অনুশীলনীৰ প্রশ্ন উত্তৰ
1. তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ?
2PbO(s) + C(s) → 2Pb (s) + CO2(g)
(a (a) লেড বিজাৰিত হৈছে।
(b (b) কার্বন ডাইঅক্সাইড জাৰিত হৈছে।
(c (c) কার্বন জাৰিত হৈছে।
(d (d) লেড অক্সাইড বিজাৰিত হৈছে।
(i)
(a) আৰু(b)
(ii)
(a) আৰু(c)
(iii)
(a),(b) আৰু(c)
(iv)
সকলো
উত্তৰ : (i) (a) আৰু(b)
2. Fe2O3 + 2Al → Al2O3 + 2Fe
ওপৰৰ বিক্রিয়াটো এটা উদাহৰণ
(a)
এটা সংযোযন
বিক্রিয়া
(b)
এটা দ্বিঅপসাৰণ বিক্ৰিয়াৰ
(c)
এটা
বিযোজন বিক্রিয়াৰ
(d)
এটা
অপসৰণ বিক্ৰিয়াৰ
উত্তৰ : (d)
এটা অপসৰণ বিক্ৰিয়াৰ
3. কি ঘটে যেতিয়া লঘু হাইড্ৰ’ক্ল’ৰিক এছিড লোৰ
গুড়িত যোগ কৰা হয়?
(a) হাইড্ৰজেন গেছ আৰু আইৰন ক্ল'ৰাইড উৎপন্ন হয়।
(b) ক্ল'ৰি গেছ আৰু
আইৰন হাইড্ৰ’ক্সাইড
উৎপন্ন হয়।
(c) বিক্রিয়া নঘটে।
(d) আইৰন লৱণ আৰু পানী উৎপন্ন হয়।
উত্তৰ : (a) হাইড্ৰজেন
গেছ আৰু আইৰন ক্ল'ৰাইড উৎপন্ন
হয়।
4. সন্তুলিত ৰাসায়নিক সমীকৰণ কি? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে? উত্তৰ : যিবিলাক ৰাসায়নিক সমীকৰণৰ বিক্রিয়াজাত পদাথৰ মৌলবোৰৰ মোঠ ভৰ বিক্রিয়কৰ মৌলবোৰৰ মোঠ ভৰৰ সমান তেনে সমীকৰণক সন্ত্তলিত ৰাসায়নিক সমীকৰণ বুলি কোরা হয়।
আমি জানো যে ভৰৰ নিত্যতা সূত্র অনুসৰি ৰাসায়নিক বিক্রিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ’ব নোরাৰে।অথাৎ ৰাসায়নিক বিক্রিয়া এটাৰ আগৰ আৰু পাছৰ প্রতিটো মৌলৰে
পৰমাণু সংখ্যা একে থাকে।সেইবাবে ৰাসায়নিক সমীকৰণ এটা সন্ত্তলন কৰাৰ
প্রয়োজন।
5. তলৰ
উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা।
(a) হাইড্ৰ'জেন গেছে নাইট্ৰ'জেনৰে সৈতে লগ হৈ এম’নিয়া প্রস্তুত কৰে।
উত্তৰ : 3H2(g) +N2(g) → 2NH3
(b) হাইড্ৰ'জেন ছালফাইডে বায়ুত দাহিত হৈ পানী
আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে।
উত্তৰ :2 H2S
+3 O2 →2 H2O + 2SO2 (c) বেৰিয়াম ক্ল’ৰাইডে এলুমিনিয়াম ছালফেটৰে সৈতে
বিক্ৰিয়া কৰি এলুমিনিয়াম ক্ল’ৰাইড
আৰু বেৰিয়াম ছালফেটৰ
অধঃক্ষেপ উৎপন্ন কৰে। উত্তৰ : 3BaCl2 + Al2(SO4)3
→ 2AlCl3 + 3BaSO4
(d) পটেছিয়াম
ধাতুৱে পানীৰে সৈতে বিক্ৰিয়া কৰি পটেছিয়াম হাইড্ৰ’ক্সাইড আৰু হাইড্ৰ'জেন গেছ উৎপন্ন কৰে। উত্তৰ : 2K + 3H2O → 2KOH + 2H2
6. তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্ত্তলন কৰা।
(a) HNO3
+ Ca(OH)2 →
Ca(NO3)2 + H2O
উত্তৰ : 2HNO3
+ Ca(OH)2 → Ca(NO3)2 +
2H2O
(b) NaOH + H2SO4
→ Na2SO4 + H2O
উত্তৰ : 2NaOH + H2SO4 → Na2SO4 + 2H2O
(c) NaCl + AgNO3 → AgCl + NaNO3
উত্তৰ : NaCl + AgNO3 → AgCl + NaNO3
(d) BaCl2 +
H2SO4 → BaSO4
+ HCl
উত্তৰ : BaCl2 + H2SO4 → BaSO4 + 2HCl
7. তলৰ বিক্ৰিয়াবোৰৰ বাবে
সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা।
(a) কেলছিয়াম হাইড্ৰ’ক্সাইড + কার্বন ডাই
অস্কাইড → কেলছিয়াম কার্বনেট +
পানী।
উত্তৰ : Ca(OH)2
+ CO2 → CaCO3 + H2O
(b) যিংক + ছিলভাৰ নাইট্রেট → যিংক নাইট্রেট + ছিলভাৰ।
উত্তৰ : Zn + 2AgNO3 → Zn(NO3)2 + 2Ag
(c) এলুমিনিয়াম + ক’পাৰ ক্ল’ৰাইড → এলুমিনিয়াম ক্ল’ৰাইড + ক’পাৰ।
উত্তৰ : 2Al
+ 3CuCl2 → 2AlCl3
+3 Cu
(d) বেৰিয়াম ক্ল’ৰাইড + পটেছিয়াম ছালফেট→ বেৰিয়াম ছালফেট + পটেছিয়াম ক্ল’ৰাইড। উত্তৰ : BaCl2 + K2SO4
→ BaSO4 + 2KCl
৪.
তলত দিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্রকাৰৰ
বিক্রিয়া চিনাক্ত কৰা।
(a) পটেছিয়াম ব্ৰ’ মাইড (aq)+ বেৰিয়াম আয়'ডাইড (aq)→ পটেছিয়াম আয়'ডাইড (aq) + বেৰিয়াম ব্র’মাইড (s)
উত্তৰ : 2KBr(aq)
+ BaI2(aq) → 2KI(aq) + BaBr2(s)
(b) যিংক কার্বনেট (s) → যিংক অক্সাইড (s) + কার্বন ডাই অক্সাইড (g)
উত্তৰ : ZnCO3(s)
→ ZnO(s) + CO2(g)
(c) হাইড্ৰ'জেন (g) +ক্ল'ৰিন (g) → হাইড্ৰ'জেন ক্ল’ৰাইড (g)
উত্তৰ : H2(g)
+ Cl(g) → 2HCl
(d) মেগনেছিয়াম (s) + হাইড্ৰ'ক্ল'ৰিক এছিড (aq) → মেগনেছিয়াম ক্ল’ৰাইড (aq) + হাইড্ৰ'জেন(g)
উত্তৰ : Mg(s) + 2HCl(aq) → MgCl(aq) + H2(g)

No comments:
Post a Comment