9. তাপৰজী আৰু তাপগ্রাহী বিক্রিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া ।
উত্তৰ : তাপবজী বিক্রিয়া: যিবোৰ বিক্রিয়াত বিক্রিয়াজাত পদাথ উৎপন্ন হোরাৰ
লগতে তাপৰ উদ্ভর হয় সেইবোৰক তাপবজী ৰাসায়নিক বিক্রিয়া বোলা হয়।
যেনে প্রাকৃতিক
গেছৰ দহন
CH4 + 2O2 → CO2 +2H2O
তাপগ্রাহী বিক্রিয়া : যিবোৰ বিক্রিয়াত শক্তি শোষিত হয়
তেনে বিক্রিয়াক তাপগ্রাহী বিক্রিয়া বোলা হয়।
যেনে : N2 + O2 → 2NO + তাপশক্তি
10. শ্বসনক এটা
তাপবর্জী বিক্রিয়া বুলি কিয় বিবেচনা কৰা হৈছে? ব্যাখ্যা কৰা৷
উত্তৰ : আমি সকলোরে জানো যে জীয়াই থাকিবলৈ আমাক শক্তি লাগে।এই শক্তি আমি খাদ্যৰ পৰা
পাওঁ।হজম প্রক্রিয়াত খাদ্য বস্ত্ত সৰল পদাথলৈ ভাঙি যায়।আমি খোরা খাদ্যবস্ত্ত
যেনে চাত্তল,আলু আদিত Carbohydrate থাকে,হজম প্রক্রিয়াত এই Carbohydrateবোৰ গ্লুকজলৈ ভাঙি যায়৷এই গ্লুকজ আমাৰ দেহৰ
কোষত অক্সিজেনৰ সৈতে লগ হয় আৰু শক্তিৰ যোগান ধৰে৷সেইবাবে শ্বসনক এটা তাপবজী বিক্রিয়া বুলি বিবেচনা কৰা হয়৷
C6H12O6 + 6O2
+ H2O → 6CO2
+ 12H2O + শক্তি
11. বিয়োজন বিক্রিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয়
কিয়? এই সমূহ
বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা ৷
উত্তৰ : যি বিক্ৰিয়াত কোনো এটা যৌগই দুই বা ততোধিক সৰল যৌগ বা মৌললৈ পৰিবৰ্তিত হয় তাকেই বিয়োজন বিক্রিয়া বোলে। আনহাতে সংযোজন বিক্রিয়াত দুই বা ততোধিক যৌগ বা মৌল লগ লাগি এটা যৌগলৈ পৰিবৰ্তিত হয়। সেয়ে দুয়োটা বিক্রিয়া পৰস্পৰ বিপৰীত।
বিজোজন বিক্রিয়া :
FeSO4(s)
→
Fe2O3(s) + SO2(g) + SO3(g)
সংযোজন বিক্রিয়া :
CaO(s) + H2O (l) →
Ca(OH)2(aq)
12. তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখা।
উত্তৰ : যি বিক্ৰিয়াত তাপশক্তি শোষিত হয় তাৰ উদাহৰণ হৈছে—
CaCO3(s) → CaO(s) + CO2(g)
যি বিক্ৰিয়াত পোহৰ শক্তি শোষিত হয়, তাৰ উদাহৰণ হৈছে—
2AgBr(s) → 2Ag(s) + Br2(g)
যি বিক্রিয়া বিদ্যুৎশক্তি ব্যৱহাৰ হয়
তাৰ উদাহৰণ হৈছে—
2H2O(l) →2 H2(g)
+ O2(g)
13. অপসাৰণ আৰু দ্বি-অপসাৰণ
বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি? এই বিক্ৰিয়াবোৰৰ
বাবে সমীকৰণ লিখা।
উত্তৰ : অপসাৰণ আৰু দ্বি অপসাৰণ বিক্রিয়াৰ মাজৰ পাথক্য হ’ল অপসাৰণ বিক্রিয়াত এটা মৌলই আন এটা মৌলক তাৰ যৌগ এটাৰ পৰা অপসাৰিত কৰে আনহাতে দ্বিঅপসাৰণ বিক্রিয়াত দুটা বেলেগ বেলেগ পৰমাণু বা পৰমাণুৰ থুপৰ পৰস্পৰৰ লগত স্হান বিনিময় ঘটে।
অপসাৰণ বিক্রিয়া-
Fe + CuSO4 → FeSO4
+ Cu
দ্বিঅপসাৰণ বিক্রিয়া-
Na2SO4 + BaCl2 → BaSO4
+ 2NaCl
14.ছিলভাৰৰ
পৰিশোধনত ছিলভাৰ নাইট্ৰে'ট দ্ৰৱৰ পৰা ছিলভাৰ আহৰণ কৰোঁতে ক'পাৰ
ধাতুৰদ্বাৰা অপসাৰণ সংঘটিত কৰা হয়,জড়িত
বিক্রিয়াটো লিখা।
উত্তৰ : Cu + 2AgNO3 → Cu(NO3)2 +
2Ag
উত্তৰ : কিছুমান আয়নীয় যৌগৰ দ্ৰবৰ বিক্ৰিয়াৰ
ফলত এটা গধুৰ গোটা পদাৰ্থৰ সৃষ্টি হয় যি বিক্ৰিয়ন পাত্ৰৰ তলিত জমা হ’বলৈ ধৰে।
তেনে বিক্ৰিয়াক অধঃক্ষেপন বিক্রিয়া বোলে। যেনে— বেৰিয়াম
নাইট্ৰেটৰ জলীয় দ্ৰবৰ সৈতে ছালফিউৰিক এছিডৰ বিক্ৰিয়াৰ ফলত বেৰিয়াম ছালফেটৰ বগা
অধঃক্ষেপ পৰে।
Ba(NO3)2(aq)
+ H2SO4(aq) →
BaSO4↓ + 2HNO3(aq)
16. অক্সিজেন
লাভ আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা৷
(a) জাৰণ (b) বিজাৰণ
উত্তৰ :(a) জাৰণ : বিক্রিয়াত পদাথ এটাই অক্সিজেন লাভ কৰিলে পদাথটো জাৰিত হোরা বুলি কোরা হয়
2Cu + O2 → 2CuO
ইয়াত ক’পাৰৰ লগত অক্সিজেন যোগ হৈ
ক’পাৰ অক্সাইড গঠন হ’ল৷
2Mg + O2 → 2MgO
ইয়াত মেগনেছিয়ামৰ লগত অক্সিজেন যোগ হৈ
মেগনেছিয়াম অক্সাইড গঠন হ’ল৷
(b) বিজাৰণ : বিক্রিয়িত পদাথ এটাই যদি অক্সিজেন হেৰুরাই তেতিয়া তাক
বিজাৰিত হোরা বুলি কোরা হয়৷
ZnO + Cu → Zn + CO
ইয়াত ZnO এ
অক্সিজেন হেৰুরাই বিজাৰিত হৈছে৷
CuO +H2 →
CU + H2O
ইয়াত
CuO এ অক্সিজেন হেৰুরাই বিজাৰিত হৈছে৷
17. এটা উজ্জ্বল
মুগা ৰঙৰ মৌল ‘X’ ক বায়ুত গৰম কৰাত
ক’লা হৈ পৰিল। মৌল 'X' আৰু উৎপন্ন হোৱ ক'লা ৰঙৰ যৌগটোৰ নাম লিখা।
উত্তৰ : যিহেতু মৌল X উজ্জ্বল মুগা বৰণৰ। গতিকে মৌলটো হ’ব Cu ধাতু। যেতিয়া ইয়াক বায়ুৰ উপস্থিতিত উত্তপ্ত কৰা হয় তেতিয়া ক'লা ৰঙৰ CuO উৎপত্তি হয়।
18. লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিয়ে কিয়?
