Friday, July 23, 2021

অধ্যায়-১ ৰাসায়নিক বিক্রিয়া আৰু সমীকৰণ পাঠটোৰ অনুশীলনীৰ 9 নম্বৰৰ পৰা 20 নম্বৰলৈ প্রশ্নসমূহৰ উত্তৰ

 



9.  তাপৰজী আৰু তাপগ্রাহী বিক্রিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া ।

উত্তৰ : তাপবজী বিক্রিয়া: যিবোৰ বিক্রিয়াত বিক্রিয়াজাত পদাথ উৎপন্ন হোরাৰ লগতে তাপৰ উদ্ভর হয় সেইবোৰক তাপবজী ৰাসায়নিক বিক্রিয়া বোলা হয়

যেনে প্রাকৃতিক গেছৰ দহন

  CH4 + 2O2 CO2 +2H2O

তাপগ্রাহী বিক্রিয়া : যিবোৰ বিক্রিয়াত শক্তি শোষিত হয় তেনে বিক্রিয়াক তাপগ্রাহী বিক্রিয়া বোলা হয়

যেনে : N2 + O2 2NO + তাপশক্তি

10. শ্বসনক এটা তাপবর্জী বিক্রিয়া বুলি কিয় বিবেচনা কৰা হৈছে? ব্যাখ্যা কৰা৷

 

উত্তৰ : আমি সকলোরে জানো যে জীয়াই থাকিবলৈ আমাক শক্তি লাগেএই শক্তি আমি খাদ্যৰ পৰা পাওঁহজম প্রক্রিয়াত খাদ্য বস্ত্ত সৰল পদাথলৈ ভাঙি যায়আমি খোরা খাদ্যবস্ত্ত যেনে চাত্তল,আলু আদিত Carbohydrate থাকে,হজম প্রক্রিয়াত এই Carbohydrateবোৰ গ্লুকজলৈ ভাঙি যায়এই গ্লুকজ আমাৰ দেহৰ কোষত অক্সিজেনৰ সৈতে লগ হয় আৰু শক্তিৰ যোগান ধৰেসেইবাবে শ্বসনক এটা তাপবজী বিক্রিয়া বুলি বিবেচনা কৰা হয়

         C6H12O6 + 6O2 +  H2O 6CO2 + 12H2O + শক্তি

11. বিয়োজন বিক্রিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয়? এই সমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ         লিখা ৷

উত্তৰ :  যি বিক্ৰিয়াত কোনো এটা যৌগই দুই বা ততোধিক সৰল যৌগ বা মৌললৈ পৰিবৰ্তিত হয় তাকেই বিয়োজন বিক্রিয়া বোলে। আনহাতে সংযোজন বিক্রিয়াত দুই বা ততোধিক যৌগ বা মৌল লগ লাগি এটা যৌগলৈ পৰিবৰ্তিত হয়। সেয়ে দুয়োটা বিক্রিয়া পৰস্পৰ বিপৰীত।

বিজোজন বিক্রিয়া :                                                       

FeSO4(s) Fe2O3(s) + SO2(g) + SO3(g)

সংযোজন বিক্রিয়া :

CaO(s) + H2O (l) Ca(OH)2(aq)

12.  তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখা।

উত্তৰ : যি বিক্ৰিয়াত তাপশক্তি শোষিত হয় তাৰ উদাহৰণ হৈছে

      CaCO3(s) CaO(s) + CO2(g)

যি বিক্ৰিয়াত পোহৰ শক্তি শোষিত হয়, তাৰ উদাহৰণ হৈছে

       2AgBr(s) → 2Ag(s) + Br2(g)

 

যি বিক্রিয়া বিদ্যুৎশক্তি ব্যৱহাৰ হয় তাৰ উদাহৰণ হৈছে

      2H2O(l) →2 H2(g) + O2(g)

13. অপসাৰণ আৰু দ্বি-অপসাৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি? এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা।

