Friday, August 27, 2021

অধ্যায়-4 কাৰ্বন আৰু তাৰ যৌগ(Carbon And Its Compound) পাঠটোৰ পাঠভিত্তিক প্রশ্নাৱলীৰ উত্তৰ

 



অধ্যায়-4

কাৰ্বন আৰু তাৰ যৌগ

CARBON AND ITS COMPOUND


পাঠভিত্তিক প্রশ্নাৱলীৰ উত্তৰ

1. কাৰ্বন ডাই অক্সাইডৰ(CO2)ৰ ইলেক্ট্রন বিন্দুৰ গঠন কি হ ?

উত্তৰঃ CO2ৰ ইলেক্ট্রন বিন্দুৰ গঠন হ-

             

2. আঠোটা ছালফাৰ পৰমাণুৰে গঠিত এটা ছালফাৰ অণুৰ ইলেকট্রন বিন্দু গঠন কি হ'?
(ইঙ্গিতআঠটাকৈ ছালফাৰ পৰমাণু এটা বলয় আকৃতিত আছে।

উত্তৰঃ ছালফাৰৰ আণবিক সূত্ৰ হৈছে S8S8 ৰ ইলেক্ট্রন ফুটৰ চিত্ৰ হৈছে-

        


 3. পেন্টেনৰ বাবে কেইটা গঠন সমযোগী আঁকিব পাৰিবা?

উত্তৰঃ    



4. কাৰ্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্র কাৰ্বনৰ যৌগ পাওঁ?

উত্তৰঃ (i)কেটিনেচন : কাৰ্বনে নিজৰ মাজতে বান্ধনি সৃষ্টি কৰি বৃহৎ সংখ্যক অনু গঠন কৰিব পাৰেএই ধৰ্মকে কেটিনেচন বুলি কোরা হয়

(ii) কাৰ্বনৰ চতুৰ্যোজ্যতা : কাৰ্বনে হাইড্ৰ'জেনৰ উপৰি অক্সিজেন নাইট্ৰজেন, ছালফাৰ, হেলজেন আৰু আন কাৰ্বন পৰমাণুৰ সৈতে একবন্ধনী দ্বিবন্ধনী আৰু ত্ৰিবন্ধনীৰ সৃষ্টি কৰে। কাৰ্বনৰ দ্বাৰা গঠিত সকলোবোৰ যৌগত কাৰ্বনৰ সদায় চতুর্যোজ্যতা প্রদর্শন হয়। ফলস্বৰূপে কাৰ্বনৰ যৌগ অসংখ্য হয়গৈ।

 5. চাইক্লপেন্টেনৰ সংকেত আৰু ইলেক্ট্রনীয় বিন্দু গঠন লিখা ?

উত্তৰঃ চাইক্লপেন্টেনৰ সংকেত হৈছে C5H10 ইয়াৰ ইলেক্ট্রন ফুটৰ চিত্ৰ হৈছে-


6. তলৰ যৌগবোৰৰ গঠন আঁকি দেখুত্তরা ?

(i) ইথানয়িক এছিড(CH3COOH)

    




(ii) ব্রপেন্টেন(C5H11Br)




(iii)বিউটান




(iv) হেক্সানেল





5. তলৰ যৌগবোৰৰ নাম লিখা ?

(i) CH3 –CH2 –Br

উত্তৰঃ ব্রমইথেন

(ii)



উত্তৰঃ মিথানেল

(iii)




 উত্তৰঃ হেক্সাইন

 6. ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্রিয়া?

উত্তৰঃ  যদি কোনো এটা বিক্রিয়কত অক্সিজেন যোগ হয় তেন্তে তাকে জাৰণ বিক্রিয়া বোলা হয়। ইথানলৰ পৰা ইথানয়িক এচিডৰ পৰিবৰ্তনত এটা অক্সিজেন পৰমাণু যোগ হয়  

 C2H5OH + Alkaline KMnO4   CH3COOH

ওপৰৰ বিক্ৰিয়াটো এটা জাৰণ বিক্ৰিয়া

 

7. লোহা জোৰা দিয়াৰ সময়ত (welding) অক্সিজেন আৰু ইথাইন দহন কৰা হয়। ইথাইনৰ লগত বায়ু কিয় ব্যৱহাৰ কৰা নহয় ?

