1. ইথেন (C2H6) অণু এটাত
(a) 6 টা সহযোজী
বান্ধনি আছে। (b) 7 টা সহযোজী বান্ধনি আছে।
(c) ৪ টা সহযোজী বান্ধনি আছে। (d) 9 টা সহযোজী বান্ধনি আছে।
উত্তৰ : (b) 7 টা সহযোজী বান্ধনি আছে।
2. চাৰিটা কাৰ্বনৰ যৌগ বিউটান'নত থকা কাৰ্য্যকৰী মূলক হ'ল—
(a) কার্বক্সিলিক এছিড (b) এলডিহাইড
(c) কিট'ন (d) এলকহল
উত্তৰ : (c) কিট'ন
3. ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে (বাহিৰত) ক'লা পৰে, কিয়নো—
(a) খাদ্য ভালদৰে নিসিজিল। (b) ইন্ধন সম্পূৰ্ণৰূপে দহন নহয়।
(c) ইন্ধনটো সিক্ত। (d) ইন্ধনটো সম্পূৰ্ণকৈ দহন হয়।
উত্তৰ : (b) ইন্ধন সম্পূৰ্ণৰূপে দহন নহয়।
4. CH3CI ৰ উদাহৰণ লৈ সহযোজী বান্ধনিৰ
স্বৰূপ (nature) ব্যাখ্যা কৰা।
উত্তৰ : কাৰ্বন আৰু ক্লৰিনৰ ইলেকট্রনীয় বিন্যাস হৈছে—
C→ 2.4
Cl → 2.8.7
গতিকে সুষ্ঠিৰ অষ্টকপূৰ্ণ কৰিবৰ বাবে কাৰ্বনক চাৰিটা আৰু
ক্লৰিণক এটা ইলেক্ট্রণৰ প্রয়োজন হয়। সহযোজী বান্ধনি গঠনৰ সময়ত
কাৰ্বনে ইয়াৰ চাৰিটা ইলেকট্রন, তিনিটা হাইড্ৰজেন পৰমাণুৰ তিনিটা ইলেকট্রন আৰু ক্ল’বিন পৰমাণুৰ এটা ইলেক্ট্রণৰ মাজত ভাগ বতৰা হয়।
5. তলত দিয়াবিলাকৰ
ইলেক্ট্রন বিন্দু গঠন লিখা ?
(a) ইথানয়িক এছিড।
(b) H2S
(c)
(d)
6. সমগণীয় শ্রেণী কাক বোলে? উদাহৰণ দি বুজাই লিখা।
উত্তৰ : যি শ্রেণীৰ যৌগত একে কাৰ্যকৰি
মূলক উপস্হিত থাকে সেই শ্রেণীটোক সমগনীয়
শ্রেণী বোলে।
উদাহৰণ স্বৰূপে, এলক’হলৰ শ্ৰেণীটো হৈছে—CH3OH, C2H3OH C3H7OH ইত্যাদি । ইয়াৰ প্ৰত্যেক
পশ্চাদবর্তী সমগণৰ পাৰ্থক্য হৈছে—CH2 বা আণৱিক ভৰ 14u শ্ৰেণীটোত প্ৰত্যেকটো যৌগৰ ৰাসায়নিক
ধৰ্ম একে, কিন্তু
ভৌতিক ধর্ম, যেনে— উতলাংক, গলনাংক, দ্ৰৱণীয়তা ইত্যাদি বেলেগ বেলেগ।
7. ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত
ভিত্তি কৰি ইথানল আৰু ইথানয়িক এছিডৰ পাৰ্থক্য লিখা ৷
উত্তৰ : ইথানল আৰু ইথানয়িক এছিডৰ ভৌতিক পার্থক্য হৈছে—
(a) গোন্ধ : ইথানলৰ এটা মিঠা সুগন্ধি আছে, কিন্তু ইথানয়িক এছিডৰ নাক জনজনাই যোৱা গোন্ধ আছে।
(b) উতলাংক: ইথানয়িক এছিডৰ উতলাংক ইথানলতকৈ বেছি।
(c) গলনাংক: ইথানয়িক এছিডৰ গলনাংক ইথানলতকৈ
বেছি।
ইথানল আৰু ইথানয়িক এছিডৰ
ৰাসায়নিক ধর্ম হৈছে—
(a) ইথানয়িক এছিডে ছডিয়াম কার্বনেট বা
ছডিয়াম হাইড্ৰ'জেন কার্বনেটৰ সৈতে বিক্ৰিয়া কৰি CO2 গেছ প্রস্তুত কৰে। অন্যহাতে ইথানলে এই বিক্রিয়া
নেদেখুৱায়।
উত্তৰ : এটা চাবোন অণুৰ দুটা মেৰু থাকে। এটা ধ্রুবীয়, যাক জলস্নেহী বোলে। এই অংশটো পানীৰ অণুৰ সৈতে লগলাগি থাকে, আৰু আনটো অধ্রুবীয়— যাক জলবিকর্ষী বোলে । এই অংশটো বস্তুটোৰ তেলজাতীয় অংশৰ সৈতে লগলাগি থাকে। গতিকে যেতিয়া তৈল পদার্থখিনিত চাবোন ঘঁহি দিয়া হয়, ধ্রুবীয় অংশটো পানীত দ্রবীভূত হয় আৰু অধ্ৰুৱীয় অংশখিনি তেলজাতীয় পদার্থখিনিত দ্রবীভূত হয়। এনেদৰে গোলকীয় আকৃতিৰ এটা আকাৰ ধাৰণ কৰে, য'ত থাকিব পানীৰ অণু, চাবোনৰ অংশ আৰু তেলৰ অংশ। ইয়াকে মাইচেলি বোলে। যিহেতু চাবোনত এলক’হল দ্রবীভূত হয়, গতিকে ইথানলত মাইচেলি গঠন নহয়।
