Tuesday, October 18, 2022

CHEPTER-12 বিদ্যুৎ (Electricity) পাঠটোৰ পাঠভিত্তিক প্রশ্নসমূহৰ উত্তৰ

 


                                          বিদ্যুৎ
(ELECTRICITY)


পাঠভিত্তিক প্রশ্নসমুহৰ উত্তৰ

 

1. এটা বৈদ্যুতিক বর্তনী বুলিলে কি বুজা ?

উত্তৰ : বৈদ্যুতিক প্ৰবাহৰ নিৰৱচ্ছিন্ন আৰু বন্ধ পথকে বৈদ্যুতিক বর্তনী বালো।

2. প্রবাহৰ এককৰ সংজ্ঞা দিয়া।

উত্তৰ :  কোনো পৰিবাহীৰ মাজেদি 1 ছেকেণ্ডত 1 কুলম্ব আধান সঞ্চালিত হ'লে প্ৰবাহক 1 এম্পিয়াৰ বুলি কোৱা হয়।

3.  এক কুলম্ব আধান হ'বলৈ প্ৰয়োজন হোৱা ইলেকট্ৰনৰ সংখ্যা গণনা কৰা।

উত্তৰ :  এটা ইলেক্ট্রনৰ আধান e = 1.6 × 10-19 কুলম্ব

      অর্থাৎ 1.6 x 10-19 কুলম্ব আধানত থকা ইলেক্ট্ৰনৰ সংখ্যা = 1

গতিকে 1 কুলম্ব আধানত থকা ইলেক্ট্রনৰ সংখ্যা = 1/1.6 × 10-19 টা

                               = 10/16 × 10-19 টা

                                = 0.625 × 10-19 টা

4. পৰিবাহীত বিভৱভেদ বৰ্তাই ৰখা সঁজুলি এটাৰ নাম লিখা।

উত্তৰ : এক বা ততোধিক বৈদ্যুতিক কোষেৰে নিৰ্মিত বেটাৰী

5. দুটা বিন্দুৰ মাজৰ বিভৱভেদ 1V বুলি ক'লে কি বুজায় ?

উত্তৰ : দুটা বিন্দুৰ মাজৰ বিভবভেদ 1 ল্ট বুলি কোৱাৰ অৰ্থ হ'ল সেই বিন্দু দুটাৰ যিকোনো এটাৰ পৰা 1 কুলম্ব পৰিমাণৰ আধান আনটো বিন্দুলৈ নিবলৈ কৰিব লগা কাৰ্য্যৰ পৰিমাণ 1 জুল।         

6. 6V বেটাৰী এটাৰ মাজেৰে চালিত হওঁতে প্রতি কুলম্ব আধানক কিমান শক্তি দিয়া হয় ?

উত্তৰ : দিয়া আছে বিভৱভেদ(V)= 6V

             আধান(Q)= 1C

আমি জানো যে,

        V=W/Q

      ⇒W=VQ

               ⇒W =  6×1 = 6 Jule

 7. পৰিবাহীৰ ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰ : পৰিবাহীৰ ৰোধ তাৰ (i)দৈৰ্ঘ্য (ii)প্রস্হচ্ছেদৰ কালি আৰু (iii)পদাৰ্থৰ প্রকৃতিৰ ওপৰত নিৰ্ভৰ কৰে

8. একেটা উৎসৰ লগত সংযোজিত, একে পদাৰ্থৰ এডাল শকত আৰু এডাল ক্ষীণ তাঁৰৰ কোনডালত বেছি সহজে প্রবাহ চালিত হয়? আৰু কিয় ?

