Tuesday, October 12, 2021

অধ্যায়- 5 মৌলৰ পয্যায়বৃত্ত শ্রেণীবিভাজন (Periodic Classification Of Elements) পাঠটোৰ অনুশীলনীৰ প্রশ্ন উত্তৰ

 

                            

                     অনুশীলনীৰ উত্তৰ

 

1. পৰ্য্যাবৃত্ত তালিকাৰ পৰ্য্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিবৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোনটো উক্তি শুদ্ধ নহয়?

(a) মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে।

(b) যোজক ইলেকট্রনৰ সংখ্যা বাঢ়ে

(c) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেকট্রন অধিক সহজে হেৰুৱায়।

(d) অক্সাইডবোৰ বেছি আম্লিক হৈ পৰে।

উত্তৰঃ  (c) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেকট্রন অধিক সহজে হেৰুৱায়।

 

2. মৌল X যে XCI2 সংকেতৰ ক্ল'ৰাইড গঠন কৰে। ই উচ্চ গলনাংকযুক্ত এটা গোটা পদার্থ। মৌল X তলৰ কোনটোৰে সৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা সবাতোকৈ বেছি?

     (a)  Na              (b) Mg           (c) Al          (d)   Si

 

3. কোনটো মৌলৰ আছে

 (a) ইলেকট্রনপূর্ণ দুটা কক্ষ?

 (b) 2, 8, 2 ইলেকট্রনীয় বিন্যাস ?

 (c) যোজক কক্ষত চাৰিটা ইলেকট্রনৰে সৈতে মুঠ তিনিটা কক্ষ?

 (d) যোজক কক্ষত তিনিটা ইলেকট্রনৰে সৈতে মুঠ দুটা কক্ষ?

 (e) দ্বিতীয় কক্ষত প্রথম কক্ষৰ দুগুণ ইলেকট্রন?

 উত্তৰঃ  (a) নিয়ন, ইয়াৰ ইলেক্ট্রনীয় বিন্যাস হ2.8

         (b) মেগনেছিয়াম।

         (c) চিলিকন

         (d) ৰন

         (e) কাৰ্বন

4. (a) পৰ্যাবৃত্ত তালিকাত বৰনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰন ধৰ্ম আছে।

উত্তৰ : ব'ৰনৰ তলত থকা সকলো মৌলৰ বৰ্গ সংখ্যা 13মৌলবোৰৰ যোজক ইলেকট্রনৰ সংখ্যা

3. ৰনৰ বাহিৰে সকলোবোৰ মৌল ধাতু।

   (b)  পৰ্যাবৃত্ত তালিকাত ফ্লুৰিনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰন ধৰ্ম আছে।

উত্তৰঃ ফুৰিনৰ তলত থকা সকলো মৌলৰ বৰ্গ সংখ্যা 7এই মৌলবোৰক হেলজেন বুলি কোৱা হয় আৰু এইবোৰ বিদ্যুত ঋনাত্মক।

 

5. এটা পৰমাণুৰ ইলেকট্রনীয় বিন্যাস হ'2, 8, 7

(a) এই মৌলটোৰ পাৰমাণবিক সংখ্যা কি?

উত্তৰঃ মৌলটোৰ পাৰমানরিক সংখ্যা হ2+8+7 = 17

 (b) তলৰ মৌলবোৰৰ কোনটোৰে সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব?

       (বন্ধনীৰ ভিতৰত পাৰমাণবিক সংখ্যাবোৰ দিয়া হৈছে)

 

                      N (7) F (9) P (15) Ar (18)

উত্তৰঃ একেটা বৰ্গত থকা মৌলসমূহৰ যোজক ইলেকট্রনৰ সংখ্যা একে হোৱাৰ বাবেই সেইবোৰ মৌলৰ ৰাসায়নিক ধর্ম একে হয়। যিহেতু নাইট্ৰ'জেন (Z=7) আৰু ফছফৰাছৰ (Z=15) 15 তম বর্গৰ অন্তৰ্গত, গতিকে যোজক ইলেকট্রনৰ সংখ্যা দুয়োটা মৌলৰ ক্ষেত্ৰত 5; সেয়ে নাইট্ৰ'জেন আৰু ফছফৰাছৰ ৰাসায়নিক ধর্ম একে।

 

6. পৰ্যাবৃত্ত তালিকাত তিনিটা মৌল A, B আৰু C ৰ স্থানসমূহ তলত দেখুওৱা হৈছে।

      

       

16 বৰ্গ

17 বৰ্গ

 

 

 

B

 

A

 

 

C

 

 

 (a) মৌল A ধাতুনে অধাতু?

 (b) C মৌলটো A তকৈ বেছি সক্রিয়নে কম সক্রিয়?

 (c) C মৌলটো আকাৰত Bতকৈ ডাঙৰনে সৰু ?

 (d) মৌল A এ কেনে ধৰণৰ আয়ন, কেটায়ন বা এনায়ন গঠন কৰিব?

