Saturday, August 21, 2021

অধ্যায় 3 ধাতু আৰু অধাতু(Metals And Non-Metals) পাঠটোৰ অনুশীলনীৰ প্রশ্ন উত্তৰ


অনুশীলনীৰ উত্তৰ

 


1. তলৰ কোনবোৰ ক্ষেত্ৰত প্ৰতিস্থাপন বিক্রিয়া ঘটিব?

   (a) NaCl ৰ দ্ৰব আৰু কপাৰ ধাতু             (b) MgCl2 ৰ দ্ৰৱ আৰু এলুমিনিয়াম ধাতু    

    (c) FeSO4 ৰ দ্ৰৱ আৰু ছিলভাৰ ধাতু            (d) AgNO3 ৰ দ্ৰব আৰু কপাৰ ধাতু।

উত্তৰঃ (d) AgNO3 ৰ দ্ৰব আৰু কপাৰ ধাতু।

2. লোৰ টাৱা (iron frying pan) এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ'?

(a) গ্ৰীজ ব্যৱহাৰ কৰি                  (b) ৰং ব্যৱহাৰ কৰি

(c) জিংকৰ প্ৰলেপ দি                   (d) ওপৰৰ সকলো

উত্তৰঃ (c) জিংকৰ প্ৰলেপ দি                  

3. এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্ৰৱণীয়। সম্ভৱপৰ মৌলটো

    (a) কেলছিয়াম            (b) কার্বন            (c) ছিলিকন            (d) আইৰন

উত্তৰঃ      (a) কেলছিয়াম            

 

4. খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়; জিংকৰ নহয়। কিয়নো

        (a) টিনতকৈ জিংক দামী                       (b) জিংকৰ গলনাংক টিনতকৈ বেছি

       (c) জিংক টিনতকৈ অধিক সক্রিয়            (d) জিংক টিনতকৈ কম সক্রিয়।

উত্তৰঃ   (c) জিংক টিনতকৈ অধিক সক্রিয়           

 5. তোমাক এটা হাতুৰী, এটা বেটাৰী, অলপ তাৰ আৰু এটা ছুইচ্ছ দিয়া হ'ল৷

(a) এই বস্তুবোৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈ চিনাক্ত কৰিবা?

(b) ধাতু/অধাতুৰ চিনাক্তকৰণত এই পৰীক্ষাবোৰৰ উপযোগিতা মূল্যাঙ্কন কৰা।

 উত্তৰঃ (a) হাতুৰিৰে কোবালে যদি তাঁৰডাল চেপেটা হয় তেন্তে ধাতু হব।আনহাতে যদি তাঁৰডাল ভাঙি যায় তেন্তে ই অধাতু হব।

      আকৌ বেটাৰি,তাঁৰ,চুইচ আৰু বাল্বৰ সহায়ত এটা বৰ্তনি সজা হল।বৰ্তনিটোৰ চুইচ অন কৰিলে যদি বাল্বটো জ্বলি উঠে তেনেহলে তাঁৰডাল ধাতু হব অন্যথা ই আধাতু।

(b) ঘাটসহনীয়তা ধৰ্মৰ বাবে লোৰ টুকুৰা এটা হাতুৰাৰে কোবাই পাতল পাত এচটা বনাব পাৰি। ইয়াক টিনপাত, বাকচৰ পৃষ্ঠা, বাল্টি, অন্যান্য পাত্র আদি তৈয়াৰ কৰিবৰ বাবে ব্যৱহাৰ হয়। অধাতুৰ এই ধর্ম নাই।

 ধাতুবোৰ বিদ্যুতৰ সুপৰিবাহী হোৱা বাবে ইয়াক বৈদ্যুতিক তাঁৰ তৈয়াৰ কৰাত ব্যৱহাৰ হয়। যেনেকপাৰ বা এলুমিনিয়ামৰ তাৰক বৈদ্যুতিক বর্তনী তৈয়াৰ কৰাত ব্যৱহাৰ হয়। অধাতুসমূহ কু-পৰিবাহী।

 6. উভধর্মী অক্সাইড কাক বোলে? দুটা উভধর্মী অক্সাইডৰ উদাহৰণ দিয়া।

 উত্তৰঃ যিবোৰ অক্সাইডে অম্ল আৰু ক্ষাৰ দুয়োৰে সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে তাকেই উভধর্মী অক্সাইড বোলে।

উদাহৰণ স্বৰুপে

    Al2O3  +  6HCl    2AlCl3  +  3H2O

    Al2O3  +  2NaOH   2NaAlCO2  +  H2O

    ZnO  +  2HCl   ZnCl2  +  H2O

    ZnO  +  2NaOH   Na2ZnO2  +  H2O

 

