1. R ৰোধৰ এডাল তাঁৰ পাঁচটা সমান ভাগলৈ বিভক্ত কৰা হ'ল। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ'ল। যদি সজ্জাটোৰ সমতূল্য ৰোধ R' হয়, তেতিয়া R/R' অনুপাত হ'ব
(a) 1/25 (b) 1 / 5 (c) 5 (d) 25
উত্তৰঃ (d) 25
2. তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে?
(a) I2R (b) IR2 (c) VI (d) V2/R
উত্তৰঃ (b)
IR2
3. এটা বৈদ্যুতিক বাল্বল 220V আৰু 100W চিহ্নিত কৰা আছে যেতিয়া 110V ত ইয়াক ব্যৱহাৰ কৰা হয়,
ই লোৱা ক্ষমতা হ'ব –
(a)
100W (b) 75W (c) 50W (d) 25W
উত্তৰঃ (d)
25W
4. একে পদাৰ্থৰ দুডাল একে দৈৰ্ঘ্যৰ আৰু একে ব্যাসৰ পৰিবাহী তাঁৰ প্ৰথমে শ্রেণীবদ্ধ সজ্জাত আৰু পিছত সমান্তৰাল সজ্জাত এটা বৰ্তনীৰ একেটা বিভৱভেদত সংযোগ কৰা হ'ল। শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জাত সৃষ্টিত সৃষ্টি হোৱা তাপৰ অনুপাত
(a) 1:2 (b) 2:1 (c) 1:4 (d) 4:1
উত্তৰঃ (c) 1:4
5. দুটা বিন্দুৰ মাজৰ বিভৱভেদ জুখিবলৈ বৰ্তনী এটাত ভল্টমিটাৰ কেনেকৈ সংযোগ কৰিবা?
উত্তৰঃ সমান্তৰালভাবে।
7. যেতিয়া এটা অজ্ঞাত ৰোধ 12V ৰ এটা বেটেৰীৰ লগত সংযোগ কৰা হয় তাত 2.5 mA প্রবাহ চালিত হয়। ৰোধকটোৰ ৰোধ উলিওৱা ।
উত্তৰঃ দিয়া আছে,
বিভৱভেদ(V)= 12V
প্রবাহ(I)
= 2.5A = 2.5×10-3A
আমি জানো যে, R= V/I
= 12/2.5×10-3
= 4.8×10-3Ω
8. এটা 9 V বেটাৰীৰ লগত 0.2Ω, 0.3
Ω, 0.4 Ω.0.5Ω আৰু 12Ω, ৰোধক কেইটা শ্রেণীবদ্ধভাৱে সংযোগ
কৰা হৈছে। 12Ω ৰোধৰ
ৰোধকটোৰ মাজেৰে কিমান প্রবাহ চালিত হৈছে?
উত্তৰঃদিয়া আছে,
বিভৱভেদ(V)= 9V
ধৰাহ’ল,
R1=0.2Ω, R2=
0.3 Ω, R3 = 0.4 Ω, R4 = 0.5Ω R5 = 12Ω
গতিকে R = R1+R2+R3+R4+R5
= 0.2 Ω +0.3 Ω +0.4 Ω +0.5 Ω +12 Ω
= 13.4 Ω
12Ω ৰোধৰ ৰোধকটোৰ মাজেৰে চালিত প্রবাহ
I = V/R
=9/13.4
= 0.671A
9. 176Ω ৰ কিমানটা ৰোধক হ'লে 220V ৰ লাইন এটাত 5 A প্রবাহ পোৱা যাব ?
