Friday, June 17, 2022

CHEPTER-8 জীৱই কেনেকৈ বংশবিস্তাৰ কৰে (How Do Organisims Reproduce) পাঠটোৰ পাঠাভত্তিক প্রশ্নাৱলীৰ উত্তৰ

 

CHEPTER-8

জীৱই কেনেকৈ বংশবিস্তাৰ কৰে

(How Do Organisims Reproduce)

 

 পাঠাভত্তিক প্রশ্নাৱলীৰ উত্তৰ

 

1. প্ৰজনন প্ৰক্ৰিয়াত DNA প্রতিলিপিৰ আৱশ্যক কি?

 উত্তৰ : পিতৃ-মাতৃৰ চৰিত্ৰসমূহ DNA ৰ মাধ্যমত সতি-সন্ততিলৈ স্থানান্তৰণ হয় । DNA ৰ এটা প্ৰধান বৈশিষ্ট্য হ'ল যে DNA এ প্রতিলিপি গঠন কৰিব পাৰে। অর্থাৎ DNA ৰ নিচিনা হুবহু একে DNA গঠন হ'ব পাৰে। DNA এই ক্ষমতাৰ বাবেই অপত্য কোষ একে সাদৃশ্যৰ হ'ব। যৌন প্ৰজননত শুক্রাণু আৰু ডিম্বাণুৱে DNA দ্বাৰাই চৰিত্ৰসমূহ স্থানান্তৰিত কৰে আৰু নতুনকৈ গঠন হোৱা যোজন কোষত পিতৃ-মাতৃ উভয়ৰে চৰিত্ৰৰ মিলন ঘটে, যাৰ বাবে উত্তৰ পুৰুষত পিতৃ-মাতৃ উভয়ৰে বা পিতৃ বা মাতৃৰ চৰিত্ৰবিলাক প্ৰকাশ হোৱা দেখা যায় আৰু সেই কার্য কৰে প্রধানতঃ DNA এ। সেই কাৰণে জীৱৰ মাজত প্ৰকাৰণ দেখিবলৈ পোৱা যায়। সেয়েহে প্ৰজননত DNA প্রতিলিপি আৱশ্যকতা বহুত বেছি।

2. প্ৰজাতিৰ কাৰণে ভিন্নতা প্রয়োজন কিন্তু একক জীৱৰ কাৰণে গুৰুত্বপূৰ্ণ নহয় কিয়?                 উত্তৰ : পৰিৱৰ্তিত পাৰিপাৰ্শ্বিক অৱস্থাৰ সৈতে কোনো প্ৰজাতিয়ে নিজক খাপ খুৱাই চলিবৰ বাবে ভিন্নতা গুৰুত্বপূৰ্ণ। বাসস্থানৰ পৰিৱৰ্তনসমূহৰ ভিতৰত, যেনেউষ্ণতাৰ যথেষ্ট বৃদ্ধি বা হ্রাস, জলভাগৰ উচ্চতা উঠা-নমা হোৱা ইত্যাদি। ধৰা হ', এটা জীৱই ২০-৪০ ডিগ্রী চেলচিয়াছ উষ্ণতা সহ্য কৰিব পাৰে। যদি ইয়াতকৈ বেছি বা কম হয় তেতিয়া জীৱৰ বসবাসৰ অসুবিধা হ'ব পাৰে আৰু এই জীৱৰ কিছুমান প্ৰজাতিয়ে এই পৰিৱৰ্তন সহ্য কৰিব পাৰে যাক প্ৰজাতিৰ ভিন্নতা বোলে। যি প্ৰজাতিয়ে এই পৰিৱৰ্তন সহ্য কৰিব পাৰে সেইবোৰে নিজৰ বংশ বৃদ্ধি কৰিব পাৰিব বা পৃথিৱীত বৰ্তি থাকিব পাৰিব, যাৰ বাবে ভিন্নতাৰ আৱশ্যক হয় আৰু এই ভিন্নতাৰ সৃষ্টি হ'ব পাৰে DNA পৰিৱৰ্তনৰ ফলত।

3.দ্বি-খণ্ডন বা দ্বি-বিভাজন আৰু বহু বিভাজনৰ মাজৰ প্ৰভেদ কি কি?

