Tuesday, October 26, 2021

অধ্যায়- 6 জীরন প্রক্ৰিয়া(Life Processes) পাঠাভত্তিক প্রশ্নাৱলীৰ উত্তৰ

                                                                


CHEPTER - 6

জীরন প্রক্ৰিয়া(Life Processes)

 

পাঠাভত্তিক প্রশ্নাৱলীৰ উত্তৰ

 

1. মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাতো কিয় পর্যাপ্ত নহয় ?

উত্তৰঃ মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ দেহৰ বাহিৰৰ আৱৰণখন বাহ্যিক পৰিবেশৰ সংস্পৰ্শত থাকে। কিন্তু আভ্যন্তৰীণ কোষ বা অন্যান্য কোষসমূহ প্রত্যক্ষভাৱে বাহ্যিক পৰিবেশৰ সংস্পৰ্শত নাথাকে।ফলত দেহৰ বাবে আৱশ্যকীয় অক্সিজেনৰ চাহিদা পূৰন নহয়  সেইবাবে ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰা অক্সিজেন পর্যাপ্ত নহয়।

 

2. আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীবিত নে মৃত তাক ঠাৱৰ কৰিম?

উত্তৰঃ যিবোৰ জীৱৰ ক্ষেত্ৰত তলত দিয়া বৈশিষ্ট্যসমূহ দেখিবলৈ পোৱা যায়, তেনে জীৱকে জীৱিত জীৱ বুলি ক'ব পাৰি

(1) জীৱিত জীৱৰ বৃদ্ধি আৰু বিকাশ হয়।

 (2) জীৱিত জীৱই নিজৰ শৰীৰৰ ধ্বংস বা আঘাতপ্রাপ্ত কোষৰ পুনৰাই সৃষ্টি কৰিব পাৰে।

 (3) জীবিত জীৱই উদ্দীপনাৰ সংবেদনতা গ্ৰহণ কৰিব পাৰে।

 (4) জীৱিত জীৱই প্ৰজনন ঘটাব পাৰে আৰু নিজৰ বংশ বৃদ্ধি ৰক্ষা কৰিব পাৰে৷

 ওপৰৰ বৈশিষ্টসমূহ মৃত জীৱৰ ক্ষেত্ৰত দেখিবলৈ পোৱা নাযায়।

 

 3. জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্রী সিহঁতে বাহিৰৰ পৰিবেশৰ পৰা আহৰণ কৰি লয়?

উত্তৰঃ জীৱই বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰা কেঁচা সামগ্ৰীসমূহ হ'

   স্ব-পোষী উদ্ভিদৰ বাবে প্ৰয়োজনীয় দ্ৰৱ্যসমূহ কার্বনডাই অক্সাইড, পানী আৰু খনিজ পুষ্টি।পৰপোষিত জীৱৰ বাবে আৱশ্যকীয় দ্ৰৱ্যজৈৱ পুষ্টি। শ্বসনৰ বাবে অক্সিজেনৰ আৱশ্যক হয়

 

4. জীৱৰ জীৱন বৰ্তি থাকিবলৈ তুমি কোনবিলাক প্ৰক্ৰিয়াক অতি প্রয়োজনীয় বুলি গণ্য কৰিবা?

উত্তৰঃ জীৱৰ জীৱন বৰ্তি থাকিবলৈ পৰিপুষ্টি,শ্বসন,ব্যাপন আৰু ৰেচন প্ৰক্ৰিয়াক অতি প্রয়োজনীয় বুলি গণ্য কৰা হয়।

 

5. স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজৰ পাৰ্থক্য কি কি?

