Thursday, September 30, 2021

অধ্যায়- 5 মৌলৰ পয্যায়বৃত্ত শ্রেণীবিভাজন (Periodic Classification Of Elements) পাঠটোৰ পাঠভিত্তিক প্রশ্নাৱলীৰ উত্তৰ

 



অধ্যায়- 5

মৌলৰ পয্যায়বৃত্ত শ্রেণীবিভাজন

(Periodic Classification Of Elements)

 

 

পাঠভিত্তিক প্রশ্নাৱলীৰ উত্তৰ

 

1. নিউলেণ্ডছ অষ্টকৰ স্তম্ভবোৰত ডবাৰেইনাৰৰ ট্ৰায়াড আছিলনে? তুলনা কৰা আৰু বিচাৰি উলিওৱা।

উত্তৰঃ ডবাৰেইনাৰ ট্ৰায়াড আৰু নিউলেণ্ডৰ অষ্টকৰ মাজত কিছুমান সাদৃশ্য আছে। উদাহৰণ স্বৰূপে, Li, Na আৰু K মৌলই ট্রায়াড গঠন কৰে। যদি Li প্রথম মৌল হয় তেতিয়া অষ্টম মৌল হNa, আৰু Na ৰ পৰা অষ্টম মৌলটো হৈছে K এনেদৰে ডবাৰেইনাৰৰ ট্রায়াড, নিউলেণ্ডৰ অষ্টকৰ বৰ্গত অন্তর্ভুক্তি কৰা হৈছে।

 

2. 'বাৰেইনাৰৰ শ্রেণীবিভাজনৰ সীমাবদ্ধতাবোৰ কি কি আছিল?

উত্তৰঃ ডবাৰেইনাৰ ট্ৰায়াডৰ সীমাবদ্ধতাবোৰ হৈছে

 সেই সময়ত যিমানবোৰ মৌল আৱিষ্কৃত হৈছিল গোটেইবোৰ ট্ৰায়াডত অন্তর্ভুক্তি কৰা হোৱা নাছিল। উদাহৰণ স্বৰূপে, তিনিটা মৌল, যেনেনাইট্ৰ'জেন (N), ফছফৰাছ (P) আৰু আৰ্চেনিক (As) ৰ ধৰ্মৰ মাজত সাদৃশ্য আছে। গতিকে ইহঁতক ট্রায়াডত অন্তর্ভুক্ত কৰিব লাগে। কিন্তু ফছফৰাছৰ পাৰমাণৱিক ভৰ (31.0u) নাইট্ৰ'জেন (N) আৰু আৰ্ছেনিকৰ (As) আণৱিক ভৰৰ গড়তকৈ কম। গতিকে এই তিনিটা মৌলৰ ধৰ্ম একে হোৱা সত্বেও ট্রায়াডত অন্তৰ্ভুক্ত কৰা নহ'ল।

 

3. নিউলেণ্ডৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি কি আছিল?

উত্তৰঃ নিউলেণ্ডৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ হ

 (i) অষ্টক সূত্ৰটো কেৱল কেলছিয়াম পর্যন্তহে প্রযোজ্য হোৱা পোৱা গৈছিল। কেলছিয়ামৰ পাছত অষ্টম মৌল একোটাৰ ধৰ্মবোৰ প্ৰথমটোৰে সৈতে একেধৰণৰ নাছিল।

  (ii) নিউলেণ্ডছে প্ৰকৃতিত কেৱল 56 টা মৌল থকা বুলিহে জানিছিল আৰু ভৱিষ্যতেও আৰু অধিক মৌল আৱিষ্কাৰ নহ'ব বুলিয়েই ধৰিছিল। কিন্তু পৰৱৰ্তী কালত অনেক নতুন মৌল আৱিষ্কাৰ হোৱাত এইবোৰৰ ধৰ্মবোৰ অষ্টক সূত্ৰৰ লগত খাপ খোৱা নাছিল।

 (iii)  নিউলেণ্ডছে তেওঁৰ তালিকাখনত মৌলবোৰ সজাওঁতে কেৱল একেটা স্থানতে দুটাকে মৌলক স্থান দিয়াই নহয় ধৰ্মৰ মিল নথকা কিছুমান মৌলকো একেটা স্তম্ভতে অন্তর্ভূক্তও কৰিছে।

 4. মেন্দেলিভৰ পয্যায়বৃত্ত তালিকাখন ব্যরহাৰ কৰি তলত দিয়া মৌল কেইটাৰ অক্সাইডৰ সংকেত নিৰ্নয় কৰা?