উত্তৰ : ইয়াৰ
দুটা কাৰণ হৈছে–
(i) কাৰ্বনৰ যিকোনো বহুৰূপতাক যেতিয়া অক্সিজেনৰ পৰিবেশত দহন কৰা হয়, তেতিয়া তাপশক্তি পোহৰৰ সৈতে
লগ হৈ কার্বন ডাই-অক্সাইড সৃষ্টি হয়।
উত্তৰ : কঠিন পানীৰ সৈতে পৰিষ্কাৰকৰণৰ পাছত যিখিনি অম্লীয় পদার্থ থাকি যায়
সেইখিনি গেদ (scum) হিচাপে থাকি যায়। আমি জানো যে,
কঠিন পানীত কেলছিয়াম আৰু মেগনেছিয়ামৰ ক্ল'ৰাইড আৰু
ছালফেট লবণ থাকে। যেতিয়া কাপোৰ চাবোনেৰে ধোৱা হয় তেতিয়া চাবোনত থকা ফেটি এছিডৰ
লৱণবোৰ কেলছিয়াম বা মেগনেছিয়াম লৱণৰ ফেটি এছিড হিচাপে অধ্যক্ষেপ পৰে। এই
অধঃক্ষেপখিনিয়ে হৈছে গেদ বা scum।
উত্তৰ : যিহেতু
চাবোনৰ পানী ক্ষাৰকীয় হয় গতিকে এই দ্রবণে ৰঙা লিটমাছ নীলা কৰিব।
12. হাইড্ৰ’জেনেচন মানে কি? ইয়াৰ ঔদ্যোগিক প্রয়োগ লিখা।
উত্তৰ: নিকেল অনুঘটকৰ উপস্থিতিত
অসংপৃক্ত হাইড্ৰ কাৰ্বনত হাইড্ৰজেন যোগ কৰাকে হাইড্ৰ'জেনেচন বুলি কোৱা হয়। হাইড্ৰ'জেনেচন পদ্ধতিক নিকেলৰ উপস্থিতিত
উদ্ভিদজাত তেলক বনস্পতি ঘিউলৈ পৰিবৰ্তিত কৰাত ব্যৱহাৰ হয়। উদ্ভিদজাত তেলত
বহুসংখ্যক অসংপৃক্ত কাৰ্বনৰ পৰমাণু থাকে। যেতিয়া H2 যোগ কৰা যায় তেতিয়া আংশিক
হাইড্ৰ'জেনেচন
সংঘটিত হয় আৰু তেলখিনি গোটা চৰ্বিত পৰিণত হয়।
14. মাখন (butter) আৰু খোৱাতেলৰ (Cooking
oil) মাজত
পাৰ্থক্য দেখুৱাব পৰা এটা পৰীক্ষা বর্ণনা কৰা।
উত্তৰ: মাখন হৈছে সংপৃক্ত হাইড্ৰ'কাৰ্বন, আনহাতে ৰন্ধন তেল হৈছে অসংপৃক্ত
হাইড্ৰ’কাৰ্বন।
গতিকে ৰন্ধন তেলত যেতিয়া কেইটোপালমান ক্ষাৰকীয় KMnO4 দ্ৰবত যোগ কৰা হয়, তেতিয়া দ্ৰবৰ গুলপীয়া বৰণ
নোহোৱা হ’ব। আনহাতে
মাখনে KMnO4·ৰ ৰং সলনি কৰিব নোৱাৰে।
15. চাবোনৰ মলি আঁতৰোৱাৰ প্ৰক্ৰিয়া (cleaning
action) ব্যাখ্যা
কৰা।
উত্তৰ : চাবোন হৈছে ছডিয়াম নাইবা
পটেছিয়াম লৱণৰ দীঘল শৃংখলযুক্ত ফেটি এচিড। ইয়াত দুটা অংশ থাকে। এটা হৈছে
ধ্রুৱীয় বা জলস্নেহী অংশ, যাৰ লগত
পানীৰ অণু সংলগ্ন হৈ থাকে। আনটো অংশ হৈছে অনাধ্ৰুৱীয় বা জলবিকৰ্ষি, যাৰ লগত তৈল পদাৰ্থৰ অংশ সংলগ্ন
হৈ থাকে, ধ্ৰুৱীয়
অংশ পানীত দ্রবীভূত হৈ থাকে আৰু পানী পৃষ্ঠৰফালে ওলাই থাকে। আনহাতে জলবিকর্ষি অংশ
তৈল পদাৰ্থত দ্রবীভূত হৈ থাকে। এনেদৰে গোলকীয় আয়নীয় মাইচেলিৰ সৃষ্টি হয়। ইয়াৰ
ফলত পানীত ইমালছনৰ সৃষ্টি হয়। মাইছেলিয়ে মলি অংশক পানীৰ সৈতে দ্রবীভূত হোৱাত
সহায় কৰে আৰু কাপোৰ আমি পৰিষ্কাৰ কৰি ধুব পাৰো। ইয়েই হৈছে চাবোনৰ মলি আঁতৰোৱাৰ
প্ৰক্ৰিয়া।






No comments:
Post a Comment