অনুশীলনীৰ উত্তৰ
1. তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদার্থ?
(a) ইনচুলিন (b) থাইৰ’ক্সিন (c) অ’বেষ্ট্রজেন (d) চাইট’কাইনিন
উত্তৰ : (d) চাইট’কাইনিন
2. দুটা নিউৰনৰ খালী ঠাইক কি বুলি কয়—
(a) ডেনড্রাইট (b) চাইনেপচ্ (c) এক্সন (d) প্ৰেৰণা
উত্তৰ : (b) চাইনেপচ্
3. মগজুৰে কি কাম কৰে –
(a) ভাৱ আৰু চিন্তা কৰা (b) হৃদপিণ্ডৰ স্পন্দন নিয়ন্ত্রণ
(c) দেহৰ সমতা ৰক্ষা (d) ওপৰৰ আটাইকেইটা
উত্তৰ : (d) ওপৰৰ আটাইকেইটা
4. আমাৰ দেহৰ গ্ৰাহক অংগৰ কাম কি? গ্ৰাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে কেনে পৰিস্থিতি হ'ব ভাবাচোন।ইয়াৰ ফলত কি সমস্যা হ’ব পাৰে?
উত্তৰ : যিবোৰ অংগই উদ্দীপনা গ্রহণ কৰিব পাৰে তেনে অংগকে গ্রাহক অংগ বোলে। যেনে— চর্ম, নাক, কাণ, জিভা আৰু চকু। এই অংগসমূহে উদ্দীপনা গ্রহণ কৰি স্নায়ু প্ৰেৰণা হিচাপে মস্তিষ্কলৈ প্ৰেৰণ কৰে।
যদি গ্রাহক অংগই বাহ্যিক উদ্দীপনা গ্ৰহণ কৰিব নোৱাৰে বা নকৰে তেতিয়া
মস্তিষ্কই স্নায়ু প্ৰেৰণা নাপাব আৰু শৰীৰে উদ্দীপনাৰ প্ৰতি সঁহাৰি জনাব নোৱাৰিব, অর্থাৎ আমাৰ শৰীৰে গম নাপাব— কি ঠাণ্ডা, কি গৰম, কিহৰ শব্দ ইত্যাদি।
গ্রাহক অংগই কাৰ্য নকৰিলে আমাৰ সংবেদনশীলতা নাথাকিব।
5. নিউৰন গঠনৰ এটা চিত্র আঁকা। ইয়াৰ কাৰ্য
বৰ্ণনা কৰা।
উত্তৰ : স্নায়ুকোষ বা নিউৰণ : স্নায়ুতন্ত্ৰৰ গঠনাত্মক আৰু কাৰ্যকৰী একক হ’ল স্নায়ুকোষ বা নিউবণ। স্নায়ুকোষ প্রধানত দুটা অংশৰে গঠিত (i) কোষদেহ আৰু (ii) স্নায়ুপ্রবর্ধ।
(i) কোষদেহঃ স্নায়ুকোষৰ কোষকেন্দ্ৰ অৱস্থিত অংশটোকে কোষদেহ বোলে।
(ii) স্নায়ুপ্রবর্ধ: কোষদেহৰ পৰা ওলোৱা
প্ৰশাখাযুক্ত প্ৰবৰ্ধবোৰকে স্নায়ুপ্রবৰ্ধ বোলে।
স্নায়ুপ্রবর্ধ দুই প্ৰকাৰৰ –
(a) ডেনড্রাইটঃ কোষদেহৰ পৰা ওলোৱা চুটি
প্রবর্ধবিলাকক
(b) এক্সন: কোষদেহৰ পৰা ওলোৱা দীঘল
প্রবর্ধবিলাকক এক্সন বোলে।
ডেনড্রাইটবোৰে নিকটবর্তী কোষৰ পৰা
স্নায়ু প্ৰেৰণা সংগ্ৰহ কৰে আৰু দেহকোষলৈ বহন হয় পাছত এক্সনৰ মাজেদি স্নায়ু
প্ৰেৰণা গৈ চাইনেপচ্ পায় ।
6. উদ্ভিদৰ ফট'ডট্রপিজম বা পোহৰানুবেগী কেনেদৰে
ঘটে?
উত্তৰ : উদ্ভিদৰ অংগৰ চলন যেতিয়া পোহৰৰ উৎসৰ দিশ অনুসৰি হয় তাকে
পোহৰানুবেগী বোলে। সাধাৰণতে পোহৰৰ উৎস সূর্য হয় বাবে ইয়াক হেলিঅ'ট্রপিজম বোলে ।উদ্ভিদৰ শাখা, কাণ্ড, পোহৰৰ উৎসৰ দিশত হয়। পাহৰৰ
অভিমুখে অংগৰ চলনক অভিগ পোহৰানুবেগী বোলে । কিন্তু
উদ্ভিদৰ মূল পোহৰৰ উৎসৰ বিপৰীত দিশত অগ্ৰসৰ হয় বাবে ইয়াক প্ৰতীপ পোহৰানুবেগী
বোলে। উদ্ভিদৰ পোহৰানুবেগী অক্সিন হৰম'নৰ দ্বাৰা নিয়ন্ত্রিত হয়। উদ্ভিদৰ যি অংশত পোহৰ নপৰে তাত
অধিক পৰিমাণে অক্সিন সঞ্চিত হয় আৰু পোহৰ পৰা অংশত কম পৰিমাণৰ অক্সিন সঞ্চিত হয়।
বেছি পৰিমাণে অক্সিন জমা হোৱা অঞ্চলটোত কোষবোৰৰ বিভাজন আৰু দীৰ্ঘকৰণ দ্রুত হয় ফলত
কাণ্ড শীর্ষ পোহৰৰ ফালে বেঁকা হৈ পৰে। মূলৰ ক্ষেত্ৰত কোষবিলাক বৃদ্ধি পায়। ফলত
মূল পোহৰৰ বিপৰীতফালে বেঁকা হৈ পৰে।
7. স্নায়ুৰজ্জুত আঘাত হ’লৈ কেনে বার্তাত ব্যাঘাট ঘটে?