উত্তৰঃ

   

স্বপোষিত পুষ্টি

পৰপোষিত পুষ্টিৰ

1. এই প্রকাৰৰ পুষ্টিত জীরই নিজেই উৎপাদন কৰা খাদ্যৰ পৰা পৰিপুষ্টি সম্পন্ন কৰে।

1. খাদ্যৰ বাবে অন্য স্ব পোষীৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় অৰ্থাৎ আনৰ পৰা পুষ্টি লাভ কৰে

2.স্বপোষি জীর যেনে সেউজীয়া গছ গছনি, সৰ্পিলশেলাই ইত্যাদি।

2.পৰপোষি জীর যেনে মানুহ,গৰু,এমিবা ইত্যাদি।

 

6. সালোক সংশ্লেষণত প্রয়োজনীয় প্ৰতিটো উপাদান উদ্ভিদে কত কত পায়?

উত্তৰঃ  সালোক সংশ্লেষণৰ বাবে প্ৰয়োজনীয় উপাদানসমূহ হ'

(a) ক্ল''ফিলউদ্ভিদৰ পাতত পোৱা যায়।

(b) সূৰ্য্যৰ পোহৰ।

(c) কার্বন ডাইঅক্সাইডবায়ুমণ্ডলৰ পৰা।

(d) পানী আৰু খনিজ পদার্থ মাটিৰ পৰা।

 7. আমাৰ পাকস্থলীত এছিডৰ ভূমিকা কি?

উত্তৰঃ  আমাৰ পাকস্থলীত নিঃসৰণ হোৱা এছিডটো হ'ল হাইড্ৰ'ক্লৰিক এছিড (HCI) এই এছিডৰ প্ৰধান কাম হ'— (a) খাদ্যৰ সৈতে প্রবেশ কৰা অণুজীৱসমূহক ধ্বংস কৰা

(b) পাকস্থলী ৰসৰ নিষ্ক্রিয় উৎসেচক পেপছিন 'জেন আৰু প্ৰ'ৰেনিনক ক্ৰমে পেপচিন আৰু ৰেনিনলৈ ৰূপান্তৰ কৰা

 

8. পাচক উৎসেচকৰ কাৰ্য কি?

উত্তৰঃ ৰাসায়নিকভাৱে উৎসেচকসমূহ প্ৰ'টিন যিয়ে জৈৱ ৰাসায়নিক বিক্ৰিয়াৰ অনুঘটন ঘটায়। পাচন নলীৰ ভিন ভিন স্থানত থকা পাচক গ্ৰন্থিৰ পৰা পাচক ৰস ক্ষৰণ হয় আৰু এই পাচক ৰসত পাচক উৎসেচক থাকে, যিয়ে খাদ্যৰ প্ৰ'টিন, কাৰ্বহাইড্রেট আৰু স্নেহপদাৰ্থৰ পাচন ঘটায়।

 

9. শোষণ হব পৰাকৈ ক্ষুদ্ৰান্তত খাদ্য কেনেকৈ পাচন হয়?

উত্তৰঃ ক্ষুদ্ৰান্ত হল পাচন নলীৰ এক দীঘল নলীয় গঠন, যত খাদ্যৰ পাচন সম্পূর্ণ হয় আৰু পাচন হোৱা খাদ্যৰ শোষণ হয়। ইয়াতে খাদ্যৰ কাৰ্ব'হাইড্ৰেটৰ পৰা গ্লুকজ, প্ৰ'টিনৰ পৰা এমিনএছিড আৰু লিপিডৰ পৰা স্নেহ এছিড আৰু গ্লিচাৰলৰ উৎপন্ন হয়। ক্ষুদ্রান্তত থকা আঙুলিসদৃশ প্রবর্ধ  বোৰক ভিলাই বোলে। এই ভিলাইৰ মাধ্যমত পাচন হোৱা খাদ্যৰ শোষণ হয়। ভিলাইবোৰে খাদ্য শোষণৰ বাবে ক্ষেত্ৰ কালি  বৃদ্ধি কৰে যাৰ বাবে যথেষ্ট খাদ্যৰ শোষণ হ'ব পাৰে।

 

10. শ্বাস প্রশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে স্থলচৰ জীৱতকৈ জলচৰ জীৱসমূহৰ সুবিধা কি?