উত্তৰঃ ইথাইন এছিডক যেতিয়া বায়ুৰ পৰিবেশত দহন কৰা হয় কলা ধোঁৱাৰে সৈতে হালধীয়া পোহৰৰ সৃষ্টি হয়। ইয়াৰ ফলত কম পৰিমাণৰ তাপশক্তিৰ উদ্ভৱ হয়, যিখিনি ৱেল্ডিঙৰ বাবে যথেষ্ট নহয়। কিন্তু যেতিয়া অক্সিজেনৰ পৰিবেশত দহন কৰা হয় তেতিয়া যথেষ্ট পৰিমাণে তাপশক্তিৰে সৈতে নীলা শিখাৰ উৎপত্তি হয়। গতিকে, এই পৰিমাণৰ তাপশক্তি ৱেৰ্ল্ডিঙৰ বাবে যথেষ্ট

 

8. পৰীক্ষাৰ সহায়ত এলকহল আৰু কাৰ্বক্সিলিক এছিডৰ মাজৰ প্ৰভেদ কিদৰে দেখুৱাব পাৰি?

উত্তৰঃ ৰাসায়নিকভাবে ইথানল আৰু কার্বক্সিলিক এছিডৰ চিনাক্তকৰণৰ বাবে দুটা পৰীক্ষা আছে

 (a) ক্ষাৰকীয় KMnO4 ৰ সৈতে পৰীক্ষা : যেতিয়া এলকলক ক্ষাৰকীয় KMnO4 দ্ৰবৰ সৈতে বিক্রিয়া ঘটিবলৈ দিয়া হয় তেতিয়া KMnO4 ৰ গুলপীয়া ৰং নোহোৱা হব। কিন্তু কার্বক্সিলিক এছিডে এই পৰীক্ষাটো নেদেখুৱায়।

 (b) ছডিয়াম বাই কার্বনেটৰ সৈতে পৰীক্ষা : যেতিয়া কার্বক্সিলিক এছিডক ছডিয়াম বাই কার্বনেটৰ সৈতে বিক্রিয়া ঘটিবলৈ দিয়া হয়, তেতিয়া CO2 গেছৰ বুৰবুৰণি ওলাব, কিন্তু এলকহলে এই বিক্ৰিয়াটো নেদেখুৱায়।

 

9.  জাৰক দ্রব্য কি?

উত্তৰঃ যিবোৰ পদাৰ্থই বেলেগ পদার্থক জাৰিত কৰে বা অক্সিজেনৰ পৰমাণু যোগ কৰে তাকেই জাৰক পদার্থ বোলে ৷ জাৰক পদার্থই নিজে বিজাৰিত হয়। উদাহৰণ স্বৰূপে, ক্ষাৰকীয় KMnO4 দ্ৰবই এলকলক কাৰ্বক্সিলিক এছিডলৈ জাৰিত কৰে। গতিকে ক্ষাৰকীয় KMnO4 জাৰক পদার্থ তেনেদৰে আম্লিক K2Cr2 O7 বা গাঢ় HNO3 জাৰক পদার্থ।

 

10. অপমাৰ্জক ব্যৱহাৰ কৰি পানী কঠিন হয় নে নহয় ক'ব পাৰিবানে ?

উত্তৰঃ অপমাৰ্জকৰ দ্বাৰা পানীৰ কঠিনতা নির্ণয় কৰিব নোৱাৰি, কাৰণ অপমাৰ্জকে কঠিন পানীতো ফেন প্রস্তুত কৰে।

 

  11. কাপোৰ ধুবলৈ মানুহে বিভিন্ন পদ্ধতি অৱলম্বন কৰে। সাধাৰণতে চাবোন ঘঁহি কাপোৰখন শিল এচলাত থুকুছে বা ভৰিৰে গছকে, ব্ৰাছ কৰে নাইবা কাপোৰ ধোৱা যন্ত্ৰত (washing machine) ভৰাই জোকাৰি দিয়ে। কাপোৰ পৰিষ্কাৰ কৰিবলৈ কিয় জোকাৰিব লাগে?


