Tuesday, August 3, 2021

অধ্যায় - 2 এছিড,ক্ষাৰক আৰু লরন(Acids,Bases And Salts)ৰ পাঠভিত্তিক প্রশ্নাৱলীৰ উত্তৰসমূহ

 



অধ্যায়-2

এছিড,ক্ষাৰক আৰু লরণ (Acids,Bases And Salts)

 

পাঠভিত্তিক প্রশ্নাৱলীৰ উত্তৰ

 

1. তোমাক তিনিটা পৰীক্ষানল দিয়া হৈছে। সিহঁতৰ এটাত পাতিত পানী আৰু আন দুটাত ক্ৰমে এটা এছিড দ্ৰৱ আৰু এটা ক্ষাৰ্কীয় দ্ৰৱ আছে। যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয়, তেন্তে প্ৰতিটো পৰীক্ষানলত থকা দ্ৰৱসমূহ কিদৰে চিনাক্ত কৰিবা?

 

উত্তৰঃ পানী আৰু আম্লিক মাধ্যমত ৰঙা লিটমাছে কোনো ৰং সলনি নকৰে, কিন্তু ক্ষাৰকীয় মাধ্যমত ৰঙা লিটমাছ নীলা হৈ যাব। নীলা লিটমাছখিনি এতিয়া পানী আৰু আম্লিক মাধ্যমত ডুবাই দিয়া হ'ল। আম্লিক মাধ্যমত আকৌ নীলাৰ পৰা ৰঙা হকিন্তু পানীত ইয়াৰ কোনো ৰঙৰ পৰিবৰ্তন নঘটে। এনেদৰে তিনিটা মাধ্যম চিনাক্তকৰণ কৰা হয়।

 

2. দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয় ?

 

উত্তৰ : দৈ আৰু টেঙা জাতীয় পদাৰ্থবোৰ সাধাৰণতে আম্লিক হয়। সেয়ে এইবোৰে পিতল আৰু কপাৰেৰে তৈয়াৰী সামগ্ৰীৰ সৈতে বিক্ৰিয়া কৰি বেলেগ বেলেগ পদার্থ গঠন কৰে।

 

3. এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নির্গত হয় ? এটা উদাহৰণেৰে সৈতে বুজাই লিখা। এই গেছটোৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিবা?

 

উত্তৰ : এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে  হাইড্ৰ'জেন গেছ উৎপন্ন হয়।

                  2HCl + Mg  → MgCl2 + H2

উৎপন্ন হোরা গেছ চাবোন পানীৰ মাজেৰে যাবলৈ দিলে চাবোন পানীত বুদ বুদৰ সৃষ্টি হয়।এতিয়া এডাল জ্বলি থকা মম এই বুদবুদৰ ওচৰলৈ আনিলে ইহঁতে ফট ফট শদ্ব কৰি ফুটি উঠে।যাৰ ফলত গম পোরা যায় যে উৎপন্ন হোরা গেছ হাইড্রজেন।

 

4. এটা ধাতব যৌগ A লঘু হাইড্ৰ'ক্ল'ৰিক এছিডৰে সৈতে বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্টি কৰে। উৎপন্ন হোৱা গেছটোরে এডাল জ্বলি থকা মম নুমুৱায়। বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্ল'ৰাইড হলৈ বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণটো লিখা।

 

উত্তৰ : ধাতুৰ পদাৰ্থ 'A' হৈছে কেলছিয়াম কার্বনেট CaCO3  যিয়ে লঘু HCI ৰ সৈতে বিক্ৰিয়া কৰি CO2. গেছ আৰু CaCl2 প্রস্ত্তত কৰে।

               CaCO3 + 2HCl  → CaCl2 + H2O + CO2

এই CO2 গেছৰ বাবে বুৰবুৰণি ওলাব আৰু জ্বলিথকা মম এডাল তৎক্ষণাৎ নুমাই যাব।

 

 

5. জলীয় দ্রবত HCI, HNO3,ইত্যাদিয়ে কিয় আম্লিক ধর্ম দেখুৱায়, কিন্তু এলকহল আৰু গ্লুক'জৰ দৰে যৌগৰ দ্ৰৱই আম্লিক ধর্ম নেদেখুৱায় ?