উত্তৰ : একে পদাৰ্থৰে গঠিত ক্ষীণ পৰিবাহী এডালতকৈ শকত পৰিবাহী এডালৰ মাজেৰে প্ৰবাহ সহজে পাৰহৈ যাব পাৰে। কাৰণ পৰিবাহীৰ ৰোধৰ (R) ইয়াৰ প্ৰস্থচ্ছেদব কালি (A) ৰ ব্যস্তানুপাতিক। যিহেতু শকত তাঁৰৰ প্রস্থচ্ছেদৰ কালি ক্ষীণ তাঁৰতকৈ বেছি। গতিকে ইয়াৰ ৰোধ কম হ'ব আৰু ইয়াৰ মাজেৰে প্ৰবাহ সহজে পাৰহৈ যাব পাৰিব।

9. ধৰা হওক বৈদ্যুতিক উপাদান এটাৰ দুই মূৰৰ মাজৰ বিভবভেদ আগৰ মানৰ আধালৈ কমাওতে ৰোধৰ মান একে থাকে। ইয়াৰ মাজেৰে চালিত প্রবাহৰ কি পৰিবৰ্তন হ'?

 

 উত্তৰ : ওমৰ সূত্র মতে,

                                   V = IR

                              I = V/R

বিভবভেদ আগৰ মানৰ আধা লে V = V/2

  গতিকে, I = (V/2)/R

         = 1/2V/R

         = 1/2(I)   Since(I=V/R) 

গতিকে চালিত প্রবাহৰ মান আগৰ মানৰ আধা হ 

11.পাউৰুটি সেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰে গঢ়াৰ বিপৰীতে সংকৰ ধাতুৰে গঢ়া হয় কিয় ?

উত্তৰ : বৈদ্যুতিক পাউৰুটি সেকা সঁজুলি আৰু বৈদ্যুতিক ইস্ত্রিৰ কুণ্ডলী সংকৰ ধাতুৰে নিৰ্মিত হোৱাৰ কাৰণ হ'— (i) সংকৰ ধাতুৰ ৰোধকতা (specific resistance) সাধাৰণতে ইয়াক গঠনকাৰী ধাতুবিলাকতকৈ অধিক হয়। (ii) ই উচ্চ উষ্ণতাত অতি সহজে জাৰিত নহয়।

12. প্ৰতিটোৰে 2V কৈ তিনিটা কোষৰ এটা বেটেৰী, এটা 5 Ω ৰ ৰোধক, এটা 8 Ω ৰ ৰোধক, এটা 12 Ω ৰ ৰোধক আৰু এটা প্লাগ চাবি শ্ৰেণীবদ্ধভাবে সংযোগ কৰি এটা বৰ্তনীৰ নক্সা অংকন কৰা।

উত্তৰ :



 13. ৰোধক কেইটাৰ মাজেৰে যোৱা প্ৰবাহ জুখিবৰ বাবে এটা এমিটাৰ আৰু 12 Ω ৰোধকটোৰ দুই মূৰৰ মাজৰ বিভৱভেদ জুখিবৰ বাবে এটা ভল্টমিটাৰ সংযোগ কৰি 1 নং প্ৰশ্নত দিয়া বৰ্তনীটো পুনৰ অংকন কৰা। এমিটাৰ আৰু ভল্টমিটাৰৰ পাঠ কি হ'?

উত্তৰ :

             


 

 মুঠ বিভৱভেদ(V)= (3×2)V= 6V

বৰ্তনীটোৰ মুঠ ৰোধ(R)= 5 Ω+ 8 Ω+ 12 Ω = 25Ω

এমিটাৰৰ পাঠ  I = V/R = 6/25 = 0.24A

 ভল্টমিটাৰৰ পাঠ  V = IR

                              = 0.24×12

                              = 2.88V

14. নিম্নোক্তবোৰৰ সমান্তৰাল সংযোজন ৰোধ নিৰ্ণয় কৰা।                                       (a)1Ω আৰু 106Ω      (b) 1Ω,103Ω আৰু 106Ω