উত্তৰ : স্নায়ুৰজ্জুত আঘাত হ’লে প্রতীপ ক্ৰিয়া আৰু অনৈচ্ছিক
কাৰ্যত বাধাপ্রাপ্ত হ'ব পাৰে।
8. জীৱদেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ
কাৰণে কি প্রয়োজন ?
উত্তৰ : জীৱদেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ বাবে স্নায়ুতন্ত্র আৰু অন্তঃস্রাৱী
তন্ত্ৰৰ প্ৰয়োজন। স্নায়ুতন্ত্রই শৰীৰৰ বিভিন্ন অংগসমূহৰ মাজত নিয়ন্ত্ৰণ আৰু সমন্বয়
ৰক্ষা কৰে। ঠিক সেইদৰে অন্তঃস্ৰাৱী তন্ত্রই হৰম'নৰদ্বাৰা নিয়ন্ত্ৰণ আৰু সমন্বয়
ৰক্ষা কৰে।
9. ঐচ্ছিক ক্ৰিয়া আৰু প্ৰতীপ ক্ৰিয়াৰ
মাজত পাৰ্থক্য কেনেকৈ উলিয়াবা ?
উত্তৰ :
|
ঐচ্ছিক ক্ৰিয়া |
প্ৰতীপ ক্ৰিয়াৰ |
|
1. এই
ক্ৰিয়া স্বয়ংক্ৰিয় স্নায়ুতন্ত্রৰ দ্বাৰা পৰিচালিত হয় |
1. ঐচ্ছিক স্নায়ুতন্ত্রৰ দ্বাৰা গোটেই অংশত পৰিচালিত
হয় |
|
2. এইবোৰ
বিশেষকৈ আভ্যন্তৰিন উদ্দীপকৰ দ্বাৰা সংঘটিত হয় |
2. এইবোৰ
বাহ্যিক উদ্দীপকৰ দ্বাৰা সংঘটিত হয় |
|
3. এইবোৰ
মস্তিষ্কৰ পশ্চাদ অংশ মেদুলাৰ দ্বাৰা পৰিচালিত হয় |
3. প্ৰতীপ ক্ৰিয়া
বিশেষকৈ স্নায়ুৰজ্জুৰ
দ্বাৰা পৰিচালিত হয় |
10. প্রাণীৰ নিয়ন্ত্রন আৰু
সমন্বয়ৰ স্নায়ুতন্ত্রৰ আৰু হৰমনৰ ক্ৰিয়াৰ মাজত তুলনামোলক আলোকপাত কৰা।
উত্তৰ :
|
স্নায়বিক নিয়ন্ত্রন |
হৰমনৰ দ্বাৰা
নিয়ন্ত্রন |
|
1. সংবাদবোৰ বৈদ্যুতিক
ৰাসায়নিক পৰিবাহিৰ দ্বাৰা পৰিচালিত হয় |
1. সংবাদবোৰ তেজত মিহলি হোৱা
ৰাসায়নিক পদাৰ্থৰ দ্বাৰা পৰিচালিত হয় |
|
2. সংবাদবোৰ সঘনাই গতি কৰে |
2. সংবাদবোৰ ধীৰ গতিত
পৰিবাহিত হয় |
|
3.তাৎক্ষনিক সহাৰি দিয়ে |
3.সাধাৰনতে সঁহাৰি লাহে লাহে
দিয়ে |
11. নিলাজী বনৰ পাতৰ চলনৰ লগত আমাৰ ভৰিৰ চলনৰ আচৰণৰ মাজত পার্থক্য কি?
উত্তৰ : নিলাজী বনৰ পাতৰ চলন অনৈচ্ছিক কিন্তু আমাৰ ভৰিৰ চলন হ'ল ঐচ্ছিক কার্য। কিয়নো আমাৰ ইচ্ছা অনুসৰি ভৰি লচৰ কৰিব পাৰো কিন্তু নিলাজী স্পৰ্শ কৰাৰ লগে লগে ৰসস্ফীতি চাপৰ পাৰ্থক্যৰ বাবে ঘটে আনহাতে ভৰিৰ চলন মানুহৰ পশ্চাৎ মস্তিষ্কত থকা চেৰিবেলাম অংশৰদ্বাৰা নিয়ন্ত্রিত হয়। এই কাৰ্য স্নায়ুতৰ দ্বাৰা নিয়ন্ত্রিত হয়। কিন্তু উদ্ভিদত তেনে কোনো স্নায়ুতন্ত্র নাথাকে।