অনুশীলনীৰ প্রশ্ন উত্তৰ
1. মানুহৰ বৃক্ক দুটা কোনটো তন্ত্রৰ অংশ
–
(a) পৰিপুষ্টি (b) শ্বসন (c) ৰেচন (d) পৰিবহন
উত্তৰঃ (c) ৰেচন
2. উদ্ভিদৰ দেহত জাইলেমৰ কাম হ'ল—
(a) পানীৰ পৰিবহন (b) খাদ্যৰ পৰিবহন (c) এমিন’ এছিডৰ পৰিবহন (d) অক্সিজেনৰ পৰিবহন
উত্তৰঃ (a) পানীৰ
পৰিবহন
3. স্বপোষীয় পৰিপুষ্টিত প্রয়োজন
হয়—
(a) কার্বন ডাই
অক্সাইড আৰু পানী
(b) পত্ৰহৰিৎ (c) সূৰ্যৰ পোহৰ (d) ওপৰৰ আটাইকেইটা
উত্তৰঃ (d) ওপৰৰ
আটাইকেইটা
4. পাইকভেট অণু ভাঙি কার্বনডাই
অক্সাইড, পানী আৰু
শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয়—
(a) চাইট’প্লাজমত (b) মাইট'কন্ড্রিয়াত (c) ক্ল'ৰপ্লাষ্টত (d) কোষকেন্দ্ৰত
উত্তৰঃ আমি
খোরা খাদ্যবস্ত্ত মুখ গহ্বৰৰ বেৰৰ পৰা নিঃসৰন হোরা পাচক ৰসে তিয়াই পিচল কৰি ৰাখে। আমি যেতিয়া আহাৰ খাওঁ তেতিয়া
আমাৰ মুখ
গহ্বৰত থকা পানীৰ লগতে মুখগহ্বৰৰ বেৰত থকা লালটি গ্ৰন্থিয়ে নিঃসৰণ কৰা লালটিৰ লগত
খাদ্য মিহলি হয়। আমি জানো যে আমি খোৱা আহাৰ অতি জটিল প্ৰকৃতিৰ। এই জটিল প্ৰকৃতিৰ
আহাৰ পাচন নলীত পাচন হ'বলৈ হ'লে জটিল আহাৰ সৰল অৱস্থালৈ
পৰিৱৰ্তন কৰাটো প্রয়োজন। কিছুমান জৈৱ অনুঘটকৰ সহায়ত এই জটিল আহাৰক সৰলীকৰণ কৰা
হয়। এনে জৈৱ অনুঘটক (biocatalyst) বিলাকক উৎসেচক (enzyme) বুলি কোৱা হয়। লালটিত থকা এনে
এবিধ উৎসেচক হ’ল লালটি
এমাইলেজ। ইয়াৰ সহায়ত মুখ গহ্বৰত খাদ্যৰ শ্বেতসাৰ অংশ ভাঙি সৰল চেনিলৈ পৰিবৰ্তিত হয়।
6. স্বপোষীত পুষ্টিৰ কাৰণে কি কি
কাৰকৰ প্ৰয়োজন ? ইয়াৰ
উপজাত পদাৰ্থবোৰ কি কি?
উত্তৰঃ স্ব-পোষিত পুষ্টিৰ বাবে প্ৰয়োজনীয় কাৰকসমূহ হ'ল—
(i) সূৰ্য্যৰ পোহৰ, (ii) ক্লৰ'ফিল, (iii) কার্বন ডাই অক্সাইড, (iv) পানী
স্ব-পোষিত পুষ্টিৰ উপজাত পদাৰ্থ হ'ল অক্সিজেন।
7. সবাত আৰু অবাত শ্বসনৰ মাজত পার্থক্য কি কি? সবাত আৰু অবাত শ্বসন সম্পাদন কৰা প্ৰাণীৰ নাম লিখা।
|
সবাত শ্বসন |
অবাত শ্বসন |
|
1. মুক্ত অক্সিজেনৰ উপস্হিতিত সংঘটিত হয় |
1. মুক্ত অক্সিজেনৰ অনুপস্হিতিত সংঘটিত হয় |
|
2. Glucose
সম্পুৰ্নৰূপে জাৰিত হৈ শক্তিৰ লগতে CO2 আৰু পানী উৎপন্ন হয়। |
2. . Glucoseৰ অসম্পুৰ্ন জাৰন হয় আৰু শক্তিৰ লগতে ইথাইল এলক’হল,CO2 আৰু লেকটিক এচিড উৎপন্ন হয়। |
|
3. মাইট,কন্ড্রিয়াৰ ভিতৰত হয়। |
3. মাইট,কন্ড্রিয়াৰ বাহিৰত হয়। |
8. প্ৰচুৰ পৰিমাণৰ গেছ বিনিময় কৰিব
পৰাকৈ বায়ুকোষবিলাক কেনেকৈ গঠিত হৈছে?