উত্তৰ :  যিহেতু সমান্তৰাল সংযোগৰ সমতুল্য ৰোধৰ মান আটাইতকৈ সৰু ৰোধটোতকৈ কম হয় আৰু ইয়াৰ আটাইতকৈ সৰু ৰোধ 1Ω গতিকে (a)আৰু (b) দুয়োটা ক্ষেত্ৰতে সমতুল্য ৰোধৰ মান 1Ωতকৈ কম হ’ব ।


16. 100Ω ৰ এটা বৈদ্যুতিক বাল্ব, 50 Ω ৰ এটা পাউরুটি সেকা সঁজুলি আৰু 500 Ω ৰোধৰ এটা পানীৰ ফিল্টাৰ 220 V উৎসৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে। যদি এটা বৈদ্যুতিক ইস্ত্রি একেটা উৎসৰ লগত সংযোগ কৰা হয় আৰু যদি ই আন তিনিওটাই লোৱাৰ সমান প্রবাহ লয় তেন্তে ইস্ত্ৰিটোৰ ৰোধ কিমান হ'ব আৰু ইয়াৰ মাজেৰে চালিত প্রবাহ কিমান হ' ?

উত্তৰ :   দিয়া আছে

                  বৈদ্যুতিক বাল্বটোৰ ৰোধ(R1)= 100 Ω

                   পাউরুটি সেকা সঁজুলিটোৰ ৰোধ(R2)= 50 Ω

                             পানীৰ ফিল্টাৰটোৰ ৰোধ(R3)=500 Ω

                 বিভৱভেদ(V)=220V

যিহেতু R1,R2 আৰু R3 ৰোধ তিনিটা সমান্তৰাল ভাবে সংযোগ হৈ আছে গতিকে সমতুল্য ৰোধৰ মান হ

           1/R = 1/R1+1/R2+1/R3

           1/R = 1/100+1/50+1/500

           1/R = 5+10+1/500

           1/R = 16/500

           R  = 500/16

           R  =125/4 = 31.25 Ω

বৈদ্যুতিক সজুলীবোৰৰ মাজেৰে যোৱা বিদ্যুৎ প্রবাহ

         I = V/R

           = 220/31.25

           = 7.04A

যিহেতু বৈদ্যুতিক ইস্ত্রিটো একে উৎস 220V ৰ লগত সংযোগ কৰা হৈছে ইয়াৰ মাজেদিও বাকী সঁজুলিকেইটাৰ দৰে I =7.04A প্ৰবাহ চালিত হ'ব। ইয়াৰ ৰোধ R = 31.25 Ω


17. এটা বেটাৰীৰ লগত বৈদ্যুতিক সঁজুলিবোৰ শ্রেণীবদ্ধ সজ্জাত সংযোগ কৰাতকৈ সমান্তৰাল সজ্জাত সংযোগ কৰিলে কি কি সুবিধা হয়?

উত্তৰ : বৈদ্যুতিক সঁজুলিবোৰ বেটাৰীৰ লগত সমান্তৰালভাৱে সংযোগ কৰাৰ সুবিধাসমূহ হ'

 (i) বিভিন্ন ৰোধযুক্ত বিভিন্ন বৈদ্যুতিক সঁজুলিক কাম কৰিব বাবে বিভিন্ন পৰিমাণৰ প্ৰবাহৰ প্রয়োজন হয়। সমান্তৰাল বর্তনীয়ে প্রবাহক ভাগ কৰি বেলেগ বেলেগ সঁজুলিৰ মাজেৰে ৰোধ অনুযায়ী বেলেগ বেলেগ প্রবাহ পঠিয়ায়। যিটো শ্রেণীবদ্ধ বর্তনীৰ ক্ষেত্ৰত সম্ভৱ নহয়। শ্রেণীবদ্ধ বর্তনীত বৈদ্যুতিক সঁজুলিৰ ৰোধ ভিন্ন হ'লেও সকলোবোৰ সঁজুলিৰ মাজেৰে সম পৰিমাণৰ প্ৰবাহ চালিত হয়।