উত্তৰঃ ইয়াত, প্রবাহ I= 5A
বিভবভেদ(V)= 220V
প্রয়োজনীয় ৰোধ R = V/I=
220/5= 44 Ω
প্রতিটো ৰোধকৰ ৰোধ r = 176 Ω
ধৰাহ’ল,সমতুল্য সজ্জাটোত প্রয়োজনীয় ৰোধকৰ সংখ্যা n
গতিকে R = r/n
44 = 176/n
n= 176/44 = 4
10. প্ৰতিটো 6Ω ৰোধৰ তিনিটা ৰোধক কেনেদৰে সংযোগ কৰিলে
সজ্জাটোৰ সমতুল্য বোধ (i) 9Ω আৰু (ii) 2Ω হ'ব?
উত্তৰঃ (i) প্রত্যেক 6 Ω ৰোধৰ তিনিটা ৰোধকৰে পৰা 9 Ω ৰোধ পাবলৈ হ'লে, প্ৰথম দুটা ৰোধ সমান্তৰাল সজ্জাত
সংযোগ কৰি সেই সজ্জাটো তৃতীয়টো ৰোধৰ লগত শ্রেণীবদ্ধভাৱে সংযোগ কৰিব লাগিব।
ধৰাহ’ল R1=6 Ω, R2=6 Ω আৰু
R3=6 Ω
যিহেতু 1/R =1/R1+1/R2
1/R = 1/6+1/6
1/R =2/6
R = 6/2 =3 Ω
আকৌ, R' =
R+R
= 3+6 =9 Ω
(ii) 2 Ω ৰৈধ
পাবলৈ আটাইকেইটা ৰোধক সমান্তৰাল সজ্জাত সংযোগ কৰিব লাগিব
যিহেতু 1/R = 1/R1+1/R2+1/R3
1/R = 1/6+1/6+1/6
1/R = 3/6
R = 6/3
R = 2 Ω
11. বহুকেইটা বৈদ্যুতিক বাল্ব 220 V লাইনত ব্যৱহাৰৰ বাবে তৈয়াৰ কৰা হৈছে আৰু 10 W ৰে চিহ্নিত কৰা হৈছে। যদি চালিত হোৱা সর্বোচ্চ প্রবাহ 5A হয় কিমানটা বাল্ব সমান্তৰালভৱে 220V লাইনৰ লগত সংযোগ কৰিব লাগিব ?
উত্তৰঃ ইয়াত, I=5A আৰু V=220V
আমি জানো যে, P=VI
= 220× 5 = 1100W
বাল্বৰ সংখ্যা= সৰ্বোচ্চ ক্ষমতা/এটা বাল্বৰ ক্ষমতা
= 1100/10
= 110
গতিকে 110টা বাল্ব সমান্তৰালভাবে সংযোগ কৰিব লাগিব।
12. 220 V লাইনৰ লগত সংযোগ কৰা এটা
বৈদ্যুতিক চুলাৰ গৰম ফলিখনৰ দুটা ৰোধ কুণ্ডলী A আৰু B আছে আৰু প্ৰত্যেকৰে ৰোধৰ মান 24Ω, যিকেইটা পৃথকে পৃথকে শ্রেণীবদ্ধভাৱে
আৰু সমান্তৰালভাৱে সংযোগ কৰিব পাৰি। এই তিনিও ক্ষেত্ৰত প্রবাহ কি হ'ব?