উত্তৰঃ
হাওঁফাওঁৰ বায়ুকোষবোৰ অতি পাতল কোষাৱৰণৰে গঠিত। আৰু কোষাৱৰণ সেমেকা
হৈ থাকে, যাৰ বাবে
সহজে গেছৰ ব্যাপন হ'ব পাৰে।
বায়ুকোষৰ ক্ষেত্ৰকালি বেছি হোৱা বাবে বায়ুকোষৰ আৱৰণৰ মাজেৰে যথেষ্ট গেছৰ বিনিময়
ঘটিব পাৰে।
9. আমাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি
গ'লে কি হ'ব?
উত্তৰঃ
কোষীয় শ্বসনত গ্লুক'জৰ জাৰণৰ বাবে অক্সিজেনৰ আৱশ্যক
হয়। অক্সিজেনৰ উপস্থিতিত গ্লুক 'জৰ জাৰণ ঘটি শক্তিৰ উৎপাদন হয়। যদি প্রয়োজনীয় অক্সিজেন
শৰীৰত নাথাকে তেনেহ'লে গ্লুক'জৰ জাৰণ বাধাপ্রাপ্ত হ'ব আৰু শক্তিৰ সৃষ্টি নহ'ব, যাৰ ফলত শৰীৰত ঘটা বিপাকীয় কার্য
বাধাপ্রাপ্ত হ'ব।
10. মানুহৰ দেহত সংঘটিত দ্বৈত ৰক্ত
সংবহন তন্ত্ৰটো বর্ণনা কৰা। ইয়াৰ প্ৰয়োজন কি?
উত্তৰঃ আমাৰ শৰীৰত তেজ দুটা গতি পথত পৰিবহন ঘটে। ইয়াৰে এটাক ক্লোমীয় পরিবহন বোলে। য'ত হৃদপিণ্ডৰ পৰা অক্সিজেনবিহীন তেজ হাওঁফাওঁত প্রবেশ কৰে আৰু হাওঁফাওঁৰ পৰা অক্সিজেন যুক্ত তেজ পুনৰ হৃদযন্ত্ৰত প্ৰবেশ কৰে আনটো পৰিবহনত অক্সিজেনযুক্ত তেজ হৃদপিণ্ডৰ পৰা ওলাই শৰীৰৰ বিভিন্ন স্থানলৈ গতি কৰে আৰু শৰীৰৰ পৰা অক্সিজেন বিহীন তেজ পুনৰ হৃদযন্ত্ৰত প্ৰৱেশ কৰে। তেজৰ এই পৰিবহনক চিষ্টেমিক পৰিবহন বোলে। তেজৰ এই দুই প্ৰকাৰৰ পৰিবহনক দ্বৈত ৰক্ত সংবহন তন্ত্র বোলে।
11. জাইলেম আৰু ফ্ল’ৱেম দ্ৰব্যৰ পৰিবহনৰ পাৰ্থক্যবোৰ কি কি?
উত্তৰঃ জাইলেম আৰু ফ্লোৱেম হ'ল উদ্ভিদৰ সংবহন কলা। জাইলেম কলাৰ দ্বাৰাই উদ্ভিদে মাটিৰ পৰা শোষণ কৰা পানী আৰু খনিজ লৱণ উদ্ভিদৰ সকলো স্থানলৈ পৰিবাহিত কৰে। আনহাতে ফ্ল’ৱেমে, সালোক সংশ্লেষণ প্রক্রিয়াত সংশ্লেষিত খাদ্য উদ্ভিদৰ পাতৰ পৰা উর্ধ্বমুখী, অধঃমুখী আৰু পার্শ্বীয় এই তিনিও দিশত পৰিবাহিত হয়।
No comments:
Post a Comment