(2) বৈদ্যুতিক সঁজুলিবোৰ সমান্তৰাল বৰ্তনীত সংযোগ কৰিলে তাৰ কোনো এবিধ সঁজুলি বেয়া হ'লেও বাকীবোৰে কাম কৰি থাকিব পাৰে। যিটো শ্রেণীবদ্ধ বর্তনীত সম্ভৱ নহয়। শ্রেণীবদ্ধ বর্তনীত কোনো এবিধ সঁজুলি বেয়া হোৱাৰ লগে লগে বৰ্তনীটো ভংগ হয়, আৰু আন সঁজুলিবোৰেও কাম কৰিব নোৱাৰা হয়।

18. 2Ω, 3Ω আৰু ৰ তিনিটা ৰোধক কেনেকৈ সংযোগ কৰিলে সিহঁতৰ মুঠ ৰোধ— (a) 4Ω আৰু (b) 1Ω পোৱা যাব ?

উত্তৰ : ধৰাহল ৰোধ তিনিটা R1 = 2Ω,R2= 3Ωআৰু R3=6Ω

         (a)  3Ω আৰু ৰোধ দুটা সমান্তৰালভাবে সংযোগ কৰিলে সমতুল্য ৰোধ হ

                ⇒1/R=1/R2+1/R3

               ⇒1/R=1/3+1/6

               ⇒1/R=9/18

               ⇒R = 18/9 = 2Ω

এই সংযোগটো R1 ৰোধটোৰ লগত শ্রেণীবদ্ধভাবে সংযোগ কৰি পাঁত্ত

     R+R1 = 2Ω+2Ω = 4 Ω

(b) R1,R2,R3 ৰোধ তিনিটা সমান্তৰালভাবে সংযোগ কৰিলে সমতুল্য ৰোধ হ

  1/Rp= 1/R1+1/R2+1/R3

           = ½+1/3+1/6

          = 3+2+1/6

          = 6/6 = 1 Ω


19.  5Ω, 8Ω, 12Ω আৰু 24Ω ৰোধৰ চাৰিটা কুণ্ডলী লগ লগাই পাব পৰা

(a) সর্বোচ্চ আৰু

(b) সর্বনিম্ন মুঠ ৰোধৰ মান কিমান হ'?

উত্তৰ : ধৰাহল ৰোধ চাৰিটা R1=5Ω,  R2= 8Ω, R3=12Ω, R4=24Ω

যেতিয়া R1,R2,R3,R4 ৰোধৰ চাৰিটা কুণ্ডলী শ্রেণীবদ্ধ সজ্জাত সংযোগ কৰা হয় তেতিয়া সৰ্বোচ্চ ৰোধ পোৱা যাব এইক্ষেত্ৰত সমতুল্য ৰোধ হ'

 R= R1+R2+R3+R4

  =5Ω+ 8Ω+ 12Ω+24Ω

    = 48Ω  

যেতিয়া চাৰিওটা কুণ্ডলী সমান্তৰাল সজ্জাত সংযোগ কৰা হ', তেতিয়া সৰ্বনিম্ন ৰোধ পোৱা যাব। এইক্ষেত্ৰত

সমতুল্য ৰোধ

      1/Rp =1/R1+1/R2+1/R3+1/R4

          = 1/5+1/8+1/12+1/24

          = 6+3+2+1/24

          = 12/24

          = ½

      Rp   = 2Ω


CHEPTER-12 বিদ্যুৎ (Electricity) পাঠটোৰ অনুশীলনীৰ প্রশ্নসমূহৰ উত্তৰ

  অনুশীলনী 1. R ৰোধৰ এডাল তাঁৰ পাঁচটা সমান ভাগলৈ বিভক্ত কৰা হ ' ল। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ ' ল। যদি সজ্জাটোৰ সমতূল্য ৰ...