উত্তৰ : লোৰ নতুন বস্ত্তবোৰ প্রথমতে চিকচিকিয়া হৈ
থাকে,কিন্ত্ত কিছুদিনৰ পাছত সিহ’তৰ গাত
ৰঙচুরা মূগা বৰণৰ পাউদাৰৰ চামনি পৰিবলৈ লয়।এই প্রক্রিয়াটোক লোত মামৰে ধৰা বুলি কোরা হয়।লো ইয়াৰ চৌপাশৰ বিভিন্ন পদাথবোৰ যেনে জলীয় বাস্প,এচিড আদিৰ দ্বাৰা আক্রান্ত হ’লে ইয়াৰ ক্ষয় ঘটা বুলি কোরা হয়।এই ক্ষয়িভরন ৰোধ কৰিবলৈ লোত ৰংৰ প্রলেপ দিয়া হয়।
19. তেল আৰু
চৰ্বি থকা খাদ্যবস্তু নাইট্ৰ জেনৰ পৰিবেশত পেকেটত ভৰোৱা হয় কিয়?
উত্তৰ : বায়ুত থকা অক্সিজেনৰ উপস্থিতিত, তেল আৰু চর্বিজাতীয় সামগ্রীবোৰ জাৰিত হয় যিবোৰ খাবৰ বাবে অনুপযোগী হয়।সেইবাবে খাদ্যবস্তুক নাইট্ৰ'জেনৰ সৈতে সংস্পৰ্শত ৰখা হয়, তেতিয়া অক্সিজেনৰ সৈতে সংযোগ বিছিন্ন হয় যাৰ ফলত খাদ্যবস্তু নষ্ট নোহোৱাকৈ থাকে।
উত্তৰ : (a) ক্ষয়ীভৱন :
যেতিয়া কোনো ধাতুৱে ইয়াৰ চাৰিওকাষে থকা জলীয় বাষ্প, এচিড ইত্যাদিৰ দ্বাৰা প্ৰভাৱান্বিত হয়
তেতিয়া ধাতুৰ ক্ষয়ীভৱন হোৱা বুলি কোৱা হয়। ইয়াৰ ফলত ধাতুটোৰ গুণাগুণ
সম্পূৰ্ণভাৱে লোপ পায়। লোৰ সামগ্ৰীৰ ওপৰত পৰা ৰঙচুৱা মামৰ, ৰূপৰ সামগ্ৰীৰ ক'লা বৰণ, তামৰ
সামগ্ৰীৰ সেউজীয়া বৰণ ইত্যাদি হ’ল
ক্ষয়ীভৱনৰ উদাহৰণ।
লোৰে তৈয়াৰী কিছুমান সামগ্রী যেনে— দলং, ৰেলিং, আচবাব, গাড়ীৰ ব’ডি ইত্যাদি মামৰে
যথেষ্ট ক্ষতি সাধন কৰে, যি সমস্যাৰ বিষয় হৈ পৰিছে।
(b) চৰ্বিৰ দুৰ্গন্ধিতা : যেতিয়া তেল বা
চর্বীর্জাতীয় কোনো খাদ্য বস্তু বায়ুৰ উপস্থিতিত খোলা অৱস্থাত ৰখা হয তেতিয়া ই
জাৰিত হয়। ফলস্বৰূপে খাদ্যবস্তুৰ গোন্ধ, সোৱাদ ইত্যাদি সম্পূৰ্ণৰূপে নষ্ট হয় আৰু খাবৰ
অনুপযোগী হয়। এই প্ৰক্ৰিয়াটোক চৰ্বিৰ দুৰ্গন্ধিতা বোলে। খাদ্যবস্তুৰ জাৰণ বন্ধ
কৰিবলৈ এণ্টি-অক্সিডেণ্ট ব্যৱহাৰ কৰা হয় আৰু আৱদ্ধ বায়ুশূন্য পেকেটত ৰখাৰ
ব্যৱস্থা কৰা হয়। সাধাৰণতে খাদ্যবস্তুক নাইট্ৰ জেনৰ সংস্পৰ্শত কৰা হয়, যাৰ ফলত অক্সিজেনৰ
প্রভাৱ যথেষ্ট
কম হয়।

No comments:
Post a Comment