উত্তৰঃ দিয়া
আছে, বিভবভেদ V= 220V প্রতিটো
কুন্দলীৰ ৰোধ R= 24 Ω
(i) যেতিয়া
কুন্দলী দুটা পৃথক পৃথককৈ সংযোগ কৰা হয়,তেতিয়া প্রতিটো
কুন্দলীৰ মাজেৰে প্রবাহিত হোৱা প্রবাহ-
I= V/R=220/24=9.16A
(ii) যেতিয়া
কুন্দলী দুটা শ্রেণীবদ্ধ সজ্জাত সংযোগ কৰা হয়,তেতিয়া সিহঁতৰ
সমতুল্য ৰোধ-
R= 24Ω+24Ω = 48Ω
আৰু সংযোগটোৰ মাজেৰে যোৱা প্রবাহ I= V/R =
220/48 = 4.48A
(iii) যেতিয়া
কুন্দলী দুটা সমান্তৰাল সজ্জাত সংযোগ কৰা হয়,তেতিয়া সিহঁতৰ সমতুল্য
ৰোধ-
1/R= 1/24+1/24
1/R = 2/24
R = 24/2 = 12 Ω
আৰু সংযোগটোৰ মাজেৰে যোৱা প্রবাহ I= V/R = 220/12 = 18.33A
13. 2Ω ৰোধক এটাত ব্যৱহৃত ক্ষমতা তলৰ প্ৰতিটো ক্ষেত্ৰতে উলিওৱা—
(i) 1Ω
আৰু 2Ω ৰ দুটা ৰোধক 6V ৰ বেটেৰী এটাৰ লগত
শ্রেণীবদ্ধভাৱে আৰু (ii)
12 Ω আৰু 2
Ω ৰ ৰোধক দুটা 4V ৰ বেটেৰীৰ লগত সমান্তৰালভাৱে সংযোগ কৰিলে।
উত্তৰঃ (i) 1Ω আৰু 2Ω ৰ দুটা ৰোধক শ্রেণীবদ্ধভাৱে সংযোগ কৰিলে সমতুল্য ৰোধৰ মান হ’ব-
R= 1Ω+2Ω = 3Ω
দিয়া
আছে,বিভবভেদ V= 6V
বৰ্তনীটোৰ মাজেৰে চালিত প্রবাহ I= V/R = 6/3 = 2A
গতিকে 2Ω ৰোধযুক্ত ৰোধকৰ ক্ষমতা—
P=I2R = 22×2 = 8W
1/R= 1/12+1/2 = 1+6/12 = 7/12
R = 12/7 = 2Ω
দিয়া আছে,বিভবভেদ V= 4V
গতিকে 2Ω
ৰোধযুক্ত
ৰোধকৰ ক্ষমতা— P = V2/R
= 42/2 = 8W
14. এটা 220 V ত 100 W চিহ্নিত আৰু অন্যটো 220V ত 60W চিহ্নিত দুটা বৈদ্যুতিক চাকি
বৈদ্যুতিক যোগানৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে। যদি যোগান বিভৱ 220V হয়, কিমান প্রবাহ ই ল'ব?
উত্তৰঃ দিয়া
আছে, প্রথম বৈদ্যুতিক চাকিটোৰ বিভৱভেদ V= 220V,ক্ষমতা P = 100W
প্রথম বৈদ্যুতিক চাকিটোৰ ৰোধ R1
= V2/P = 2202/100 = 484Ω
আকৌ দিয়া আছে, অন্যটো বৈদ্যুতিক চাকিৰ বিভৱভেদ V= 220V,ক্ষমতা P = 60W
চাকিটোৰ ৰোধ R2=
V2/P = 2202/60 = 2420/3Ω
যিহেতু বৈদ্যুতিক চাকি দুটা সমান্তৰাল
সজ্জাত সংযোগ কৰা হৈছে। গতিকে সিহঁতৰ সমতুল্য ৰোধ—
1/R =1/R1+1/R2
= 1/484+3/2420
= 5+3/2420
= 8/2420
R = 2420/8 = 605/2
গতিকে বৈদ্যুতিক যোগানৰ
পৰা অহা প্রবাহ-
I =V/R = 220 × 2/605
= 0.73A
15. কোনটোৱে বেছি শক্তি ব্যৱহাৰ কৰিব, এটা 250 W ৰ TV চেট 1 ঘণ্টা চলিলে বা এটা 1200 W ৰ ৰুটিসেকা সঁজুলি 10 মিনিট চলিলে ?