             K, C, Al, Si, Ba

 উত্তৰঃ

                         

মৌল

অক্সাইডৰ সংকেত

K

K2O

C

CO2

Al

Al2O3

Si

SiO2

Ba

BaO

 

5. গেলিয়ামৰ উপৰি আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আবিষ্কৃত হোৱাৰ পূৰ্বেই মেণ্ডেলিভে তেওঁৰ তালিকাত  ঠাই ৰাখি থৈ গৈছিল? (যিকোনো দুটা)।

উত্তৰঃ গেলিয়াম (Ga) ৰ উপৰি সেই সময়ত আৱিষ্কাৰ নোহোৱা মৌল দুটা হৈছেস্কেনডিয়াম (Sc) আৰু জাৰমেনিয়াম, (Ge)

 

6. মেণ্ডেলিভে তেওঁৰ পৰ্য্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবোৰ (Criteria) কি কি আছিল?

উত্তৰঃ  মেণ্ডেলিভে তেওঁৰ পৰ্য্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা দুটা নীতি আছিল

(1) মৌলৰ পাৰমাণৱিক ভৰ, (2) হাইড্ৰাইড আৰু অক্সাইডৰ সংকেতৰ সাদৃশ্যতা। মেণ্ডেলিভে পৰ্য্যাবৃত্ত তালিকাত মৌলবোৰ পাৰমাণৱিক ভৰৰ ঊৰ্দ্ধক্ৰমত সজ্জিত কৰিছিল। আনকি তেওঁ মৌলসমূহৰ ধৰ্মৰ ওপৰত এনেদৰে গুৰুত্ব দিছিল যে পাৰমাণৱিক ভৰৰ নিয়মিত সজ্জাকো উপেক্ষা কৰা হৈছিল।

 

7. সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে?

উত্তৰঃ  ছটা সম্ভ্রান্ত গেছ যেনে— He. Ne. Ar. Kr, Xe আৰু Rn হৈছে নিষ্ক্রিয় গেছ আৰু আমাৰ বায়ুমণ্ডলত এইবোৰ নিচেই কম মাত্ৰাত থাকে।সেইবাবে সম্ভ্ৰান্ত গেছবোৰক পৰ্য্যায়বৃত্ত তালিকাত এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে যাতে বেলেগ মৌলবোৰৰ সজ্জাৰ কোনো ক্রটি নহয়।

 

8. আধুনিক পর্যাবৃত্ত তালিকাই মেন্ডেলিভৰ পর্যাবৃত্ত তালিকাত থকা আঁসোৱাহবোৰ কি দৰে দূৰ কৰিছিল?

উত্তৰঃ আধুনিক পর্যাবৃত্ত তালিকাত মৌলবোনক পৰমাণু ক্রমাংকৰ উৰ্দ্ধক্ৰমত সজ্জিত কৰা হৈছিল। এনেদৰে আধুনিক পর্যাবৃত্ত তালিকাহ মেণ্ডেলিভব পৰ্য্যাবৃত্ত তালিকাৰ কিছুমান আসোৱাহ উলিয়াব পাৰিছিল।

 1. সমস্থানিকৰ স্থানঃ মেণ্ডেলিভৰ তালিকাত সমস্থানিকৰ বাবে কোনো পৃথক স্থান নাই। কিন্তু আধুনিক পর্যাবৃত্ত তালিকাত সমস্থানিকৰ বাবে কোনো পৃথক স্থানৰ আৱশ্যক নাই, কাৰণ ইহঁতৰ পৰমাণু ক্রমাংক একে হয়।

 2. কিছুমান যুগ্ম মৌলৰ বাবে অসংগত অবস্থান : মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকাত ক'বাল্টৰ পাৰমাণৱিক ভৰ নিকেলতকৈ অলপমান বেছি হোৱা সত্বেও ইয়াক নিকেলৰ আগত স্থান দিয়া হৈছে। কিন্তু আধুনিক পৰ্য্যাবৃত্ত তালিকাত ক'বাল্টক নিকেলৰ আগত স্থান দিয়াৰ কাৰণ হৈছে ক'বাল্টৰ পৰমাণু ক্রমাংক 27 আৰু নিকেলৰ পৰমাণু ক্ৰমাংক 28 )তেনেদৰে Te (z =52) 1 (z =53) র আগত স্থান দিয়া হৈছে, Ar (z = 18) 4K (z =19) ব আগত স্থান দিয়া হৈছে।