উত্তৰ : অপসাৰণ আৰু দ্বি অপসাৰণ বিক্রিয়াৰ মাজৰ পাথক্য হল অপসাৰণ বিক্রিয়াত এটা মৌলই আন এটা মৌলক তাৰ যৌগ এটাৰ পৰা অপসাৰিত কৰে আনহাতে দ্বিঅপসাৰণ বিক্রিয়াত দুটা বেলেগ বেলেগ পৰমাণু বা পৰমাণুৰ থুপৰ পৰস্পৰৰ লগত স্হান বিনিময় ঘটে    

অপসাৰণ বিক্রিয়া-

    Fe + CuSO4 FeSO4 + Cu

দ্বিঅপসাৰণ বিক্রিয়া-

   Na2SO4 + BaCl2 BaSO4 + 2NaCl

14.ছিলভাৰৰ পৰিশোধনত ছিলভাৰ নাইট্ৰে'ট দ্ৰৱৰ পৰা ছিলভাৰ আহৰণ কৰোঁতে ক'পাৰ ধাতুৰদ্বাৰা অপসাৰণ সংঘটিত কৰা হয়,জড়িত বিক্রিয়াটো লিখা

উত্তৰ :     Cu + 2AgNO3 Cu(NO3)2 + 2Ag

 15.  অধঃক্ষেপন বিক্রিয়া মানে কি বুজা ? উদাহৰণ দি ব্যাখ্যা কৰা।

উত্তৰ : কিছুমান আয়নীয় যৌগৰ দ্ৰবৰ বিক্ৰিয়াৰ ফলত এটা গধুৰ গোটা পদাৰ্থৰ সৃষ্টি হয় যি বিক্ৰিয়ন পাত্ৰৰ তলিত জমা হবলৈ ধৰে। তেনে বিক্ৰিয়াক অধঃক্ষেপন বিক্রিয়া বোলে। যেনেবেৰিয়াম নাইট্ৰেটৰ জলীয় দ্ৰবৰ সৈতে ছালফিউৰিক এছিডৰ বিক্ৰিয়াৰ ফলত বেৰিয়াম ছালফেটৰ বগা অধঃক্ষেপ পৰে।

                   Ba(NO3)2(aq) + H2SO4(aq) BaSO4↓ + 2HNO3(aq)

16.  অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা৷

       (a) জাৰণ (b) বিজাৰণ

 

উত্তৰ :(a) জাৰণ : বিক্রিয়াত পদাথ এটাই অক্সিজেন লাভ কৰিলে পদাথটো জাৰিত হোরা বুলি কোরা হয়

          2Cu + O2 2CuO

ইয়াত পাৰৰ লগত অক্সিজেন যোগ হৈ পাৰ অক্সাইড গঠন

           2Mg + O2   2MgO  

ইয়াত মেগনেছিয়ামৰ লগত অক্সিজেন যোগ হৈ মেগনেছিয়াম অক্সাইড গঠন      

         (b) বিজাৰণ : বিক্রিয়িত পদাথ এটাই যদি অক্সিজেন হেৰুরাই তেতিয়া তাক বিজাৰিত হোরা বুলি  কোরা হয়

                ZnO + Cu  → Zn + CO

    ইয়াত ZnO অক্সিজেন হেৰুরাই বিজাৰিত হৈছে

              CuO +H2    CU + H2O

  ইয়াত CuO  অক্সিজেন হেৰুরাই বিজাৰিত হৈছে

17. এটা উজ্জ্বল মুগা ৰঙৰ মৌল ‘X’ ক বায়ুত গৰম কৰাত কলা হৈ পৰিল। মৌল 'X' আৰু উৎপন্ন হোৱ ক'লা  ৰঙৰ যৌগটোৰ নাম লিখা।

উত্তৰ : যিহেতু মৌল X উজ্জ্বল মুগা বৰণৰ। গতিকে মৌলটো হCu ধাতু। যেতিয়া ইয়াক বায়ুৰ উপস্থিতিত উত্তপ্ত কৰা হয় তেতিয়া ক'লা ৰঙৰ CuO উৎপত্তি হয়।

18. লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিয়ে কিয়?