উত্তৰঃ জলচৰ জীৱ যেনে- মাছে শ্বাস-প্রশ্বাসৰ বাবে আৱশ্যকীয় O2 গেছ পানীৰ পৰা জলক্লোমৰ বা ফুলৰ সহায়ত গ্রহণ কৰে পানীত কম পৰিমাণৰ অক্সিজেন গেছহে দ্ৰৱীভূত হৈ থাকে, কিন্তু স্থলচৰ জীৱই প্ৰত্যক্ষভাবে হাঁওফাঁওৰ সহায়ত বায়ুৰ পৰা অক্সিজেন গেছ আহৰণ কৰিব পাৰে । জলচৰ জীৱই পানীত থকা অক্সিজেন আহৰণৰ বাবে সিহঁতৰ ফুল থাকে। ফুলৰ দ্বাৰাই অক্সিজেন পাব পাৰে আৰু চৰ্মৰ সহায়ত ব্যাপন প্ৰক্ৰিয়াৰে প্ৰত্যক্ষভাৱে পানীৰ পৰা অক্সিজেন গ্ৰহণ কৰিব পাৰে। যাৰ বাবে জলচৰ প্ৰাণীৰ অক্সিজেন গ্ৰহণৰ বাবে সুবিধা হয়।

 

 11. মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কেনেকৈ পৰিবহন হয়?

উত্তৰঃ  বায়ুকোষৰ অক্সিজেন ৰক্তকেশিকাত প্ৰৱেশ কৰাৰ পিছত ইয়াক তেজৰ সোঁতে কলাকোষসমূহলৈ কঢ়িয়াই নিয়ে। তেজৰ লোহিত ৰক্ত কণিকাত থকা হিম'গ্লবিন নামৰ ৰঞ্জক পদাৰ্থ আৰু অক্সিজেনৰ বিক্ৰিয়াৰ ফলত অক্সিহিম'গ্লবিন নামৰ অস্থায়ী যৌগৰ সৃষ্টি হয়। অক্সিজেন গেছক তেজে অক্সিহিম'গ্লবিন হিচাপে দেহৰ বিভিন্ন কলাকোষসমূহলৈ কঢ়িয়াই নিয়ে। কলাকোষ পোৱাৰ লগে লগে অক্সিহিম'গ্লবিন ভাঙি যায় আৰু পুনৰ অক্সিজেন আৰু হিম'গ্লবিনত পৰিণত হয়। কলাকোষৰ কোষাৱৰণ অধিক পাতল হোৱাৰ কাৰণে তেজত থকা অক্সিজেন গেছ সহজে ব্যাপনৰ দ্বাৰা কলাকোষত প্ৰৱেশ কৰে আৰু তাত কোষীয় শ্বসন আৰম্ভ হয়। কোষীয় শ্বসনৰ ফলত উদ্ভৱ হোৱা কাৰ্বন ডাই-অক্সাইড গেছক এতিয়া তেজে বিভিন্ন ধৰণৰ অস্থায়ী যৌগ হিচাপে হাওঁফাওঁলৈ কঢ়িয়াই আনে যত অক্সিজেনৰ লগত বিনিময় হৈ নিশাহৰ লগত দেহৰ পৰা বাহিৰ হৈ যায়।

       কাৰ্বন অক্সাইড দ্ৰৱণীয় অৱস্থাত তেজত পৰিবহন হয়।

 12. প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাওঁ কিদৰে গঠিত হৈছে?

উত্তৰঃ মানুহৰ হাওঁফাওঁ অসংখ্য বায়ুকোষৰ দ্বাৰা গঠিত। এই বায়ুকোষ আৰু ৰক্ত কেশিকাৰ মাজত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড গেছৰ বিনিময় ঘটে। বায়ুকোষৰ ক্ষেত্ৰকালি বেছি, যাৰ বাবে বায়ুকোষৰ মাজেৰে প্ৰচুৰ গেছৰ বিনিময় হ'ব পাৰে।

 

13. মানুহৰ পৰিবহন তন্ত্ৰৰ মুখ্য ভাগ কেইটা কি কি? ইয়াৰ কাৰ্যসমূহ কি কি?