উত্তৰঃ  (a) যিহেতু মৌল ‘A’ 17 তম বর্গ অন্তর্গত, আৰু ই পয্যাবৃত্ত তালিকাৰ সোঁহাতে অৱস্থান কৰি আছে। গতিকে ই অধাতু হ'ব।

 (b) পৰ্য্যাবৃত্ত তালিকাত ওপৰৰ পৰা তললৈ গ'লে পাৰমাণৱিক আকাৰ বৃদ্ধি পায়, কাৰণ এই ক্ষেত্ৰত কাৰ্যকৰী নিউক্লিঅ' আধান কমি যায়, যাৰ ফলত ইলেকট্রনৰ প্ৰতি আকর্ষণ কমে। গতিকে C মৌল A তকৈ কম সক্রিয়।

 (c) কোনো এটা পৰ্য্যায়ত বাঁওফালৰ পৰা সোঁহাতে গ'লে পাৰমাণৱিক আকাৰ হ্রাস পায়, কাৰণ নিউক্লিয় আধান বৃদ্ধি পায়। গতিকে C ৰ আকাৰ Bতকৈ সৰু।

 (d) যিহেতু 17 তম বর্গ পয্যাবৃত্ত তালিকাৰ সোঁহাতে অৱস্থিত, সেয়ে এই মৌলবোৰ বিদ্যুৎ ঋণাত্মক। গতিকে A এনায়ন গঠন কৰিব।

 7. নাইট্ৰ'জেন (পাৰমাণৱিক সংখ্যা 7) আৰু ফছফ'ৰাছ (পাৰমাণৱিক সংখ্যা 15) পৰ্য্যাবৃত্ত তালিকাৰ বৰ্গ 15 ত থাকে। এই মৌল দুটাৰ ইলেকট্রনীয় বিন্যাস লিখা। ইহঁতৰ কোনটো বেছি বিদ্যুৎঋণাত্মক হব আৰু কিয় ?

উত্তৰ : নাইট্ৰ'জেনৰ ইলেকট্রনীয় বিন্যাস 2.5। ফছফৰাছৰ ইলেকট্রনীয় বিন্যাস 2.8.5। গতিকে একেটা বৰ্গত ফছফৰাছ নাইট্ৰ'জেনতকৈ তলত থাকিব, নাইট্ৰ'জেনৰ আকাৰ ফছফৰাছতকৈ কমে, সেয়ে নাইট্ৰ'জেন ফছফৰাছতকৈ বেছি বিদ্যুৎঋণাত্মক।

 ৪. পৰমাণু এটাৰ ইলেকট্রনীয় বিন্যাস আধুনিক পৰ্যাবৃত্ত তালিকাত তাৰ স্থানৰ সৈতে কিদৰে জড়িত হৈ আছে?

উত্তৰঃ ইলেকট্রনীয় বিন্যাসৰ পৰা বৰ্গ সংখ্যা আৰু পর্যায় সংখ্যা জানি ল'লে আমি মৌল এটাৰ পৰ্যাবৃত্ত তালিকাত অৱস্থান নির্ণয় কৰিব পাৰো।

পৰ্য্যায় নিৰ্ধাৰণ : পৰমাণুটোৰ বহিৰ্তম ইলেকট্রন যিটো খোলত থাকিব, সেই খোলৰ সংখ্যাটোৱে হৈছে পৰ্য্যায় সংখ্যা। যদি বহিতম ইলেকট্রনটো K খোলত থাকে তেন্তে পর্যায় সংখ্যা হ' 1আৰু, যদি ইলেক্ট্রনটো L খোলত থাকে তেন্তে পর্যায় সংখ্যা হ'2, অর্থাৎ দ্বিতীয় পর্যায় ইত্যাদি।

 বর্গ নিৰ্ধাৰণ : যদি বহিৰ্তম খোলত এটা নাইবা দুটাকৈ ইলেকট্রন থাকে তেতিয়া বর্গ সংখ্যা হব প্রথম আৰু দ্বিতীয়। যদি বহিৰ্তম খোলত থকা ইলেকট্রনৰ সংখ্যা 3 ৰপৰা ৪ ৰ ভিতৰত হয়, তেন্তে (হিলিয়ামৰ বাহিৰে) সেই সংখ্যাৰ লগত 10 যোগ দিলে আমি বর্গ সংখ্যা পাম। উদাহৰণ স্বৰূপে, যদি বহিতম খোলত 4 টা ইলেকট্রন থাকে, তেন্তে বর্গ সংখ্যা (10+ 4)=14 '

 

10. মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকা আৰু আধুনিক পৰ্য্যাবৃত্ত তালিকাৰ মৌলৰ শ্ৰেণীবিভাজন (arrangement) ৰ তুলনা কৰা ।

 

মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকা

আধুনিক পৰ্য্যাবৃত্ত তালিকা

1. মৌলবোৰ পৰ্য্যাবৃত্ত তালিকাত আণৱিক ভৰৰ উৰ্দ্ধক্ৰমত সজ্জিত হৈ থাকে।

 

1. মৌলবোৰ পৰমাণু ক্রমাংকৰ উৰ্দ্ধক্ৰমত সজ্জিত হৈ থাকে।

2. সমস্থানিকবোৰৰ অৱস্থান ঠাৱৰ কৰিব নোৱাৰি।

 

2. যিহেতু সমস্থানিকবোৰৰ পৰমাণু ক্রমাংক একে, গতিকে ইহঁতৰ বেলেগ অৱস্থানৰ প্ৰশ্নই নুঠে।

 

3. ধাতু আৰু অধাতুবোৰ একেটা বৰ্গতে ৰখা হৈছিল।

3. ধাতু আৰু অধাতুবোৰ বেলেগ বেলেগ অৱস্থানত ৰখা হৈছে।


No comments:

Post a Comment

CHEPTER-12 বিদ্যুৎ (Electricity) পাঠটোৰ অনুশীলনীৰ প্রশ্নসমূহৰ উত্তৰ

  অনুশীলনী 1. R ৰোধৰ এডাল তাঁৰ পাঁচটা সমান ভাগলৈ বিভক্ত কৰা হ ' ল। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ ' ল। যদি সজ্জাটোৰ সমতূল্য ৰ...