উত্তৰঃ যেতিয়া লেতেৰা কাপোৰ চাবোন পানীত জুবুৰিয়াই থোৱা হয় তেতিয়া মাইচেলিৰ গঠন হয়। এই মাইচেলিয়ে পানী আৰু তৈল পদার্থ দুয়োটাকে আকর্ষণ কৰে। ইয়াৰ ফলত পানীৰ পৃষ্ঠটান হ্রাস পায় আৰু পানীত তেলৰ এটা সুস্থিৰ ইমালছনৰ সৃষ্টি হয়। কাপোৰৰ পৃষ্ঠৰ পৰা মলি আঁতৰোৱাৰ বাবে কাপোৰখন শিল এচলাত থুকুচা বা ব্ৰাছেৰে নাইবা কাপোৰ ধোৱা মেচিনত ভৰাই জোঁকাৰি দিয়া হয়।

 

 

 

      

     

Saturday, August 21, 2021

অধ্যায় 3 ধাতু আৰু অধাতু(Metals And Non-Metals) পাঠটোৰ অনুশীলনীৰ প্রশ্ন উত্তৰ


অনুশীলনীৰ উত্তৰ

 


1. তলৰ কোনবোৰ ক্ষেত্ৰত প্ৰতিস্থাপন বিক্রিয়া ঘটিব?

   (a) NaCl ৰ দ্ৰব আৰু কপাৰ ধাতু             (b) MgCl2 ৰ দ্ৰৱ আৰু এলুমিনিয়াম ধাতু    

    (c) FeSO4 ৰ দ্ৰৱ আৰু ছিলভাৰ ধাতু            (d) AgNO3 ৰ দ্ৰব আৰু কপাৰ ধাতু।

উত্তৰঃ (d) AgNO3 ৰ দ্ৰব আৰু কপাৰ ধাতু।

2. লোৰ টাৱা (iron frying pan) এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ'?

(a) গ্ৰীজ ব্যৱহাৰ কৰি                  (b) ৰং ব্যৱহাৰ কৰি

(c) জিংকৰ প্ৰলেপ দি                   (d) ওপৰৰ সকলো

উত্তৰঃ (c) জিংকৰ প্ৰলেপ দি                  

3. এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্ৰৱণীয়। সম্ভৱপৰ মৌলটো

    (a) কেলছিয়াম            (b) কার্বন            (c) ছিলিকন            (d) আইৰন

উত্তৰঃ      (a) কেলছিয়াম            

 

4. খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়; জিংকৰ নহয়। কিয়নো

        (a) টিনতকৈ জিংক দামী                       (b) জিংকৰ গলনাংক টিনতকৈ বেছি

       (c) জিংক টিনতকৈ অধিক সক্রিয়            (d) জিংক টিনতকৈ কম সক্রিয়।

উত্তৰঃ   (c) জিংক টিনতকৈ অধিক সক্রিয়           

 5. তোমাক এটা হাতুৰী, এটা বেটাৰী, অলপ তাৰ আৰু এটা ছুইচ্ছ দিয়া হ'ল৷

(a) এই বস্তুবোৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈ চিনাক্ত কৰিবা?

(b) ধাতু/অধাতুৰ চিনাক্তকৰণত এই পৰীক্ষাবোৰৰ উপযোগিতা মূল্যাঙ্কন কৰা।

 উত্তৰঃ (a) হাতুৰিৰে কোবালে যদি তাঁৰডাল চেপেটা হয় তেন্তে ধাতু হব।আনহাতে যদি তাঁৰডাল ভাঙি যায় তেন্তে ই অধাতু হব।

      আকৌ বেটাৰি,তাঁৰ,চুইচ আৰু বাল্বৰ সহায়ত এটা বৰ্তনি সজা হল।বৰ্তনিটোৰ চুইচ অন কৰিলে যদি বাল্বটো জ্বলি উঠে তেনেহলে তাঁৰডাল ধাতু হব অন্যথা ই আধাতু।

(b) ঘাটসহনীয়তা ধৰ্মৰ বাবে লোৰ টুকুৰা এটা হাতুৰাৰে কোবাই পাতল পাত এচটা বনাব পাৰি। ইয়াক টিনপাত, বাকচৰ পৃষ্ঠা, বাল্টি, অন্যান্য পাত্র আদি তৈয়াৰ কৰিবৰ বাবে ব্যৱহাৰ হয়। অধাতুৰ এই ধর্ম নাই।