 3. নতুন মৌলৰ আৱিষ্কাৰত বিফলতা : যিহেতু মেণ্ডেলিভৰ তালিকাত মৌলৰ সৈতে পারমাণবিক ভৰ নিয়মিতভাবে বৰ্দ্ধিত নহয়, গতিকে যিকোনো দুই মৌলৰ মাজত কিমান নতুন মৌলব আৱিষ্কাৰ হ'ব পাৰে তাক ঠাৱৰ কৰিব নোৱাৰি। কিন্তু আধুনিক পর্যাবৃত্ত তালিকাত এই আসোৱাহখিনি নোহোৱা হৈছে, কাৰণ মৌলৰ পৰমাণু ক্রমাংক নিয়মিতভাৱে বাঢ়ি যায়, যাৰ ফলত ইচ্ছানুযায়ী নতুন মৌলৰ আৱিষ্কাৰ কৰিব পৰা যায়

 9. মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্রিয়া দেখুৱাব বুলি ভবা দুটা মৌলৰ নাম লিখা। তোমাৰ এই বাচনিৰ ভিত্তি কি?

উত্তৰঃ Mg মৌলৰ বৰ্গত থকা আন দুটা মৌল হৈছে Be আৰু Caএই বাচনিৰ কাৰণ হৈছে ইহঁতৰ বহিতম ঘোলত এক সংখ্যক (2) ইলেকট্রন আছে।

 

10. নাম লিখা

(a) বহিৰতম কক্ষত এটাকৈ ইলেকট্রন থকা তিনিটা মৌলৰ

উত্তৰ : Li (2.1), Na (2.8.1) আৰু K (2.8.8.1)

(b) বহিৰতম কক্ষত দুটাকৈ ইলেকট্রন থকা দুটা মৌলৰ।

উত্তৰ : Be (2.2) আৰু Mg (2.8.2 )

(c) পৰিপূৰ্ণ বহিৰতম কক্ষ থকা তিনিটা মৌলৰ।

উত্তৰ : He (2), Ne (2.8) আৰু Ar (2.8.8)

 

11. (a) লিথিয়াম, ছডিয়াম, পটেছিয়ামএই আটাইকেইটা ধাতু। ইহঁতে পানীৰে সৈতে বিক্ৰিয়া কৰি হাইড্ৰ'জেন গেছ মুক্ত কৰে। এই মৌলকেইটাৰ পৰমাণুত কিবা সাদৃশ্য আছেনে?

উত্তৰঃ মৌলবোৰৰ ইলেকট্রনীয় বিন্যাসবোৰ হ'

Li  2.1, Na  2.8.1, K 2.8.8.1  দেখা গ'ল যে প্রত্যেকটো মৌলৰ বহিৰ্তম কক্ষত থকা ইলেক্ট্রনৰ  সংখ্যা এক, গতিকে এইবোৰ মৌলৰ যোজ্যতা এক।

 

(b) হিলিয়াম এটা নিষ্ক্রিয় গেছ আৰু নিয়নো এটা প্রায় নিষ্ক্রিয় গেছ। ইহঁতৰ পৰমাণুবোৰৰ মাজত কি মিল থকা দেখা যায়?

উত্তৰঃ  (i) He আৰু Ne দুয়োটাৰে বহিৰ্তম খোলটো ইলেকট্রনেৰে পূৰ্ণ।

 

12. আধুনিক পৰ্যাবৃত্ত তালিকাত থকা প্রথম দহোটা মৌলৰ ভিতৰত কোনকেইটা ধাতু?

 উত্তৰ : Li (2.1) আৰু Be (2.2) ধাতু বাকী ৪টা মৌল অধাতু।

 

13. পয্যায়বৃত্ত তালিকাত স্হান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতবধৰ্মী হব বুলি অনুমান কৰিবা ?

