া বায়ুৰ পৰিবেশত দহন কৰা হয় ক’লা ধোঁৱাৰে সৈতে হালধীয়া পোহৰৰ সৃষ্টি হয়। ইয়াৰ ফলত কম পৰিমাণৰ তাপশক্তিৰ উদ্ভৱ হয়, যিখিনি ৱেল্ডিঙৰ বাবে যথেষ্ট নহয়। কিন্তু যেতিয়া অক্সিজেনৰ পৰিবেশত দহন কৰা হয় তেতিয়া যথেষ্ট পৰিমাণে তাপশক্তিৰে সৈতে নীলা শিখাৰ উৎপত্তি হয়। গতিকে, এই পৰিমাণৰ তাপশক্তি ৱেৰ্ল্ডিঙৰ বাবে যথেষ্ট
8. পৰীক্ষাৰ সহায়ত এলক’হল আৰু কাৰ্বক্সিলিক এছিডৰ মাজৰ প্ৰভেদ কিদৰে দেখুৱাব পাৰি?
উত্তৰঃ ৰাসায়নিকভাবে ইথানল আৰু কার্বক্সিলিক এছিডৰ চিনাক্তকৰণৰ বাবে দুটা পৰীক্ষা আছে
9.
জাৰক দ্রব্য কি?
উত্তৰঃ যিবোৰ পদাৰ্থই বেলেগ পদার্থক
জাৰিত কৰে বা অক্সিজেনৰ পৰমাণু যোগ কৰে তাকেই জাৰক পদার্থ বোলে ৷ জাৰক পদার্থই
নিজে বিজাৰিত হয়। উদাহৰণ স্বৰূপে, ক্ষাৰকীয় KMnO4
দ্ৰবই এলক’হ’লক কাৰ্বক্সিলিক এছিডলৈ জাৰিত
কৰে। গতিকে ক্ষাৰকীয় KMnO4 জাৰক পদার্থ তেনেদৰে আম্লিক K2Cr2
O7 বা গাঢ় HNO3
জাৰক
পদার্থ।
10. অপমাৰ্জক ব্যৱহাৰ কৰি পানী কঠিন হয় নে নহয় ক'ব পাৰিবানে ?
উত্তৰঃ অপমাৰ্জকৰ দ্বাৰা পানীৰ কঠিনতা
নির্ণয় কৰিব নোৱাৰি, কাৰণ অপমাৰ্জকে
কঠিন পানীতো ফেন প্রস্তুত কৰে।
উত্তৰঃ যেতিয়া লেতেৰা কাপোৰ চাবোন পানীত জুবুৰিয়াই থোৱা হয় তেতিয়া মাইচেলিৰ গঠন হয়। এই মাইচেলিয়ে পানী আৰু তৈল পদার্থ দুয়োটাকে আকর্ষণ কৰে। ইয়াৰ ফলত পানীৰ পৃষ্ঠটান হ্রাস পায় আৰু পানীত তেলৰ এটা সুস্থিৰ ইমালছনৰ সৃষ্টি হয়। কাপোৰৰ পৃষ্ঠৰ পৰা মলি আঁতৰোৱাৰ বাবে কাপোৰখন শিল এচলাত থুকুচা বা ব্ৰাছেৰে নাইবা কাপোৰ ধোৱা মেচিনত ভৰাই জোঁকাৰি দিয়া হয়।













No comments:
Post a Comment