 ধাতুবোৰ বিদ্যুতৰ সুপৰিবাহী হোৱা বাবে ইয়াক বৈদ্যুতিক তাঁৰ তৈয়াৰ কৰাত ব্যৱহাৰ হয়। যেনেকপাৰ বা এলুমিনিয়ামৰ তাৰক বৈদ্যুতিক বর্তনী তৈয়াৰ কৰাত ব্যৱহাৰ হয়। অধাতুসমূহ কু-পৰিবাহী।

 6. উভধর্মী অক্সাইড কাক বোলে? দুটা উভধর্মী অক্সাইডৰ উদাহৰণ দিয়া।

 উত্তৰঃ যিবোৰ অক্সাইডে অম্ল আৰু ক্ষাৰ দুয়োৰে সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে তাকেই উভধর্মী অক্সাইড বোলে।

উদাহৰণ স্বৰুপে

    Al2O3  +  6HCl    2AlCl3  +  3H2O

    Al2O3  +  2NaOH   2NaAlCO2  +  H2O

    ZnO  +  2HCl   ZnCl2  +  H2O

    ZnO  +  2NaOH   Na2ZnO2  +  H2O

 

8. M ধাতুৰ বৈদ্যুতিক শোধনৰ বেলিকা এন, কেথড আৰু বিদ্যুৎবিশ্লেষ্য কি লব লাগিব ?

 

উত্তৰঃ অশুদ্ধ M ৰ দণ্ডক এনড হিচাপে আৰু বিশুদ্ধ Mৰ দণ্ডক কেথড হিচাপে লোৱা হয়। M ৰ যিকোনো লৱণৰ দ্ৰব বিদ্যুৎবিশ্লেষ্য হিচাপে লোৱা হয়।

 

9. প্রত্যুষে সৰু চামুচ এখনত ছালফাৰ গুড়ি লৈ উত্তাপিত কৰিলে। উদ্ভৱ হোৱা গেছটো তেওঁ কাষৰ চিত্ৰত দেখুওৱা ধৰণে এটা পৰীক্ষানলী ওভোটাকৈ ধৰি সংগ্ৰহ কৰিলে।

(a) (i) শুষ্ক লিটমাচ কাগজৰ লগত (ii) সিক্ত লিটমাচ কাগজৰ লগত গেছটোৰ বিক্রিয়া কেনে হ?

(b) ইয়াত বিক্ৰিয়াটোৰ সন্তুলিত সমীকৰণ লিখা।

                  

 (a) (i) শুকান লিটমাচৰ ওপৰত গেছটোৰ কোনো ক্রিয়া নহয়।

      (ii)  সিক্ত নীলা লিটমাচ পেপাৰ ৰঙা হব।

(b) সন্তুলিত সমীকৰণ হ

   S + O2 → SO2

  SO2 + H2O → H2SO3

 10. লোত মামৰ ধৰা ৰোধ কৰিবলৈ দুটা উপায় বর্ণনা কৰা।

 

উত্তৰঃ লোত মামৰে ধৰা ৰোধ কৰা পদ্ধতি দুটা হৈছে

(i) দস্তালেপন : এই পদ্ধতিত লোৰে তৈয়াৰী বস্তুৰ ওপৰত গলিত জিংকৰ এটা প্রলেপ দিয়া হয়।যাৰ ফলত বায়ু আৰু জলীয় বাষ্পই প্রত্যক্ষভাৱে লোৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰে। গতিকে লোত সহজে মামৰ নেলাগে।

(ii) সংকৰণ : যেতিয়া লো এটুকুৰা ক্রমিয়াম আৰু নিকেলৰ সৈতে সংকৰিত কৰা হয় তেতিয়া নিষ্কলংক তীখা প্রস্তুত হয়। ইয়াৰ বাবে লোৰ বস্তুবোৰ সহজে অৱক্ষয় নহয় আৰু মামৰ নালাগে।

 

11.  অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতুবিলাকে কেনে অক্সাইড উৎপন্ন কৰে?