     Ga,Ge,As,Se

 

উত্তৰঃ  যিহেতু Be পৰ্য্যাবৃত্ত তালিকাত একেবাৰে বাঁওহাতে অৱস্থিত, গতিকে ইয়াৰ ধাতবীয় চৰিত্ৰ বেছিবাকী মৌলবোৰ (Ga, Ge, As, Se) পৰ্য্যাবৃত্ত তালিকাত সোঁহাতে অৱস্থিত।

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Sunday, September 12, 2021

অধ্যায়-4 কাৰ্বন আৰু তাৰ যৌগ(CARBON AND ITS COMPOUND)ৰ অনুশীলনীৰ প্রশ্নসমুহৰ উত্তৰ

 



অনুশীনী



1. ইথেন (C2H6) অণু এটাত

 (a) 6 টা সহযোজী বান্ধনি আছে।         (b) 7 টা সহযোজী বান্ধনি আছে।

 (c) ৪ টা সহযোজী বান্ধনি আছে।          (d) 9 টা সহযোজী বান্ধনি আছে।

উত্তৰ : (b) 7 টা সহযোজী বান্ধনি আছে।


2. চাৰিটা কাৰ্বনৰ যৌগ বিউটান'নত থকা কাৰ্য্যকৰী মূলক হ'

(a) কার্বক্সিলিক এছিড           (b) এলডিহাইড

(c) কিট'                   (d) এলকহল

উত্তৰ : (c) কিট'


3. ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে (বাহিৰত) ক'লা পৰে, কিয়নো

(a) খাদ্য ভালদৰে নিসিজিল।          (b) ইন্ধন সম্পূৰ্ণৰূপে দহন নহয়।

(c) ইন্ধনটো সিক্ত।                 (d) ইন্ধনটো সম্পূৰ্ণকৈ দহন হয়।

উত্তৰ : (b) ইন্ধন সম্পূৰ্ণৰূপে দহন নহয়।

 

4. CH3CI ৰ উদাহৰণ লৈ সহযোজী বান্ধনিৰ স্বৰূপ (nature) ব্যাখ্যা কৰা।

উত্তৰ : কাৰ্বন আৰু ক্লৰিনৰ ইলেকট্রনীয় বিন্যাস হৈছে

      C 2.4

        Cl → 2.8.7

গতিকে সুষ্ঠিৰ অষ্টকপূৰ্ণ কৰিবৰ বাবে কাৰ্বনক চাৰিটা আৰু ক্লৰিণক এটা ইলেক্ট্রণৰ প্রয়োজন হয়।  সহযোজী বান্ধনি গঠনৰ সময়ত কাৰ্বনে ইয়াৰ চাৰিটা ইলেকট্রন, তিনিটা হাইড্ৰজেন পৰমাণুৰ তিনিটা ইলেকট্রন আৰু ক্লবিন পৰমাণুৰ এটা ইলেক্ট্রণৰ মাজত ভাগ বতৰা হয়।



5. তলত দিয়াবিলাকৰ ইলেক্ট্রন বিন্দু গঠন লিখা ?

(a) ইথানয়িক এছিড।



(b) H2S




(c)






(d)

6. সমগণীয় শ্রেণী কাক বোলে? উদাহৰণ দি বুজাই লিখা।

উত্তৰ : যি শ্রেণীৰ যৌগত একে কাৰ্যকৰি মূলক উপস্হিত থাকে সেই শ্রেণীটোক  সমগনীয় শ্রেণী বোলে।

           উদাহৰণ স্বৰূপে, এলকহলৰ শ্ৰেণীটো হৈছে—CH3OH, C2H3OH C3H7OH ইত্যাদি । ইয়াৰ প্ৰত্যেক পশ্চাদবর্তী সমগণৰ পাৰ্থক্য হৈছে—CH2 বা আণৱিক ভৰ 14u শ্ৰেণীটোত প্ৰত্যেকটো যৌগৰ ৰাসায়নিক ধৰ্ম একে, কিন্তু ভৌতিক ধর্ম, যেনেউতলাংক, গলনাংক, দ্ৰৱণীয়তা ইত্যাদি বেলেগ বেলেগ।

 

7. ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ইথানল আৰু ইথানয়িক এছিডৰ পাৰ্থক্য লিখা ৷

উত্তৰ :    ইথানল আৰু ইথানয়িক এছিডৰ ভৌতিক পার্থক্য হৈছে

(a)  গোন্ধ : ইথানলৰ এটা মিঠা সুগন্ধি আছে, কিন্তু ইথানয়িক এছিডৰ নাক জনজনাই যোৱা গোন্ধ আছে।

