অনুশীলনীৰ প্রশ্ন উত্তৰ
1. এটা দ্ৰবই ৰঙা লিটমাছ নীলা কৰিছে। ইয়াত pH হ'ব পাৰে –
(a)
1 (b) 4
(c) 5 (d) 10
উত্তৰঃ (d) 10
2. এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰে
সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণপানী ঘোলা কৰে।দ্ররটোত
থাকে—
(a) NaCl
(b) HCl (c) LiCl (d) KCl
উত্তৰঃ (b) HCl
3. NaOH দ্ৰৰ এটাৰ 10mL এ HCI দ্ৰৱএটাৰ 8ml সম্পূৰ্ণৰূপে প্রশমিত কৰে। যদি
আমি একেটা NaOH দ্রব 20mLলওঁ তেন্তে
এইখিনি প্রশমিত কৰিবলৈ লগা HCI দ্ৰৱৰ আগৰ সৈতে একেটা দ্ৰব) পৰিমাণ হ’ব
(a) 4ml
(b) 8ml (c) 12ml
(d) 16ml
উত্তৰঃ (d) 16ml
4. অজীর্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন
ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় ?
(a) এণ্টিবায় টিক (b) বেদনানাশক
(c) অম্লনাশক
(d) বীজাণুবাৰক
উত্তৰঃ (c) অম্লনাশক
5. সংঘটিত বিক্ৰিয়াৰ বাবে শব্দ
সমীকৰণ আৰু সন্তুলিত সমীকৰণ লিখা যেতিয়া—
(a) লঘু ছালফিউৰিক এছিডে জিংকৰ
গুড়িৰে সৈতে বিক্রিয়া কৰে৷
উত্তৰঃ (a) লঘু ছালফিউৰিক এছিদ + জিংক → জিংক ছালফেট + হাইড্ৰ'জেন গেছ
H2SO4 +
Zn → ZnSO4 + H2
(b) লঘু হাইড্ৰ'ক্ল'ৰিক এছিডে মেগনেছিয়াম ফিটাৰে
সৈতে বিক্রিয়া কৰে।
উত্তৰঃ লঘু হাইড্ৰ’ক্লৰিক এছিড + মেগনেছিয়াম → মেগনেছিয়াম ক্লৰাইড + হাইড্ৰজেন গেছ
2HCl +
Mg → MgCl2 + H2
(c) লঘু ছালফিউৰিক এছিডে এলুমিনিয়াম
পাউদাৰৰ সৈতে বিক্রিয়া কৰে৷
উত্তৰঃ (c) লঘু ছালফিউৰিক এছিড + এলুমিনিয়াম →এলুমিনিয়াম ছালফেট + হাইড্ৰ'জেন গেছ
3H2SO4 + 2Al → Al2(SO4)3 + 3H2
(d) লঘু হাইড্ৰ'ক্ল'ৰিক এছিডে লোৰ গুড়িৰে সৈতে বিক্রিয়া কৰে।
উত্তৰঃ লঘু হাইড্ৰ'ক্লৰিক এছিড + আইৰণ → ফেৰাছ ক্ল’ৰাইড + হাইড্ৰ'জেন
2HCl +
Fe → FeCl2 + H2
6. এলক’হল আৰু গ্লুক'জৰ দৰে যৌগবোৰতো হাইড্ৰজেন থাকে। কিন্তু সিহঁতক এছিড হিচাপে শ্রেণীভূক্ত কৰা হোৱা নাই। ইয়াক প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বর্ণনা কৰা।
উত্তৰ : গ্লুক'জ আৰু এলকহল দুয়ো আহিত নহয় বাবে
H+ আধানৰ
সৃষ্টি কৰিব নোৱাৰে। গতিকে বিদ্যুৎ সঞ্চালন কৰিব
নোরাৰে।
7. পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ
নকৰে, কিন্তু
বৰষুণৰ পানীয়ে কৰে কিয় ?
উত্তৰ : কোনো খনিজ লৱণ নাইবা এচিড
নথকাৰ বাবে পাতিত পানীয়ে বিদ্যুৎ চালনা কৰিব নোৱাৰে। আনহাতে বৰষুণৰ পানীত নানা
ধৰণৰ গেছ, যেনে— SO2
,NO2 আৰু CO2
গেছ
দ্রবীভূত হৈ থাকে, যিবিলাকে
বৰষুণৰ পানীৰ সৈতে মিহলি হৈ অম্ল প্রস্তুত কৰে। এনেদৰে আম্লিক পানীয়ে বিদ্যুৎ পৰিবহণ কৰে।
8. পানীৰ অনুপস্থিতিত এছিডে এছিড ধৰ্ম প্ৰদৰ্শন নকৰে কিয় ?