উত্তৰঃ মানুহৰ পৰিবহন তন্ত্ৰৰ মুখ্য ভাগকেইটা হ'

 

(1) ৰক্ত পৰিবহন তন্ত্ৰ :- এই তন্ত্ৰৰ দ্বাৰাই তেজ শৰীৰৰ এটা স্থানৰ পৰা অন্য স্থানলৈ পৰিবহন হ'ব পাৰে। যাৰ ফলত শৰীৰৰ কোষ সমূহে পুষ্টি; অক্সিজেন ইত্যাদি লাভ কৰে।

 (2) লসিকা তন্ত্ৰ :- এই তন্ত্ৰৰ মাজেৰে লসিকাৰ পৰিবহন হয় আৰু লসিকাবোৰে অন্ত্র পৰা পাচিত খাদ্যক শোষণ কৰি কঢ়িয়াই আনি তেজত এৰি দিয়ে।

 14.  পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন?

উত্তৰঃ পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ মিহলি নোহোৱাকৈ ৰাখিবৰ বাবে ইয়াৰ সোঁফাল আৰু বাওঁফাল দুটা পৃথক ভাগ আছে। হৃদযন্ত্ৰৰ এনে পৃথকীকৰণৰ বাবে দেহৰ বিভিন্ন অংশত যথেষ্ট পৰিমাণৰ অক্সিজেন যোগান ধৰিবৰ বাবে সুবিধা হয়। পক্ষী আৰু স্তন্যপায়ীৰ দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে সদায় নির্দিষ্ট পৰিমাণৰ শক্তিৰ আৱশ্যক হয় আৰু শক্তিৰ উৎপাদনৰ বাবে যথেষ্ট অক্সিজেনৰ আৱশ্যক হয়। সেয়েহে পক্ষী আৰু স্তন্যপায়ীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ পৃথক কৰি ৰখাৰ প্রয়োজন হয়।

 15. উচ্চখাপৰ উদ্ভিদৰ পৰিবহন তন্ত্ৰৰ অংগসমূহ কি কি?

উত্তৰঃ উচ্চ খাপৰ উদ্ভিদৰ পৰিবহন তন্ত্ৰৰ অংগসমূহ হ'– (i) জাইলেম আৰু (ii) ফ্লোৱেম।

 

 16. উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহন হয়?

উত্তৰঃ উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ জাইলেমৰ দ্বাৰা প্রবাহিত হয়। জাইলেম কলাৰ নলিকা ট্ৰেকাইডবিলাকে উদ্ভিদৰ শিপা, কাণ্ড আৰু পাতৰ পৰস্পৰৰ মাজত সংযোগ হৈ গোটেই উদ্ভিদ দেহটোৰ বিভিন্ন অংশলৈ পানী সৰবৰাহ হব পৰাকৈ এটা সংবহন সুঁতিৰ সৃষ্টি কৰে। মাটিৰ সৈতে স্পৰ্শ কৰি থকা শিপাৰ কোষসমূহে সক্রিয়ভাৱে মাটিৰ পৰা আয়ন গ্ৰহণ কৰি থাকে। ইয়ে শিপা আৰু মাটিৰ মাজত আয়নৰ গাঢ়তাৰ তাৰতম্য দূৰ কৰিবলৈ শিপাই মাটিৰ পৰা পানী শোষণ কৰে। ইয়াৰ ফলত শিপাৰ জাইলেমলৈ নিয়মীয়াকৈ পানীৰ প্ৰবাহ চলি থাকে আৰু ইয়ে পানীৰ স্তম্ভ এটা সৃষ্টি কৰি নিয়মীয়াকৈ ওপৰলৈ ঠেলি থাকে।

 17. উদ্ভিদৰ দেহত খাদ্যৰ কেনেদৰে সংক্রমণ ঘটে?