উত্তৰ : লোৰ নতুন বস্ত্তবোৰ প্রথমতে চিকচিকিয়া হৈ থাকে,কিন্ত্ত কিছুদিনৰ পাছত সিহতৰ গাত ৰঙচুরা মূগা বৰণৰ পাউদাৰৰ চামনি পৰিবলৈ লয়এই প্রক্রিয়াটোক লোত মামৰে ধৰা বুলি কোরা হয়লো ইয়াৰ চৌপাশৰ বিভিন্ন পদাথবোৰ যেনে জলীয় বাস্প,এচিড আদিৰ দ্বাৰা আক্রান্ত হলে ইয়াৰ ক্ষয় ঘটা বুলি কোরা হয়এই ক্ষয়িভরন ৰোধ কৰিবলৈ লোত ৰংৰ প্রলেপ দিয়া হয়

19. তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰ জেনৰ পৰিবেশত পেকেটত ভৰোৱা হয় কিয়?

উত্তৰ : বায়ুত থকা অক্সিজেনৰ উপস্থিতিত, তেল আৰু চর্বিজাতীয় সামগ্রীবোৰ জাৰিত হয় যিবোৰ খাবৰ বাবে অনুপযোগী হয়।সেইবাবে খাদ্যবস্তুক নাইট্ৰ'জেনৰ সৈতে সংস্পৰ্শ ৰখা হয়, তেতিয়া অক্সিজেনৰ সৈতে সংযোগ বিছিন্ন হয় যাৰ ফলত খাদ্যবস্তু নষ্ট নোহোৱাকৈ থাকে।

 20. এটা উদাহৰণৰে সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা।

  (a) ক্ষয়ীভৱন

  (b) চৰ্বিৰ দুৰ্গন্ধিতা

 

উত্তৰ : (a) ক্ষয়ীভৱন : যেতিয়া কোনো ধাতুৱে ইয়াৰ চাৰিওকাষে থকা জলীয় বাষ্প, এচিড ইত্যাদিৰ দ্বাৰা প্ৰভাৱান্বিত হয় তেতিয়া ধাতুৰ ক্ষয়ীভৱন হোৱা বুলি কোৱা হয়। ইয়াৰ ফলত ধাতুটোৰ গুণাগুণ সম্পূৰ্ণভাৱে লোপ পায়। লোৰ সামগ্ৰীৰ ওপৰত পৰা ৰঙচুৱা মামৰ, ৰূপৰ সামগ্ৰীৰ ক'লা বৰণ, তামৰ সামগ্ৰীৰ সেউজীয়া বৰণ ইত্যাদি হল ক্ষয়ীভৱনৰ উদাহৰণ।

 

লোৰে তৈয়াৰী কিছুমান সামগ্রী যেনেদলং, ৰেলিং, আচবাব, গাড়ীৰ বডি ইত্যাদি মামৰে যথেষ্ট ক্ষতি সাধন কৰে, যি সমস্যাৰ বিষয় হৈ পৰিছে।

 

(b) চৰ্বিৰ দুৰ্গন্ধিতা : যেতিয়া তেল বা চর্বীর্জাতীয় কোনো খাদ্য বস্তু বায়ুৰ উপস্থিতিত খোলা অৱস্থাত ৰখা হয তেতিয়া ই জাৰিত হয়। ফলস্বৰূপে খাদ্যবস্তুৰ গোন্ধ, সোৱাদ ইত্যাদি সম্পূৰ্ণৰূপে নষ্ট হয় আৰু খাবৰ অনুপযোগী হয়। এই প্ৰক্ৰিয়াটোক চৰ্বিৰ দুৰ্গন্ধিতা বোলে। খাদ্যবস্তুৰ জাৰণ বন্ধ কৰিবলৈ এণ্টি-অক্সিডেণ্ট ব্যৱহাৰ কৰা হয় আৰু আৱদ্ধ বায়ুশূন্য পেকেটত ৰখাৰ ব্যৱস্থা কৰা হয়। সাধাৰণতে খাদ্যবস্তুক নাইট্ৰ জেনৰ সংস্পৰ্শত কৰা হয়, যাৰ ফলত অক্সিজেনৰ প্রভাৱ যথেষ্ট কম হয়