 

উত্তৰঃ অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতুবিলাকে আম্লিক অক্সাইড উৎপন্ন কৰে।

12. কাৰণ দর্শোরা-

 (a) গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গল্ড আৰু ছিলভাৰ ব্যৱহাৰ কৰা হয়।

(b) 'ডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয়।

 (c)  এলুমিনিয়াম যথেষ্ট সক্রিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যবহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

 (d) ধাতু নিষ্কাশনৰ সময়ত কাৰ্বনেট আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয়।


উত্তৰঃ  (a) প্লেটিনাম, গল্ড,ছিলভাৰ আদিবোৰ নিষ্ক্রিয় ধাতু। সেয়ে জলীয় বাষ্প আৰু বায়ুৰ দ্বাৰা সহজে প্রভাৱান্বিত নহয়। এই ধাতুবোৰ ঘাটসহনীয় আৰু নমনীয়। গতিকে এইবোৰ ধাতুক যিকোনো আকৃতিলৈ পৰিৱৰ্তন কৰিব পাৰি।

(b) ডিয়াম, পটেছিয়াম আৰু লিথিয়াম ধাতুবোৰ অতি সক্রিয়।এই ধাতুবোৰে অক্সিজেনৰ লগত ইমান প্রবণতাৰে বিক্ৰিয়া কৰে যে মুক্ত বায়ুত বিক্ৰিয়া ঘটিলে জুই জ্বলি উঠে।দুৰ্ঘটনা ৰোধ কৰিবলৈ ইহঁতক কেৰাচিন তেলত ডুবাই ৰখা হয়।

(c) এলুমিনিয়াম ধাতু অতি শক্তিশালী, সস্তীয়া আৰু তাপৰ সুপৰিবাহী। অন্যহাতে এলুমিনিয়ামে বায়ুত থকা , গেছৰ সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম পাত্ৰটোৰ পৃষ্ঠত এলুমিনিয়াম অক্সাইডৰ  এটা পাতল প্রলেপৰ সৃষ্টি কৰে। এই অক্সাইডৰ তৰপে এলুমিনিয়ামক অতিৰিক্ত অৱক্ষয়ৰ পৰা ৰক্ষা কৰে।

(d) সক্রিয়তা শ্ৰেণীৰ মাজভাগত থকা ধাতু যেনে আইৰণ, জিংক, লেড, কপাৰবোৰ মজলীয়াভাৱে সক্রিয়প্রকৃতিত এই ধাতুবোৰ ছালফাইড বা কার্বনেট আকৰিক ৰূপত পোৱা যায়। ছালফাইড আৰু কাৰ্বনেট আকৰৰ তুলনাত অক্সাইড আকৰৰ পৰা ধাতু নিষ্কাশন সহজ৷ সেইকাৰণে বিজাৰণ কৰাৰ আগেয়ে ধাতৱ ছালফাইড আৰু কার্বনেট আকৰ ধাতৱ অক্সাইডলৈ পৰিৱৰ্তিত কৰা হয়।

 

13 চেকা লগা কপাৰৰ পাত্র নেমু বা তেতেলী (tamarind) ৰসেৰে পৰিষ্কাৰ কৰা দেখিছানে? পাত্ৰবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙাজাতীয় বস্তু কিয় ব্যৱহাৰ কৰে?

 

উত্তৰঃ  কপাৰৰ পাত্ৰৰ ওপৰত চেকা লগাৰ কাৰণ হৈছে ইয়াৰ ওপৰত কপাৰ অক্সাইডৰ এটা পাতল প্রলেপ পৰে। কপাৰ অক্সাইডৰ প্রকৃতি হৈছে ক্ষাৰকীয়। আনহাতে কেতিয়াবা কপাৰৰ পাত্ৰৰ বৰণ সেউজীয়া হোৱাৰ কাৰণ হৈছেবেছিকৈ কপাৰ কাৰ্বনেটৰ এটা প্ৰলেপ সৃষ্টি হোৱা। নেমুটেঙাৰ ৰস হৈছে আম্লিক। যেতিয়া নেমুটেঙাৰে কপাৰৰ বাচন ধোৱা হয়, তেতিয়া  কপাৰ কাৰ্বনেট অথবা কপাৰ অক্সাইডে নেমুটেঙাত থকা চাইট্রিক এছিডৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে, যাক পানীৰে ধুই গুচাই দিয়া হয়। ইয়াৰ ফলত কপাৰৰ পাত্ৰটো আগৰ দৰে চিকচিকিয়া হৈ উঠে।