8. M ধাতুৰ বৈদ্যুতিক শোধনৰ বেলিকা এন, কেথড আৰু বিদ্যুৎবিশ্লেষ্য কি লব লাগিব ?

 

উত্তৰঃ অশুদ্ধ M ৰ দণ্ডক এনড হিচাপে আৰু বিশুদ্ধ Mৰ দণ্ডক কেথড হিচাপে লোৱা হয়। M ৰ যিকোনো লৱণৰ দ্ৰব বিদ্যুৎবিশ্লেষ্য হিচাপে লোৱা হয়।

 

9. প্রত্যুষে সৰু চামুচ এখনত ছালফাৰ গুড়ি লৈ উত্তাপিত কৰিলে। উদ্ভৱ হোৱা গেছটো তেওঁ কাষৰ চিত্ৰত দেখুওৱা ধৰণে এটা পৰীক্ষানলী ওভোটাকৈ ধৰি সংগ্ৰহ কৰিলে।

(a) (i) শুষ্ক লিটমাচ কাগজৰ লগত (ii) সিক্ত লিটমাচ কাগজৰ লগত গেছটোৰ বিক্রিয়া কেনে হ?

(b) ইয়াত বিক্ৰিয়াটোৰ সন্তুলিত সমীকৰণ লিখা।

                  

 (a) (i) শুকান লিটমাচৰ ওপৰত গেছটোৰ কোনো ক্রিয়া নহয়।

      (ii)  সিক্ত নীলা লিটমাচ পেপাৰ ৰঙা হব।

(b) সন্তুলিত সমীকৰণ হ

   S + O2 → SO2

  SO2 + H2O → H2SO3

 10. লোত মামৰ ধৰা ৰোধ কৰিবলৈ দুটা উপায় বর্ণনা কৰা।

 

উত্তৰঃ লোত মামৰে ধৰা ৰোধ কৰা পদ্ধতি দুটা হৈছে

(i) দস্তালেপন : এই পদ্ধতিত লোৰে তৈয়াৰী বস্তুৰ ওপৰত গলিত জিংকৰ এটা প্রলেপ দিয়া হয়।যাৰ ফলত বায়ু আৰু জলীয় বাষ্পই প্রত্যক্ষভাৱে লোৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰে। গতিকে লোত সহজে মামৰ নেলাগে।

(ii) সংকৰণ : যেতিয়া লো এটুকুৰা ক্রমিয়াম আৰু নিকেলৰ সৈতে সংকৰিত কৰা হয় তেতিয়া নিষ্কলংক তীখা প্রস্তুত হয়। ইয়াৰ বাবে লোৰ বস্তুবোৰ সহজে অৱক্ষয় নহয় আৰু মামৰ নালাগে।

 

11.  অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতুবিলাকে কেনে অক্সাইড উৎপন্ন কৰে?

 

উত্তৰঃ অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতুবিলাকে আম্লিক অক্সাইড উৎপন্ন কৰে।

12. কাৰণ দর্শোরা-

 (a) গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গল্ড আৰু ছিলভাৰ ব্যৱহাৰ কৰা হয়।

(b) 'ডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয়।

 (c)  এলুমিনিয়াম যথেষ্ট সক্রিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যবহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

 (d) ধাতু নিষ্কাশনৰ সময়ত কাৰ্বনেট আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয়।


উত্তৰঃ  (a) প্লেটিনাম, গল্ড,ছিলভাৰ আদিবোৰ নিষ্ক্রিয় ধাতু। সেয়ে জলীয় বাষ্প আৰু বায়ুৰ দ্বাৰা সহজে প্রভাৱান্বিত নহয়। এই ধাতুবোৰ ঘাটসহনীয় আৰু নমনীয়। গতিকে এইবোৰ ধাতুক যিকোনো আকৃতিলৈ পৰিৱৰ্তন কৰিব পাৰি।

(b) ডিয়াম, পটেছিয়াম আৰু লিথিয়াম ধাতুবোৰ অতি সক্রিয়।এই ধাতুবোৰে অক্সিজেনৰ লগত ইমান প্রবণতাৰে বিক্ৰিয়া কৰে যে মুক্ত বায়ুত বিক্ৰিয়া ঘটিলে জুই জ্বলি উঠে।দুৰ্ঘটনা ৰোধ কৰিবলৈ ইহঁতক কেৰাচিন তেলত ডুবাই ৰখা হয়।