Sunday, July 18, 2021

অধ্যায়-১ ৰাসায়নিক বিক্রিয়া আৰু সমীকৰণৰ অনুশীলনীৰ ১ ৰ পৰা ৮ নম্বৰলৈ প্রশ্নসমূহৰ উত্তৰ

 

       


           

 অনুশীলনীৰ প্রশ্ন উত্তৰ

 

1.      তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ?

2PbO(s) + C(s) → 2Pb (s) + CO2(g)

(a (a)  লেড বিজাৰিত হৈছে।

(b (b)  কার্বন ডাইঅক্সাইড জাৰিত হৈছে।

(c (c)  কার্বন জাৰিত হৈছে।

(d (d)  লেড অক্সাইড বিজাৰিত হৈছে।

(i)            (a) আৰু(b)

(ii)           (a) আৰু(c)

(iii)          (a),(b) আৰু(c)

(iv)         সকলো

উত্তৰ : (i)  (a) আৰু(b)

2.      Fe2O3 + 2Al Al2O3 + 2Fe

ওপৰৰ বিক্রিয়াটো এটা উদাহৰণ

(a)              এটা সংযোযন বিক্রিয়া

(b)               এটা দ্বিঅপসাৰণ বিক্ৰিয়াৰ

(c)               এটা বিযোজন বিক্রিয়াৰ

(d)              এটা অপসৰণ বিক্ৰিয়াৰ

 

 উত্তৰ : (d)  এটা অপসৰণ বিক্ৰিয়াৰ

    

  3. কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এছিড লোৰ গুড়িত যোগ কৰা হয়?

 (a) হাইড্ৰজেন গেছ আৰু আইৰন ক্ল'ৰাইড উৎপন্ন হয়।

               (b) ক্ল'ৰি গেছ আৰু আইৰন হাইড্ৰক্সাইড উৎপন্ন হয়।

               (c) বিক্রিয়া নঘটে।

               (d) আইৰন লৱণ আৰু পানী উৎপন্ন হয়।

 

উত্তৰ  : (a) হাইড্ৰজেন গেছ আৰু আইৰন ক্ল'ৰাইড উৎপন্ন হয়।

 

4. সন্তুলিত ৰাসায়নিক সমীকৰণ কি? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে?             উত্তৰ : যিবিলাক ৰাসায়নিক সমীকৰণৰ বিক্রিয়াজাত পদাথৰ মৌলবোৰৰ মোঠ ভৰ বিক্রিয়কৰ মৌলবোৰৰ  মোঠ ভৰৰ সমান তেনে সমীকৰণক সন্ত্তলিত ৰাসায়নিক সমীকৰণ বুলি কোরা হয়

     আমি জানো যে ভৰৰ নিত্যতা সূত্র অনুসৰি ৰাসায়নিক বিক্রিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ নোরাৰেঅথাৎ ৰাসায়নিক বিক্রিয়া এটাৰ আগৰ আৰু পাছৰ প্রতিটো মৌলৰে পৰমাণু সংখ্যা একে থাকেসেইবাবে ৰাসায়নিক সমীকৰণ এটা সন্ত্তলন কৰাৰ প্রয়োজন

5. তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা।

 (a) হাইড্ৰ'জেন গেছে নাইট্ৰ'জেনৰে সৈতে লগ হৈ এমনিয়া প্রস্তুত কৰে।

উত্তৰ : 3H2(g) +N2(g) → 2NH3

(b) হাইড্ৰ'জেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে।

উত্তৰ :2 H2S +3 O2 →2 H2O + 2SO2                                                                                                          (c)  বেৰিয়াম ক্লৰাইডে এলুমিনিয়াম ছালফেটৰে সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্লৰাইড আৰু বেৰিয়াম ছালফেটৰ অধঃক্ষেপ উৎপন্ন কৰে।                                                                                       উত্তৰ : 3BaCl2 + Al2(SO4)3 2AlCl3 + 3BaSO4                                                                                        