 

14. ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা।

 

উত্তৰঃ ধাতু আৰু অধাতুৰ ৰাসায়নিক পার্থক্য হৈছে

 

ধাতু

অধাতু

1. ধাতুসমূহে ধনাত্মক আধান সৃষ্টি কৰে

1. অধাতুৱে ঋণাত্মক আধানৰ সৃষ্টি কৰে।

2. সক্রিয় ধাতুসমূহে পানীৰ সৈতে বিক্রিয়া কবি হাইড্ৰ'জেন গেছ সৃষ্টি কৰে

2. অধাতুসমূহে পানীৰ সৈতে বিক্রিয়া নকৰে।

 

3. ধাতুসমূহে এছিডৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰ'জেন গেছ উৎপন্ন কৰে

3. অধাতুসমূহে এছিডৰ সৈতে বিক্রিয়া নকৰে।

4. ধাতুসমূহ জাৰিত হৈ ধনাত্মক আধান প্রস্ত্তত কৰে

4. অধাতুসমুহ বিজাৰিত হৈ ঋণাত্মক আধান

প্রস্তুত কৰে।

 

 

Sunday, August 15, 2021

অধ্যায় ৩ - ধাতু আৰু অধাতু(Metals And Non-Metals)পাঠভিত্তিক প্রশ্নারলীৰ প্রশ্ন সমূহৰ উত্তৰ

 



অধ্যায় ৩

ধাতু আৰু অধাতু(Metals And Non-Metals)

 

 

পাঠভিত্তিক প্রশ্নাৱলীৰ উত্তৰ

 

1. ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু

 (i) সাধাৰণ উষ্ণতাত (room temperature) জুলীয়া৷

 (ii) কটাৰিৰে সহজে কাটিব পাৰি।

 (iii) তাপৰ আটাইতকৈ সুপৰিবাহী ৷

 (iv) তাপৰ কম পৰিবাহী।

উত্তৰ : (i) পাৰা (Hg)   (ii) 'ডিয়াম (Na)   (iii) কপাৰ (Cu)   (iv) লেড (Pb)


 2. ধাতুৰ ঘাতসহনীয়তা আৰু নমনীয়তাৰ অৰ্থ বহলাই আলোচনা কৰা৷                               

উত্তৰ : কোনো এটা ধাতুক হাতুৰীৰে মৰিয়াই পাতল টিন এচটালৈ পৰিৱৰ্তন কৰাকে ধাতুৰ ঘাতসহনীয়তা বোলে। ধাতুৰ এই গুণটোৰ বাবে নানা ধৰণৰ সামগ্ৰী, যেনেটিপাত, বাকচ, বাল্টি, ৰন্ধাৰ সামগ্ৰী ইত্যাদি তৈয়াৰ কৰিব পৰা যায়।

          ধাতু এবিধক টানি এডাল তাৰলৈ পৰিবৰ্তন কৰা গুণকে ধাতুটোৰ নমনীয়তা গুণ বোলে। এই গুণটোৰ বাবে নানা ধৰণৰ সামগ্ৰী, যেনেবৈদ্যুতিক তাৰ, বস্তু বান্ধিবলৈ ব্যৱহাৰ কৰা তাৰ, আ-অলংকাৰ ইত্যাদি তৈয়াৰ কৰিব পৰা যায়।

3. 'ডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুৱাই ৰখা হয় ?