উত্তৰঃ  সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা উদ্ভিদৰ পাতত উদ্ভিদৰ খাদ্য কাৰ্বহাইড্ৰেটৰ সংশ্লেষণ ঘটে। উদ্ভিদৰ পাতত সংশ্লেষণ হোৱা কাৰ্বহাইড্ৰেট ফ্লোৱেমৰ দ্বাৰা উদ্ভিদৰ অন্য অংশসমূহলৈ পৰিবাহিত হয়। ফ্লোৱেম হল উদ্ভিদৰ এবিধ জটিল স্থায়ী কলা আৰু এই কলা জাইলেমৰ সমান্তৰালভাৱে গতি কৰে। সংগীকোষ, ফ্লোৱেম পেৰেনকাইমা, চালনী নলীকা আৰু ফ্লৱেম তন্তুৰ দ্বাৰা ফ্লোৱেম গঠিত। জীৱিত চালনী নলীকাৰে কাৰ্ব'হাইড্ৰেটৰ স্থানান্তৰণ ঘটে। পাতত থকা মেচফিল কোষ ফ্লোৱেমৰ সৈতে লগ লাগি থাকে আৰু মেচফিল কোষৰ পৰা কাৰ্বহাইড্ৰেট ফ্লোৱেমত প্ৰৱেশ কৰে। ফ্লোৱেম প্রবেশ কৰা খাদ্য উদ্ভিদৰ উর্ধ্বমুখী, অধঃমুখী আৰু পার্শ্বীয় দিশত পৰিবাহিত হয় আৰু খাদ্যদ্ৰব্য সমূহ দ্রৱীভূত অৱস্থাত চালনী নলীকাৰ মাজেৰে পাৰ হৈ যায়। এইদৰেই উদ্ভিদৰ দেহত খাদ্যৰ সংক্ৰমণ ঘটে।

 

18. নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা।

উত্তৰঃ মূত্র উৎপন্নৰ উদ্দেশ্য তেজৰ পৰা উপজাত পদাৰ্থবোৰ চেকী বাহিৰ কৰি কৰা। হাঁওফাঁওত তেজৰ পৰা কাৰ্বন ডাই অক্সাইড বাহিৰ কৰাৰ দৰে নাইট্ৰ'জেন জাতীয় উপজাত পদার্থ যেনে ইউৰিয়া, ইউৰিক এছিড আদি বৃক্কত তেজৰ পৰা আঁতৰ কৰা হয়। হাঁওফাঁওত যিদৰে অসংখ্য সৰু সৰু ৰক্তজালিকা থাকে তেনেদৰে বৃক্কতও অসংখ্য পাতল বেৰৰ বক্তজালিকা থাকে। এই ৰক্তজালিকাবোৰ বৃক্কত লগ লাগি কাপ সদৃশ নলীকা গঠন হয়। এনে নলীকাবোৰে তেজ চেকাত সহায় কৰে । প্ৰতিটো বৃক্কত এনেধৰণৰ অসংখ্য নলীকাৰ একক থাকে। এইবোৰক নেফ্রন (nephron) বোলে। এই বৃক্ক নেফ্ৰনবোৰ ইটো সিটোৰ লগত সংঘবদ্ধ হৈ থাকে। নেফ্ৰনবোৰে প্ৰাথমিক অৱস্থাত গ্লুক, এমিনএছিড, লৱণ আৰু প্ৰচুৰ পৰিমাণৰ পানী চেকী লোৱাৰ পাছত পাছৰ নলীকা অংশত অধিশোষণ কৰি লয়। দেহত কিছুমান অতিৰিক্ত পানী থাকে আৰু কিমান পৰিমাণৰ দ্ৰৱীভূত বৰ্জিত পদার্থ তেজত থাকে তাৰ ওপৰত নিৰ্ভৰ কৰি পানীভাগ অধিশোষণ কৰি লয়। প্ৰতিটো বৃক্কত উৎপন্ন হোৱা মূত্ৰ নেফ্ৰনৰ দীঘল নলীকা মূত্ৰনলীলৈ সোমাই আহে। মূত্ৰনলীয়ে বৃক্কদুটা মূত্রথলীৰ লগত সংযুক্ত কৰি ৰাখে। মূত্র মূত্রথলীত জমা হৈ থাকে। মূত্রথলীৰ চাপৰ ফলত মূত্ৰনলীৰে মূত্ৰ বাহিৰ ওলাই আহে।