উত্তৰ : দ্বি-খণ্ডন বা দ্বি-বিভাজনত পিতৃ-মাতৃ কোষটোৰ পৰা প্ৰায় সমান আকাৰৰ দুটা অপত্য কোষৰ সৃষ্টি হয়, কিন্তু বহু বিভাজন প্ৰক্ৰিয়াত পিতৃ-মাতৃ কোষৰ পৰা অসংখ্য অপত্য জীৱৰ সৃষ্টি হ'ব পাৰে।

4. যদি কোনো জীবই ৰেণুৰদ্বাৰা বংশ বিস্তাৰ কৰে তেতিয়া ই কেনেদৰে লাভান্বিত হ'?

উত্তৰ : যিবোৰ জীৱই ৰেণুৰ দ্বাৰা বংশ বিস্তাৰ কৰে সেইবোৰৰ ক্ষেত্ৰত ৰেণুৰ পৰাই অপত্য জীৱৰ সৃষ্টি হয়। এই ক্ষেত্ৰত ডাঠ আৱৰণৰ মাজতহে ৰেণুটো সোমাই থাকে। সেয়েহে পৰিৱৰ্তিত পাৰিপাৰ্শ্বিক অৱস্থাৰ বাবেও ৰেণুটোৰ ক্ষতি নহয়। যেতিয়াই ৰেণুটোৱে অনুকূল পৰিৱেশ পায় তেতিয়াই ৰেণুৰ অংকুৰণ ঘটি নতুন জীৱৰ সৃষ্টি হয়।

5. উচ্চ খাপৰ জীৱই কিয় পুনৰ্জীৱন পদ্ধতিৰে নতুন জীৱৰ সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণ দৰ্শাব পাৰিবানে?

 উত্তৰ : উচ্চ খাপৰ জীৱই পুনৰজীৱন প্ৰক্ৰিয়াৰ দ্বাৰাই নতুন জীৱৰ সৃষ্টি কৰি নোৱাৰে। উচ্চ খাপৰ জীৱৰ শৰীৰৰ গঠন জটিল প্ৰকাৰৰ। অৰ্থাৎ‍ য'ত বহুটো অংগ, অংগতন্ত্র থাকে। পুনৰ জীৱন প্ৰক্ৰিয়াৰ দ্বাৰা এই অংগসমূহৰ সৃষ্টি কৰাটো অসম্ভব।

6.বিশেষ কিছুমান উদ্ভিদৰ উৎপত্তিৰ বাবে কিয় আংগিক বিস্তাৰণ প্ৰয়োগ কৰা হয়?

উত্তৰ : যিবিলাক উদ্ভিদে বীজৰ সৃষ্টি কৰিব নোৱাৰে আৰু যদি বীজৰ সৃষ্টি হয় তথাপিও সেই বীজৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি নহয় তেনেবোৰ উদ্ভিদৰ ক্ষেত্ৰত আংগিক বিস্তাৰণ প্ৰয়োগ কৰা হয়। যেনে আদা, আপেল, নেমুটেঙা ইত্যাদি।

7. প্ৰজনন প্ৰক্ৰিয়াৰ এটা অংশ হিচাপে ডি. এন. এ. (DNA) ৰ প্ৰতিলিপিকৰণ কিয় প্রয়োজন?    উত্তৰ : DNA প্রতিলিপিকৰণ মানে হ'ল এডাল DNA ৰ পৰা হুবহু একে DNA ৰ গঠন হোৱা প্ৰক্ৰিয়া। DNA এ সকলো জীৱৰ ক্ষেত্ৰতে পিতৃ-মাতৃৰ চৰিত্ৰ, প্ৰজননৰ সময়ত পিতৃ-মাতৃৰ পৰা সন্তানলৈ স্থানান্তৰিত কৰে। সতি-সন্ততিয়ে DNA লাভ কৰে জনন কোষৰ মাধ্যমত। এই DNA ত পিতৃ বা মাতৃৰ চৰিত্ৰ সঞ্চিত হৈ থাকে। DNA প্রতিকৃতিকৰণ হয় বাবেই সন্তানে পিতৃ বা মাতৃৰ কোষত থকা DNA ৰ নিচিনা একে DNA লাভ কৰে। সেয়েহে DNA প্রতিকৃতিকৰণ প্ৰজনন প্ৰক্ৰিয়াৰ এটা অংশ বুলি ক'ব পৰা যায়।

 8.নিষেচন আৰু পৰাগযোগৰ পাৰ্থক্য কেনেধৰণৰ ?