 

(d) পটেছিয়াম ধাতুৱে পানীৰে সৈতে বিক্ৰিয়া কৰি পটেছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰ'জেন গেছ উৎপন্ন কৰে                                                                                                                                                           উত্তৰ : 2K + 3H2O 2KOH + 2H2

6. তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্ত্তলন কৰা।

(a) HNO3 + Ca(OH)2 → Ca(NO3)2 + H2O

উত্তৰ : 2HNO3 + Ca(OH)2 → Ca(NO3)2 + 2H2O

(b) NaOH + H2SO4 → Na2SO4 + H2O

উত্তৰ : 2NaOH + H2SO4 → Na2SO4 + 2H2O

(c) NaCl + AgNO3  → AgCl + NaNO3

উত্তৰ : NaCl + AgNO3  → AgCl + NaNO3

(d) BaCl2 + H2SO4  → BaSO4 + HCl

উত্তৰ : BaCl2 + H2SO4  → BaSO4 + 2HCl

7. তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা।

(a)  কেলছিয়াম হাইড্ৰক্সাইড + কার্বন ডাই অস্কাইড কেলছিয়াম কার্বনেট + পানী।

উত্তৰ : Ca(OH)2 + CO2 → CaCO3 + H2O

(b)  যিংক + ছিলভাৰ নাইট্রেট   যিংক নাইট্রেট + ছিলভাৰ।                                                               উত্তৰ : Zn + 2AgNO3 Zn(NO3)2 + 2Ag

(c) এলুমিনিয়াম + কপাৰ ক্লৰাইড এলুমিনিয়াম ক্লৰাইড + কপাৰ।

উত্তৰ : 2Al + 3CuCl2 2AlCl3 +3 Cu

(d)  বেৰিয়াম ক্লৰাইড + পটেছিয়াম ছালফেটবেৰিয়াম ছালফেট + পটেছিয়াম ক্লৰাইড।               উত্তৰ : BaCl2 + K2SO4 BaSO4 + 2KCl

৪. তলত দিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্রকাৰৰ বিক্রিয়া চিনাক্ত কৰা।

(a) পটেছিয়াম ব্ৰমাইড (aq)+ বেৰিয়াম আয়'ডাইড (aq)→ পটেছিয়াম আয়'ডাইড (aq) + বেৰিয়াম ব্রমাইড (s)

উত্তৰ : 2KBr(aq) + BaI2(aq) → 2KI(aq) + BaBr2(s)

 

(b) যিংক কার্বনেট (s) → যিংক অক্সাইড (s) + কার্বন ডাই অক্সাইড (g)

উত্তৰ : ZnCO3(s) ZnO(s) + CO2(g)

(c) হাইড্ৰ'জেন (g) +ক্ল'ৰিন (g) → হাইড্ৰ'জেন ক্লৰাইড (g)

উত্তৰ : H2(g) + Cl(g) 2HCl

(d) মেগনেছিয়াম (s) + হাইড্ৰ'ক্ল'ৰিক এছিড (aq) → মেগনেছিয়াম ক্লৰাইড (aq) + হাইড্ৰ'জেন(g) 

উত্তৰMg(s) + 2HCl(aq) MgCl(aq) + H2(g)

 

CHEPTER-12 বিদ্যুৎ (Electricity) পাঠটোৰ অনুশীলনীৰ প্রশ্নসমূহৰ উত্তৰ

  অনুশীলনী 1. R ৰোধৰ এডাল তাঁৰ পাঁচটা সমান ভাগলৈ বিভক্ত কৰা হ ' ল। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ ' ল। যদি সজ্জাটোৰ সমতূল্য ৰ...