উত্তৰঃ 250w ৰ TV এটাৰ 1 ঘণ্টাত ব্যৱহাৰ হোৱা শক্তি
= (250 বাট) (1 ঘণ্টা)
= 250 বাট ঘণ্টা
= 250×60×60 ৱাট ছেঃ
= 25×36×104 J
=900×104 J
1200w ৰ পাউরুটি সেকা সঁজুলি এটাই 10 মিনিটত ব্যৱহাৰ কৰা শক্তি-
= (1200 ৱাট) × (10 × 60) ছেকেণ্ড
= 12 × 6 × 10 জুল
= 72 × 104 জুল।
গতিকে 250 ৱাটৰ TV টোৱে 1 ঘণ্টাত খৰচ কৰা শক্তি 1200W পাউৰুটি সেকা সঁজুলি এটাই 10 মিনিটত
ব্যৱহাৰ কৰা শক্তিতকৈ বেছি।
16. ব্যাখ্যা কৰা :
(a) বৈদ্যুতিক চাকিত বেছিভাগ টাংষ্টেন
ফিলামেন্ট কিয় ব্যৱহাৰ হয় ?
উত্তৰঃ বৈদ্যুতিক বাল্বৰ ফিলামেন্ট তৈয়াৰ কৰিবলৈ টাংষ্টেন ব্যৱহাৰ কৰাৰ কাৰণ হ'ল টাংষ্টেনৰ গলনাংক অতি উচ্চ আৰু ই উচ্চ উষ্ণতাত পোহৰ বিকিৰণ কৰে।
(b) বিদ্যুত তাপীয় সঁজুলি যেনে— ৰুটি সেকা সঁজুলি আৰু ইস্ত্ৰিৰ
বিশুদ্ধ ধাতুৰ পৰিবৰ্তে সংকধাতু কিয় ব্যৱহাৰ কৰা হয়?
উত্তৰঃসংকৰ ধাতুৰ ৰোধকতা এই ধাতুৰে গঠিত হোৱা মৌলবিলাকতকৈ সাধাৰণতে বেছি হয়। সংকৰ ধাতুবিলাক উচ্চ উষ্ণতাত সোনকালে জাৰিত নহয়। সেই কাৰণেই প্ৰবাহৰ তাপন ক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰি সজা যন্ত্ৰবিলাকত বিশুদ্ধ ধাতু ব্যৱহাৰ নকৰি সংকৰ ধাতু ব্যৱহাৰ কৰা হয়।
(c) ঘৰুৱা বৰ্তনীবিলাকত শ্রেণীবদ্ধ
সজ্জা কিয় ব্যৱহাৰ কৰা নহয় ?
উত্তৰঃ শ্রেণীবদ্ধ বর্তনীত যদি এটা উপাংশ
সঁজুলি বেয়া হয়, তেস্তে
বর্তনীটো ভাঙি যায় আৰু বাকী উপাংশবিলাকেও কাম নকৰা হয়। সেই কাৰণে ঘৰুৱা বৰ্তনীত
শ্রেণীবদ্ধ সজ্জা ব্যৱহাৰ কৰা নহয়।
(d) এডাল পৰিবাহীৰ ৰোধ ইয়াৰ
প্ৰস্থচ্ছেদৰ কালিৰ লগত কিদৰে পৰিবৰ্তন হয়?
উত্তৰঃএডাল তাঁৰৰ ৰোধ (R), তাৰ প্রস্থচ্ছেদৰ কালিৰ (A) ব্যস্তানুপাতিক ।
(e) বৈদ্যুতিক সৰবৰাহৰ বাবে সাধাৰণতে তাম আৰু এলুমিনিয়াম তাঁৰ কিয় ব্যৱহাৰ কৰা হয়?
উত্তৰঃ তাম আৰু এলুমিনিয়ামৰ আপেক্ষিক ৰোধ তেনেই নগণ্য। সেই কাৰণে বিদ্যুৎ সৰবৰাহৰ বাবে তাম আৰু এলুমিনিয়ামৰ তাঁৰ ব্যৱহাৰ কৰা হয়।

No comments:
Post a Comment