উত্তৰ : কোনো ফুলৰ পৰাগধানীৰ পৰা পৰাগৰেণু গর্ভমুণ্ডলৈ স্থানান্তৰিত হোৱাকে পৰাগযোগ, আনহাতে নিষেচনত পুংজনন কোষ আৰু স্ত্রী জনন কোষৰ মিলন ঘটে আৰু যোজন কোষৰ সৃষ্টি হয়। কিন্তু পৰাগযোগত যোজন কোষৰ সৃষ্টি নহয়। পৰাগযোগৰ বাবে কিছুমান বাহক যেনেবতাহ, পানী, প্রাণী ইত্যাদিৰ আৱশ্যক হয়, কিন্তু নিষেচনত সেইবোৰৰ আৱশ্যকতা নাথাকে।

9. শুক্রাশয় আৰু প্ৰষ্টেট গ্ৰন্থিৰ ভূমিকা কি?                                                                                   উত্তৰ : শুক্ৰধাৰে এবিধ ক্ষাৰৰ্কীয় ৰস নিঃসৰণ কৰে, 'ত ফ্রুক্ট শৰ্কৰা থাকে আৰু প্ৰষ্টেট গ্রন্থিয়েও এবিধ ক্ষাৰকীয় ৰস নিঃসৰণ কৰে। এই দুয়োবিধ ৰসে লগ লাগি শুক্রাণুৰ গতিপথত সহায় কৰে আৰু শুক্রাণুক পুষ্টিৰ যোগান ধৰে।

10. কৈশোৰ কালত ছোৱালীৰ দেহত কেনেধৰণৰ পৰিবৰ্ত্তন দেখা যায়?

উত্তৰ : ছোৱালীৰ ক্ষেত্ৰত ১০-১২ বছৰ বয়সৰ ভিতৰত যৌৱন কাল আৰম্ভ হয়। এই সময়ৰ পৰাই ঋতুচক্র আৰম্ভ হয়। গৌণ যৌন আৰু গৌণ যৌন চৰিত্ৰসমূহ যেনেস্তন গ্ৰন্থিৰ বিকাশ, শ্রোণী প্ৰদেশৰ প্ৰসাৰতা, স্ত্ৰীসুলভ কণ্ঠস্বৰ প্রকাশ পায়।

11.মাতৃদেহত ভ্ৰুণকোষে কেনেকৈ পুষ্টি লাভ কৰে?

উত্তৰ : গৰ্ভাৱস্থাত ভ্রূণটো গৰ্ভাশয়ৰ অন্তঃআচ্ছাদনৰ লগত এবিধ বিশেষ কলাৰদ্বাৰা বান্ধ খাই থাকে। ইয়াক অমৰা বা প্লেচেণ্টা (Placenta) বোলে। এই প্লেটোৰ দ্বাৰা মাতৃদেহৰ তেজৰ যোগেদি ভ্রূণটোৱে পুষ্টি লাভ কৰে। প্লেচেণ্টাটো কাঁহী সদৃশ আৰু গৰ্ভাশয়ৰ বেৰত পোত খাই থাকে। ইয়াৰ পৰা কিছুমান ভিলাই ভ্রূণটোৰ ফালে বিয়পি থাকে। গর্ভাশয়ৰ অন্তঃআচ্ছাদানৰ ফালে ৰক্ত জালিকা থকাৰ কাৰণে মাতৃদেহৰ পৰা গ্লুক'জ আৰু অক্সিজেন ভ্রূণটোলৈ সৰবৰাহ হৈ থাকে।

12. যদি মহিলা এগৰাকীয়ে কপাৰ-টি ব্যৱহাৰ কৰে,তেতিয়া ই যৌন ৰোগ সঞ্চাৰণ প্রতিৰোধী হবনে?

উত্তৰ : . যদি মহিলা এগৰাকীয়ে কপাৰ-টি ব্যৱহাৰ কৰে,তেতিয়া ই যৌন ৰোগ সঞ্চাৰণ প্রতিৰোধ নকৰে কাৰণ এই পদ্ধতিয়ে মাত্ৰ গৰ্ভধাৰণত বাধা দিয়ে

 

 

 

 

 

 

 

 

 

 

 

No comments:

Post a Comment

CHEPTER-12 বিদ্যুৎ (Electricity) পাঠটোৰ অনুশীলনীৰ প্রশ্নসমূহৰ উত্তৰ

  অনুশীলনী 1. R ৰোধৰ এডাল তাঁৰ পাঁচটা সমান ভাগলৈ বিভক্ত কৰা হ ' ল। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ ' ল। যদি সজ্জাটোৰ সমতূল্য ৰ...