 (b) উতলাংক: ইথানয়িক এছিডৰ উতলাংক ইথানলতকৈ বেছি।

 (c)  গলনাংক: ইথানয়িক এছিডৰ গলনাংক ইথানলতকৈ বেছি।

       

            ইথানল আৰু ইথানয়িক এছিডৰ ৰাসায়নিক ধর্ম হৈছে

(a) ইথানয়িক এছিডে ছডিয়াম কার্বনেট বা ছডিয়াম হাইড্ৰ'জেন কার্বনেটৰ সৈতে বিক্ৰিয়া কৰি CO2 গেছ প্রস্তুত কৰে। অন্যহাতে ইথানলে এই বিক্রিয়া নেদেখুৱায়।

 (b)  ক্ষাৰ্কীয় KMnO4ৰ সৈতে বিক্রিয়া : ইথানলে KMnO4ৰ গুলপীয়া বৰণ নোহোৱা কৰে, কিন্তু ইথানয়িক এছিডে বৰণ পৰিবৰ্তন কৰিব নোৱাৰে।

 8.  পানীত চাবোন দিলে কিয় ফেন উঠে? বেলেগ দ্রাবক, যেনে ইথানলত ফেন উঠিবনে?

উত্তৰ : এটা চাবোন অণুৰ দুটা মেৰু থাকে। এটা ধ্রুবীয়, যাক জলস্নেহী বোলে। এই অংশটো পানীৰ অণুৰ সৈতে লগলাগি থাকে, আৰু আনটো অধ্রুবীয়যাক জলবিকর্ষী বোলে । এই অংশটো বস্তুটোৰ তেলজাতীয় অংশৰ সৈতে লগলাগি থাকে। গতিকে যেতিয়া তৈল পদার্থখিনিত চাবোন ঘঁহি দিয়া হয়, ধ্রুবীয় অংশটো পানীত দ্রবীভূত হয় আৰু অধ্ৰুৱীয় অংশখিনি তেলজাতীয় পদার্থখিনিত দ্রবীভূত হয়। এনেদৰে গোলকীয় আকৃতিৰ এটা আকাৰ ধাৰণ কৰে, 'ত থাকিব পানীৰ অণু, চাবোনৰ অংশ আৰু তেলৰ অংশ। ইয়াকে মাইচেলি বোলে। যিহেতু চাবোনত এলকহল দ্রবীভূত হয়, গতিকে ইথানলত মাইচেলি গঠন নহয়।

 9. প্রায় সকলো ক্ষেত্ৰতে কাৰ্বন আৰু ইয়াৰ যৌগ ইন্ধন হিচাপে ব্যৱহাৰ হয়। কিয়?

উত্তৰ : ইয়াৰ দুটা কাৰণ হৈছে

(i) কাৰ্বনৰ যিকোনো বহুৰূপতাক যেতিয়া অক্সিজেনৰ পৰিবেশত দহন কৰা হয়, তেতিয়া তাপশক্তি পোহৰৰ সৈতে লগ হৈ কার্বন ডাই-অক্সাইড সৃষ্টি হয়।

 (ii) কাৰ্বনৰ যৌগবিলাকক এবাৰ দহন কৰাৰ পাছত ই বহুসময়ৰ বাবে জ্বলি থাকে। গতিকে বাৰে বাৰে উত্তত্ত কৰাৰ প্রয়োজন নাই।

 10. কঠিন পানীত চাবোন ব্যৱহাৰ কৰিলে গেন (scum) কিদৰে সৃষ্টি হয় ব্যাখ্যা কৰা।

উত্তৰ : কঠিন পানীৰ সৈতে পৰিষ্কাৰকৰণৰ পাছত যিখিনি অম্লীয় পদার্থ থাকি যায় সেইখিনি গেদ (scum) হিচাপে থাকি যায়। আমি জানো যে, কঠিন পানীত কেলছিয়াম আৰু মেগনেছিয়ামৰ ক্ল'ৰাইড আৰু ছালফেট লবণ থাকে। যেতিয়া কাপোৰ চাবোনেৰে ধোৱা হয় তেতিয়া চাবোনত থকা ফেটি এছিডৰ লৱণবোৰ কেলছিয়াম বা মেগনেছিয়াম লৱণৰ ফেটি এছিড হিচাপে অধ্যক্ষেপ পৰে। এই অধঃক্ষেপখিনিয়ে হৈছে গেদ বা scum

 11. নীলা আৰু ৰঙা লিটমাচ কাগজেৰে চাবোন পৰীক্ষা কৰিলে কি দেখিবা?