(c) এলুমিনিয়াম ধাতু অতি শক্তিশালী, সস্তীয়া আৰু তাপৰ সুপৰিবাহী। অন্যহাতে এলুমিনিয়ামে বায়ুত থকা , গেছৰ সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম পাত্ৰটোৰ পৃষ্ঠত এলুমিনিয়াম অক্সাইডৰ  এটা পাতল প্রলেপৰ সৃষ্টি কৰে। এই অক্সাইডৰ তৰপে এলুমিনিয়ামক অতিৰিক্ত অৱক্ষয়ৰ পৰা ৰক্ষা কৰে।

(d) সক্রিয়তা শ্ৰেণীৰ মাজভাগত থকা ধাতু যেনে আইৰণ, জিংক, লেড, কপাৰবোৰ মজলীয়াভাৱে সক্রিয়প্রকৃতিত এই ধাতুবোৰ ছালফাইড বা কার্বনেট আকৰিক ৰূপত পোৱা যায়। ছালফাইড আৰু কাৰ্বনেট আকৰৰ তুলনাত অক্সাইড আকৰৰ পৰা ধাতু নিষ্কাশন সহজ৷ সেইকাৰণে বিজাৰণ কৰাৰ আগেয়ে ধাতৱ ছালফাইড আৰু কার্বনেট আকৰ ধাতৱ অক্সাইডলৈ পৰিৱৰ্তিত কৰা হয়।

 

13 চেকা লগা কপাৰৰ পাত্র নেমু বা তেতেলী (tamarind) ৰসেৰে পৰিষ্কাৰ কৰা দেখিছানে? পাত্ৰবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙাজাতীয় বস্তু কিয় ব্যৱহাৰ কৰে?

 

উত্তৰঃ  কপাৰৰ পাত্ৰৰ ওপৰত চেকা লগাৰ কাৰণ হৈছে ইয়াৰ ওপৰত কপাৰ অক্সাইডৰ এটা পাতল প্রলেপ পৰে। কপাৰ অক্সাইডৰ প্রকৃতি হৈছে ক্ষাৰকীয়। আনহাতে কেতিয়াবা কপাৰৰ পাত্ৰৰ বৰণ সেউজীয়া হোৱাৰ কাৰণ হৈছেবেছিকৈ কপাৰ কাৰ্বনেটৰ এটা প্ৰলেপ সৃষ্টি হোৱা। নেমুটেঙাৰ ৰস হৈছে আম্লিক। যেতিয়া নেমুটেঙাৰে কপাৰৰ বাচন ধোৱা হয়, তেতিয়া  কপাৰ কাৰ্বনেট অথবা কপাৰ অক্সাইডে নেমুটেঙাত থকা চাইট্রিক এছিডৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে, যাক পানীৰে ধুই গুচাই দিয়া হয়। ইয়াৰ ফলত কপাৰৰ পাত্ৰটো আগৰ দৰে চিকচিকিয়া হৈ উঠে।

 

14. ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা।

 

উত্তৰঃ ধাতু আৰু অধাতুৰ ৰাসায়নিক পার্থক্য হৈছে

 

ধাতু

অধাতু

1. ধাতুসমূহে ধনাত্মক আধান সৃষ্টি কৰে

1. অধাতুৱে ঋণাত্মক আধানৰ সৃষ্টি কৰে।

2. সক্রিয় ধাতুসমূহে পানীৰ সৈতে বিক্রিয়া কবি হাইড্ৰ'জেন গেছ সৃষ্টি কৰে

2. অধাতুসমূহে পানীৰ সৈতে বিক্রিয়া নকৰে।

 

3. ধাতুসমূহে এছিডৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰ'জেন গেছ উৎপন্ন কৰে

3. অধাতুসমূহে এছিডৰ সৈতে বিক্রিয়া নকৰে।

4. ধাতুসমূহ জাৰিত হৈ ধনাত্মক আধান প্রস্ত্তত কৰে

4. অধাতুসমুহ বিজাৰিত হৈ ঋণাত্মক আধান

প্রস্তুত কৰে।

 

 

No comments:

Post a Comment

CHEPTER-12 বিদ্যুৎ (Electricity) পাঠটোৰ অনুশীলনীৰ প্রশ্নসমূহৰ উত্তৰ

  অনুশীলনী 1. R ৰোধৰ এডাল তাঁৰ পাঁচটা সমান ভাগলৈ বিভক্ত কৰা হ ' ল। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ ' ল। যদি সজ্জাটোৰ সমতূল্য ৰ...