উত্তৰ : ছ'ডিয়াম অতিশয় সক্রিয় ধাতু হোৱাৰ বাবেই বায়ুত থকা অক্সিজেন আৰু জলীয় বাষ্পৰ সৈতে অতি উচ্চ প্ৰৱণতাৰে বিক্ৰিয়া কৰে ৷ যাৰ ফলত জুই জ্বলি উঠিব পাৰে ৷ গতিকে এই ভয়ানক বিক্রিয়াটো বন্ধ কৰিবৰ বাবে ছ'ডিয়াম ধাতুক কেৰাচিন তেলত ডুবাই ৰখা হয়।

4. তলৰ বিক্ৰিয়াবিলাকৰ ৰাসায়নিক সমীকৰণ লিখা

   (i) উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰনৰ বিক্রিয়া।

 (ii) পানীৰ লগত কেলছিয়াম আৰু পটাছিয়ামৰ বিক্রিয়া৷

উত্তৰ : (i)   3Fe + 4H2O    Fe3O4 + H2

           (ii)  Ca  +  2H2O    Ca(OH)2  +  H2

                 2K + 2H2O    2KOH  +  H2 + তাপ


6. লঘু হাইড্ৰ'ক্ল'ৰিক এছিডত (HCI) এটা সক্রিয় ধাতু দিলে কি গেছ উৎপন্ন হয় ? আইৰনে লঘু H2SO4 ৰ লগত কৰা বিক্ৰিয়াটোৰ সমীকৰণ লিখা।

উত্তৰ : ধাতুৰ ক্ল'ৰাইড আৰু হাইড্ৰ'জেন গেছৰ উৎপত্তি হ'ব। যেতিয়া আইনে (Fe) লঘু H2 SO4 ৰ লগত বিক্রিয়া কৰে তেতিয়া FeSO4 (ফেৰাচ ছালফেট) আৰু হাইড্ৰ'জেন গেছ উৎপত্তি হ'ব।

                Fe  +   H2SO4       FeSO4   +   H2


7. আইৰন (II) ছালফেট দ্ৰৱণত জিংক ধাতু দিলে কি দেখিবা? সংঘটিত হোৱা বিক্ৰিয়াটো লিখা।

 উত্তৰ : জিংকে Feso·ৰ দ্ৰবৰ পৰা Fe অপসাৰিত কৰিব, কাৰণ জিংক আইৰনতকৈ অধিক সক্রিয়।

                Zn   +    FeSO4        ZnSO4   +   Fe

 

 8. (i) 'ডিয়াম, অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেক্ট্রন বিন্দু গঠন (electron dot structure) লিখা।

  (ii) ইলেক্ট্রন স্থানান্তৰণৰ জৰিয়তে Na2O আৰু MgO ৰ গঠন লিখা।

   (iii) এই যৌগটোত থকা আয়নসমূহ কি কি?

উত্তৰ :

(i) ডিয়ামৰ ইলেক্ট্রন বিন্দুৰ গঠন     

 অক্সিজেনৰ ইলেক্ট্রন বিন্দুৰ গঠন 

 মেগনেছিয়ামৰ ইলেক্ট্রন বিন্দুৰ গঠন 

 

(ii) Na2O : 'ডিয়ামৰ ইলেকট্ৰনীয় বিন্যাস হৈছে 2.8.1গতিকে সুষ্ঠিৰ অষ্টক লাভ কৰিবলৈ হ'লে ছ'ডিয়ামে M কক্ষৰ পৰা এটা ইলেকট্রন ত্যাগ কৰিব লাগিব। ইয়াৰ ফলত Na পৰমাণুৱে Na+ আয়নলৈ পৰিৱৰ্তন হব।

                           Na        Na+   +  e-

                          2.8.1         2.8

অক্সিজেনৰ ইলেকট্রনীয় বিন্যাস হৈছে 2.6 গতিকে সুষ্ঠিৰ অষ্টক  লাভ কৰিবলৈ অক্সিজেনে দুটা ইলেকট্রন লাভ কৰিব লাগিব। এই দুটা ইলেকট্রন দুটা ছ'ডিয়াম পৰমাণুৰ পৰা লাভ কৰি অক্সিজেন পৰমাণুৱে O2- আয়নলৈ পৰিৱৰ্তিত হব।

                           O     +  2e      O2-

ডিয়াম আৰু অক্সিজেন আয়ন দুটা বিপৰিত আধানযুক্ত হোরা হেতুকে পৰস্পৰে পৰস্পৰক আকষন কৰে আৰু দৃঢ় বিদ্যুৎ আকষনিয় বলৰ দ্বাৰা বান্ধ খাই Na2O অনুৰ সৃষ্টি হয়।