উত্তৰ :  যিহেতু চাবোনৰ পানী ক্ষাৰকীয় হয় গতিকে এই দ্রবণে ৰঙা লিটমাছ নীলা কৰিব।

 

12. হাইড্ৰজেনেচন মানে কি? ইয়াৰ ঔদ্যোগিক প্রয়োগ লিখা।

উত্তৰ: নিকেল অনুঘটকৰ উপস্থিতিত অসংপৃক্ত হাইড্ৰ কাৰ্বনত হাইড্ৰজেন যোগ কৰাকে হাইড্ৰ'জেনেচন বুলি কোৱা হয়। হাইড্ৰ'জেনেচন পদ্ধতিক নিকেলৰ উপস্থিতিত উদ্ভিদজাত তেলক বনস্পতি ঘিউলৈ পৰিবৰ্তিত কৰাত ব্যৱহাৰ হয়। উদ্ভিদজাত তেলত বহুসংখ্যক অসংপৃক্ত কাৰ্বনৰ পৰমাণু থাকে। যেতিয়া H2 যোগ কৰা যায় তেতিয়া আংশিক হাইড্ৰ'জেনেচন সংঘটিত হয় আৰু তেলখিনি গোটা চৰ্বিত পৰিণত হয়।

 

14. মাখন (butter) আৰু খোৱাতেলৰ (Cooking oil) মাজত পাৰ্থক্য দেখুৱাব পৰা এটা পৰীক্ষা বর্ণনা কৰা।

উত্তৰ:  মাখন হৈছে সংপৃক্ত হাইড্ৰ'কাৰ্বন, আনহাতে ৰন্ধন তেল হৈছে অসংপৃক্ত হাইড্ৰকাৰ্বন। গতিকে ৰন্ধন তেলত যেতিয়া কেইটোপালমান ক্ষাৰকীয় KMnO4 দ্ৰবত যোগ কৰা হয়, তেতিয়া দ্ৰবৰ গুলপীয়া বৰণ নোহোৱা হব। আনহাতে মাখনে KMnO4·ৰ ৰং সলনি কৰিব নোৱাৰে।

 

15. চাবোনৰ মলি আঁতৰোৱাৰ প্ৰক্ৰিয়া (cleaning action) ব্যাখ্যা কৰা।

উত্তৰ : চাবোন হৈছে ছডিয়াম নাইবা পটেছিয়াম লৱণৰ দীঘল শৃংখলযুক্ত ফেটি এচিড। ইয়াত দুটা অংশ থাকে। এটা হৈছে ধ্রুৱীয় বা জলস্নেহী অংশ, যাৰ লগত পানীৰ অণু সংলগ্ন হৈ থাকে। আনটো অংশ হৈছে অনাধ্ৰুৱীয় বা জলবিকৰ্ষি, যাৰ লগত তৈল পদাৰ্থৰ অংশ সংলগ্ন হৈ থাকে, ধ্ৰুৱীয় অংশ পানীত দ্রবীভূত হৈ থাকে আৰু পানী পৃষ্ঠৰফালে ওলাই থাকে। আনহাতে জলবিকর্ষি অংশ তৈল পদাৰ্থত দ্রবীভূত হৈ থাকে। এনেদৰে গোলকীয় আয়নীয় মাইচেলিৰ সৃষ্টি হয়। ইয়াৰ ফলত পানীত ইমালছনৰ সৃষ্টি হয়। মাইছেলিয়ে মলি অংশক পানীৰ সৈতে দ্রবীভূত হোৱাত সহায় কৰে আৰু কাপোৰ আমি পৰিষ্কাৰ কৰি ধুব পাৰো। ইয়েই হৈছে চাবোনৰ মলি আঁতৰোৱাৰ প্ৰক্ৰিয়া

CHEPTER-12 বিদ্যুৎ (Electricity) পাঠটোৰ অনুশীলনীৰ প্রশ্নসমূহৰ উত্তৰ

  অনুশীলনী 1. R ৰোধৰ এডাল তাঁৰ পাঁচটা সমান ভাগলৈ বিভক্ত কৰা হ ' ল। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ ' ল। যদি সজ্জাটোৰ সমতূল্য ৰ...