 

উত্তৰ :  জলীয় দ্ৰৱণত HCI, আৰু HNO3 এছিডে আয়নীয় হৈ H3O+ আয়নৰ সৃষ্টি হয়, যাৰ ফলত দ্ৰবটো আম্লিক হয়।আনহাতে এলকহল, গ্লুক'জ ইত্যাদি দ্রব্যই পানীত আয়নীয় নহয় বাবে এই দ্ৰৱণবোৰ আম্লিক নহয়।

 

6. এছিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহন কৰে?

 

উত্তৰ : এছিডৰ জলীয় দ্রর এটাই আয়নিত হৈ H+ আয়নৰ সৃষ্টি কৰে যাৰ ফলত এছিডৰ জলীয় দ্রর এটাই বিদ্যুৎ পৰিবহন কৰে।

 

7.  শুকান HCI গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিবৰ্তন নঘটায়?

 

উত্তৰ :   শুকান অৱস্থাত HCI আয়নীয় নহয় বাবে শুকান লিটমাছ কাগজৰ ৰং সলনি নহয়।

 

8. এছিড এটা লঘু কৰোঁতে এছিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এছিডত যোগ কৰিবলৈ কোৱা নহয় কিয়?

 

উত্তৰ : কোনো এটা অম্লৰ লঘুকৰণ কৰিলে তাপশক্তি বর্জিত হয়। যেতিয়া কোনো গাঢ় অম্লত পানী প্রত্যক্ষভাৱে যোগ কৰা হয়। তেতিয়া যথেষ্ট পৰিমাণৰ তাপশক্তি উদ্ভৱ হয় আৰু অম্লখিনি গাত ছিটিকি পৰিব পাৰে আৰু অম্ল তৈয়াৰ কৰা পাত্ৰটো ফাটি যাবও পাৰে। গতিকে অম্লত প্রত্যক্ষভাৱে পানী যোগ কৰিব নালাগে, বৰঞ্চ পানীতহে লাহে লাহে আৱশ্যকীয় পৰিমাণৰ অম্ল যোগ কৰিব লাগে।

 

9. এছিডৰ দ্ৰৱ এটা লঘু কৰোঁতে হাইড্ৰ'নিয়াম আয়ন (H3O+) ৰ গাঢ়তা কিদৰে পৰিবৰ্তিত হয়?

 

উত্তৰ : যেতিয়া অম্ল এটা লঘুকৰণ কৰা যায় প্রতি একক আয়তনত H3O+ আয়নৰ পৰিমাণ যথেষ্ট পৰিমাণে কমি যায়,যাৰ ফলত অম্লৰ গাঢ়তা কমে।

 

10.  'ডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্রবীভূত কৰিলে হাইড্ৰ'ক্সাইড আয়ন (OH-) ৰ গাঢ়তা কিদৰে পৰিবৰ্তিত ?

 

উত্তৰ : NaOH ৰ জলীয় দ্রবত যেতিয়া গোটা NaOH যোগ কৰা হয় তেতিয়া প্রতি একক আয়তনত OH- আয়নৰ পৰিমাণ বাঢ়ি যায়, যাৰ ফলত গাঢ়তাৰ বৃদ্ধি হয়।

 

11. তোমাৰ হাতত A আৰু B টা দ্ৰৱ আছে। দ্ৰৱ A  ৰ মান 6 আৰু দ্ৰৱ B pH ৰ মান ৪। কোনটো দ্ৰৱত হাইড্রজেন আয়নৰ গাঢ়তা বেছি? কোনটো আম্লিক আৰু কোনটো ক্ষাৰৰ্কীয় ?