      Na+ + O2-  +  Na+    Na2O

MgO : মেগনেছিয়ামৰ ইলেকট্রনীয় বিন্যাস হৈছে 2.8.2 গতিকে মেগনেছিয়ামে অক্টেট গঠনৰ বাবে M খোলত থকা দুইটা ইলেকট্রন এৰিব লাগিব যাৰ ফলত Mg পৰমাণুটো Mg2+ আয়নলৈ পৰিৱৰ্তিত হব।

                   Mg       Mg2+  +  2e

                  2.8.2         2.8

অক্সিজেনৰ ইলেকট্রনীয় বিন্যাস হৈছে 2.6 গতিকে অক্টেট গঠনৰ বাবে অক্সিজেন দুটা ইলেট্রনৰ আৱশ্যক আৰু এই ইলেকট্রন দুটা Mg পৰমাণুৰ পৰা লাভ কৰিব।

                        O  +  2e-      O2-

                      2.6                   2.8

এতিয়া Mg2+ আৰু O2- আয়নৰ মাজত হোৱা আকর্ষণীয় বলৰ ফলত MgO অণু গঠন হয়।

                 Mg2+  +   O2-      MgO

(iii) এই যৌগসমূহত থকা আয়নসমূহ হৈছে  Na+, O2-, and  Mg2+


9. আয়নীয় যৌগৰ গলনাংক কিয় বেছি?

উত্তৰ : আয়নীয় যৌগসমূহত থকা কেটায়ন আৰু এনায়নবোৰ এক শক্তিশালী আকৰ্ষণীয় বলৰ দ্বাৰা বান্ধ খাই থাকে। গতিকে, এই আকর্ষণীয় বল ভাঙিবৰ বাবে বহু পৰিমানৰ শক্তিৰ আৱশ্যক হয়। সেয়ে আয়নীয় যৌগসমূহৰ গলনাংক বেছি হয়।

 10. তলত দিয়াবোৰৰ সংজ্ঞা লিখা।

(i) মণিক (mineral)  (ii) আকৰ  (iii) খনিজ মল (gangue)

উত্তৰ : মণিক : এইবোৰ হৈছে প্ৰকৃতিত পোৱা কিছুমান যৌগ, ত ধাতু এটা মাটিৰ সৈতে অশুদ্ধি হিচাপে পোৱা যায়।

 

(ii) আকৰিক : যি খনিজ পদাৰ্থৰ পৰা কোনো এক ধাতু সুবিধাজনকভাৱে আৰু লাভজনকভাৱে আহৰণ কৰিব পাৰি তাকেই আকৰিক বোলে। যেনেজিংকৰ আকৰিক হজিংকব্লেণ্ড, লোৰ আকৰিক হ'হিমেটাইট।

 

(iii) খনিজ মল : আকৰিকৰ সৈতে মিশ্রিত হৈ থকা অশুদ্ধিসমূহক খনিজ মল বোলে।


11. প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা।

 উত্তৰ : প্রকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নামল্ড আৰু প্লেটিনাম।


12. অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্রয়োগ কৰা হয়?

উত্তৰ : অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কাৰ্বন বিজাৰণ পদ্ধতি প্রয়োগ কৰা হয় ।

14. কোনবোৰ ধাতু সহজে ক্ষয় নহয়?

উত্তৰ : গ’ল্দ, প্লেটিনাম আৰু ছিলভাৰ আদি ধাতু সহজে ক্ষয় নহয়।

15. সংকৰ ধাতু কি ?

উত্তৰ : দুই বা তাতোধিক ধাতু নাইবা এটা ধাতু আৰু এটা অধাতুৰ সমসত্ব মিশ্রণেই হৈছে সংকৰ ধাতু।

 

 

 

     

 

 

 

 

 

 

 

 

 

CHEPTER-12 বিদ্যুৎ (Electricity) পাঠটোৰ অনুশীলনীৰ প্রশ্নসমূহৰ উত্তৰ

  অনুশীলনী 1. R ৰোধৰ এডাল তাঁৰ পাঁচটা সমান ভাগলৈ বিভক্ত কৰা হ ' ল। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ ' ল। যদি সজ্জাটোৰ সমতূল্য ৰ...