উত্তৰ : এবিধ অম্লই আম্লিকতা ধর্ম নেদেখুৱাব পাৰে যদিহে ই আয়নীয় নহয়।
অর্থাৎ দ্রবটোরে H+ উৎপন্ন কৰিবলৈ অসমর্থ হয়। পানীৰ
উপস্থিতিত অম্লই আয়নীয় হৈ H+ আয়নৰ সৃষ্টি কৰে।
9. পাঁচটা দ্রৱ A, B, C, D আৰু E ক সাৰ্ব্বজনীন সূচকেৰে পৰীক্ষা কৰাত pH ৰ মান ক্ৰমে 4, 1, 11, 7 আৰু 9 দেখুৱাইছিল। কোনটো দ্ৰৱ—
(a) প্রশম (b) তীব্র ক্ষাৰকীয় (c) তীব্র আম্লিক (d) মৃদু আম্লিক (e) মৃদু ক্ষাৰকীয়
হাইড্ৰজেন আয়নৰ গাঢ়তাৰ বৰ্ধিত ক্ৰমত pHমানবোৰ সজোৱা৷
উত্তৰ : (a) দ্ৰৱণ (D) প্ৰশম দ্রব কাৰণ ইয়াৰ pH ৰ
মান 7 ।
(b) দ্ৰৱণ (C) তীব্ৰ ক্ষাৰক কাৰণ ইয়াৰ pH ৰ
মান 11 ।
(c) দ্ৰৱণ (B) তীব্র আম্লিক কাৰণ ইয়াৰ pH ৰ মান 1 |
(d) দ্ৰৱণ (A) মৃদু
আম্লিক কাৰণ
ইয়াৰ pH ৰ মান 4 ।
(e) দ্ৰৱণ (E) মৃদু ক্ষাৰ কাৰণ ইয়াৰ pH ৰ
মান 9 |
বধিত ক্ৰমটো হ’ব C<E<D<A<B
10. পৰীক্ষানল A আৰু Bত সমান সমান দৈৰ্ঘ্যৰ দুডাল
মেগনেছিয়ামৰ ফিটা লোৱা হ'ল।
পৰীক্ষানল A ত
হাইড্ৰক্ল'ৰিক এছিড (HCI) আৰু পৰীক্ষানল B ত এচেটিক এছিড যোগ কৰা হ’ল। এছিড দুটাৰ গাঢ়তা একে আৰু একে
পৰিমাণেই লোৱা হৈছে।
কোনটো পৰীক্ষানলত বেছি বেগেৰে বুৰবুৰণি ওলাব আৰু কিয় ?
উত্তৰ : পৰীক্ষা নলী 'A' ত বেছি জোৰেৰে গেছৰ বুৰবুৰণি
ওলাব। কাৰণ HCI এছিড, CH3
COOH এছিডতকৈ
তাঁব্ৰ। CH3OOH এছিদ দুর্বল এচিড।
11. কেঁচা গাখীৰৰ pH ৰ মান 6। ই দৈত পৰিণত হ'লে pH সলনি হ'বনে? ব্যাখ্যা কৰা।
উত্তৰ : কেঁচা গাখীৰ অলপ আম্লিক। কিন্তু গাখীৰ দৈত পৰিণত হোৱাৰ সময়ত লেকটিক
এচিড প্রস্তুত হোৱা বাবে বেছিকৈ আম্লিক
হয়। সেয়ে কেঁচা গাখীৰতকৈ দৈৰ pH ৰ মান কম
হয়।
12. এজন গুৱালে কেঁচা গাখীৰত সামান্য পৰিমাণৰ বেকিংছড়া যোগ কৰিলে।
(a) কিয় তেওঁ কেঁচা গাখীৰৰ P ৰ মান 6 ৰ পৰা সামান্যভাৱে ক্ষাৰকীয় কৰি ল'লে৷ (b) এই গাখীৰখিনি দৈত পৰিণত হ’বলৈ বেছি সময় লাগে কিয়?
উত্তৰ : (a) কেঁচা গাখীৰ বহুত সময় ৰাখি থ’লে টেঙা হৈ যায় অর্থাৎ pH ৰ মান কমি যায়। সেয়ে টেঙা নহ’বৰ বাবে অলপমান বেকিং ছ’ডা যোগ কৰা হয় ফলত গাখীৰখিনি প্রশমিত হয়।
উত্তৰ : প্লাষ্টাৰ
অব্ পেৰিছ যেতিয়া বায়ুমণ্ডলত থকা পানীৰ অণুৰ সংস্পৰ্শলৈ আহে তেতিয়া ই জিপছাম
এবিধ সম্পূর্ণ গোটা পদাৰ্থলৈ পৰিণত হয়। গতিকে প্লাষ্টাৰ অব্ পেৰিছক জলীয়
বাষ্পবিহীন পাত্ৰৰ ভিতৰত আবদ্ধ কৰি থোৱা হয়।
14. প্রশমন বিক্রিয়া কি ? দুটা উদাহৰণ দিয়া। কাপোৰ ধোৱা
ছড়া আৰু বেকিং ছ'ডাৰ দুটাকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা ।
উত্তৰ : অম্ল আৰু ক্ষাৰকৰ মাজৰ বিক্রিয়া ঘটি লৱণ আৰু পানী উৎপন্ন হোৱা বিক্রিয়াকে প্রশমন বিক্রিয়া বোলা হয়। উদাহৰণ স্বৰূপে, ছ'ডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰ'ক্লৰিক এছিদৰ মাজত হোৱা বিক্ৰিয়াত ছ'ডিয়াম ক্লৰাইড আৰু পানী উৎপন্ন হয়।
NaOH (জলীয়) + HCI
(জলীয়) →
NaCl (জলীয়) + H2O(I)
পটাছিয়াম
হাইড্রক্সাইড আৰু ছালফিউৰিক এছিডৰ মাজত হোৱা বিক্ৰিয়াত পটাছিয়াম ছালফেট আৰু পানী
উৎপন্ন হয়।
2KOH + H2SO4 → K2SO4 + 2H2O
(A) কাপোৰ ধোৱা ছ'ডাৰ ব্যৱহাৰ :
(i) গ্লাচ, কাগজ আৰু চাবোন
উদ্যোগত ব্যৱহাৰ হয়।
(B) বেকিং ছ'ডাৰ ব্যৱহাৰ :
(i) বেকিং পাউদাৰ প্ৰস্তুতিৰ বাবে যিয়ে
খাদ্য বস্তুক কোমল আৰু স্পঞ্জি কৰি তোলে

No comments:
Post a Comment