 

উত্তৰ : A দ্ররত হাইড্রজেন আয়নৰ গাঢ়তা বেছি।দ্রর A অম্লিক আৰু B ক্ষাৰকীয়।

12.  দ্রব এটাৰ প্ৰকৃতিৰ ওপৰত H+(aq) আয়নৰ গাঢ়তাৰ কি প্রভাব থাকে?

 

উত্তৰ : H+ আয়নৰ গাঢ়তা যিমানেই বেছি হয় সিমানেই আম্লিকতা বৃদ্ধি পায়।

 

13. ক্ষাৰকীয় দ্ৰৱত H+(aq) আয়ন থাকেনে? যদি থাকে, তেন্তে ইহঁত কিয় ক্ষাৰ্কীয় ?

 

উত্তৰ : হয়, ক্ষাৰকীয় দ্ৰৱণটোত H+ আয়ন থাকে। কিন্তু H+ আয়নৰ গাঢ়তা OH- আয়নৰ গাঢ়তাতকৈ যথেষ্ট কম। সেয়ে pH ৰ মানটো বেছি হয়।

 

14.  মাটিত কি অৱস্থাত কৃষক এজনে পোৰা চূণ (কেলছিয়াম অক্সাইড) বা শিথিলিত চূণ (কেলছিয়াম হাইড্ৰ'ক্সাইড) বা চক (কেলছিয়াম কার্বনেট) প্রয়োগ কৰিব বুলি তোমালোকে ভাবা?

 

উত্তৰ : গছ-গছনিৰ সুস্থ-সবল বৃদ্ধিৰ বাবে মাটিৰ pH সঠিক হব লাগে, অৰ্থাৎ ক্ষাৰকীয় হব নালাগে নাইবা আম্লিক হবও নালাগে। কিন্তু যেতিয়া মাটি আম্লিক হয়, pH ৰ মান কমে, তেতিয়া ওপৰত উল্লেখ কৰা দ্রব্যসমূহ প্ৰয়োগ কৰিব লাগে যাতে মাটিখিনি প্রশমিত হয়।

 

15.  যৌগ CaOCl3 ৰ সাধাৰণ নামটো কি?

 

উত্তৰ : CaOCl3 ৰ সাধাৰণ নাম হৈছে ব্লিচিং পাউদাৰ।

 

16. ক্ল'ৰিনৰ সৈতে বিক্রিয়া কৰালে ব্লিচিং পাউদাৰ উৎপন্ন কৰা যৌগটোৰ নাম লিখা?

 

 উত্তৰ :  শিথিলিত চূণ হৈছে Ca(OH)2 (কেলছিয়াম হাইড্ৰক্সাইড)।

17.  কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছ'ডিয়াম যৌগটোৰ নাম লিখা ?

 

উত্তৰ : ছ'ডিয়াম কার্বনেট Na2CO3

 

18. ছাডিয়াম হাইড্ৰ জেন কাৰ্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে কি হয়?বিক্ৰিয়াটোৰ সমীকৰণটো দিয়া

 

উত্তৰ : ছ'ডিয়াম হাইড্ৰ 'ক্সাইড আৰু কাৰ্বনডাই অক্সাইড উৎপন্ন হব।

 

                    2NaHCO3      Na2CO3 +H2O +2CO2

 

19. প্লাষ্টাৰ অব্ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলৈ এটা সমীকৰণ লিখা ?

 

উত্তৰ :  CaSO4 + 1/2H2O + 1.5H2O →CaSO4.2H2O

     

 

 

 

 

 

 

 

 

                                                                                                                                                            

 

No comments:

Post a Comment

CHEPTER-12 বিদ্যুৎ (Electricity) পাঠটোৰ অনুশীলনীৰ প্রশ্নসমূহৰ উত্তৰ

  অনুশীলনী 1. R ৰোধৰ এডাল তাঁৰ পাঁচটা সমান ভাগলৈ বিভক্ত কৰা হ ' ল। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ ' ল। যদি সজ্জাটোৰ সমতূল্য ৰ...