 

19. উদ্ভিদে কি কি উপায়ে বর্জিত পদার্থ ত্যাগ কৰে?

উত্তৰঃ  উদ্ভিদৰ শ্বসন উৎপাদিত বৰ্জিত পদার্থ হCO2 এই CO2 ক উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত ব্যৱহাৰ কৰে, তথাপিও অলাগতিয়াল CO2 পাতৰ পত্ৰৰন্ধ্ৰৰ দ্বাৰা পৰিবেশত মুক্ত হয়।

উদ্ভিদৰ সালোক সংশ্লেষণত উৎপাদিত O2 গেছৰ প্ৰয়োজনীয়খিনি উদ্ভিদে শ্বসন কাৰ্যত ব্যৱহাৰ কৰে আৰু অলাগতিয়ালখিনি পাতৰ পত্ৰৰন্ধ্ৰৰ দ্বাৰা বায়ুমণ্ডলত মুক্ত হয়।

 উদ্ভিদে প্ৰকৃততে সিহঁতৰ দেহৰ মৃতকোষৰ কলাবিলাকৰ যোগেদি আৰু কেতিয়াবা পাতৰ দৰে সৰি পৰা অংগৰ জৰিয়তে ৰেচন ক্রিয়া সমাধা কৰে। প্ৰায়ভাগ বৰ্জিত পদাৰ্থ কোষৰ ৰসধানীত সঞ্চিত হৈ থাকে। কেতিয়াবা আকৌ সৰি পৰিব লগা পাততো বর্জিত পদাৰ্থ সঞ্চিত কৰি ৰাখে। কিছুমান উদ্ভিদে বর্জিত পদাৰ্থক পূৰঠ জাইলেম কলাত ৰেজিন আৰু আঠা হিচাবে সঞ্চিত কৰি ৰাখে। উদ্ভিদে কেতিয়াবা বর্জিত পদার্থ উদ্ভিদজোপাৰ চাৰিওফালে থকা মাটিত উলিয়াই দিয়ে।


20. কেনেকৈ মূত্ৰ উৎপন্ন পৰিমাণ নিয়ন্ত্রণ কৰিব পাৰি?

উত্তৰঃ  বৃক্কৰ নেফ্ৰনবোৰে প্ৰাথমিক অৱস্থাত গ্লুকজ এমিনএছিড, লৱণ আৰু প্ৰচুৰ পানী চেকি লোৱাৰ পাছত নলীকা অংশত অধিশোষণ কৰি লয়। দেহত কিছুমান অতিৰিক্ত পানী থাকে আৰু কিমান পৰিমাণৰ দ্ৰৱীভূত বৰ্জিত পদার্থ তেজত থাকেতাৰ ওপৰত নিৰ্ভৰ কৰি পানীভাগ অধিশোষণ কৰি লয় আৰু এইদৰেই মূত্ৰ উৎপন্ন পৰিমাণ নিয়ন্ত্ৰণ কৰে।

No comments:

Post a Comment

CHEPTER-12 বিদ্যুৎ (Electricity) পাঠটোৰ অনুশীলনীৰ প্রশ্নসমূহৰ উত্তৰ

  অনুশীলনী 1. R ৰোধৰ এডাল তাঁৰ পাঁচটা সমান ভাগলৈ বিভক্ত কৰা হ ' ল। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ ' ল। যদি সজ্জাটোৰ সমতূল্য ৰ...