Saturday, June 18, 2022

CHEPTER-8 জীৱই কেনেকৈ বংশবিস্তাৰ কৰে (How Do Organisims Reproduce) পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰ

 

 


                          


অনুশীলনীৰ প্রশ্ন উত্তৰ


1. অযৌন প্ৰজননৰ মুকুলোদ্দগম সংঘটিত হয়

(ক) এমিবাত      (খ) ইষ্ট      (গ) প্লাজম'ডিয়ামত      (ঙ) লেইচমেনিয়াত 

উত্তৰ : (খ) ইষ্ট

2. তলৰ কোনটো মানুহৰ দেহৰ স্ত্ৰীজনন অংগ নহয়?

(ক) ডিম্বাশয়।     (খ) জৰায়ু      (গ) শুক্রবাহী নলী     (ঘ) ফেলোপিয়ান নলী।

উত্তৰ : (গ) শুক্রবাহী নলী

3. পৰাগধানীত পোৱা হয়

(ক) বেটুপাত      (খ) ডিম্বক      (গ) স্ত্রীকেশৰ       (ঘ) পৰাগ ৰেণু

উত্তৰ : (ঘ)পৰাগ ৰেণু

4. অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ সুবিধাসমূহ কি কি?

 উত্তৰ : অযৌন প্ৰজননতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ সুবিধাসমূহ হল

(i) যৌন প্ৰজননত পুং আৰু স্ত্ৰী জনন কোষৰ মিলন ঘটে। পুং আৰু স্ত্ৰী জনন কোষত বেলেগ বেলেগ চৰিত্ৰ সন্নিৱিষ্ট থাকে, যাৰ বাবে সতি-সন্ততিৰ ক্ষেত্ৰত প্ৰকাৰণ দেখিবলৈ পোৱা যায়।

(ii) যৌন প্ৰজনত সৃষ্টি হোৱা জীৱৰ প্ৰজাতিসমূহৰ মাজত প্ৰকাৰণ দেখিবলৈ পোৱা যায়, যিয়ে বিৱৰ্তনত সহায় কৰে।

5. মানুহৰ শুক্রাশয়কেইটাই কি কি কাম কৰে?

উত্তৰ : শুক্রাশয়ৰ প্ৰধান কাম হ'ল শুক্রাণুজনন প্ৰক্ৰিয়াৰ দ্বাৰা শুক্রাণুৰ সৃষ্টি কৰা। ইয়াৰ উপৰি শুক্রাশয়ত টেষ্ট'ষ্টেৰণ হৰম'ন নিঃসৰণ হয়, যিয়ে পুৰুষৰ গৌণ যৌন চৰিত্ৰৰ বিকাশত সহায় কৰে।

6. ঋতুস্ৰাৱ কিয় হয় ?

উত্তৰ : যদি ডিম্বাণুৰ নিষেচন নঘটে তেতিয়া ডিম্বাশয়ৰ আচ্ছাদকখন ভাঙি যায় আৰু ৰক্ত আৰু শ্লেষ্মা হিচাপে যোনি পথেদি বাহিৰ হৈ যায়। ইয়াকে ঋতুস্ৰাৱ বোলে। ডিম্বাণুৰ নিষেচন নোহোৱাৰ বাবেই ঋতুস্ৰাৱ হয়।

7. বিভিন্ন প্ৰকাৰৰ গৰ্ভনিৰোধ পদ্ধতিসমূহ কি কি?

উত্তৰ : গৰ্ভনিৰোধ পদ্ধতি হ'ল কাৰিকৰি প্ৰতিবন্ধক  যাৰ সহায়ত শুক্রাণুবোৰ ডিম্বাণু কোষৰ লগত মিলন নোহোৱাকৈ আবদ্ধ কৰি ৰাখিব পাৰি। এই পদ্ধতিত পুংজনন অংগ ত কনডম পিন্ধি লোৱা হয়। স্ত্রী ব্যক্তিৰ ক্ষেত্ৰত তেনে ধৰণৰ আৱৰণী যোনি পথত সংস্থাপিত কৰা হয়। আন এবিধ গৰ্ভনিৰোধক পদ্ধতিত দেহত হৰম'নৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ডিম্বক্ষরণ বন্ধ কৰা হয়। ইয়াৰ ফলত নিষেচন হ'ব নোৱাৰে। ইয়াক অবেল কন্ট্রাচেপটিঙ্ (Oral contraceptive) বোলে। অন্য এবিধ গৰ্ভনিৰোধক পদ্ধতি হ'ল ক'পাৰ-টি (Copper T)ইয়াক গর্ভাশয়ত সংস্থাপন কৰি গৰ্ভধাৰণ বন্ধ কৰা হয়। এইবিলাকে গর্ভাশয়ৰ প্ৰবাহৰ বাবে কিছুমান পাশ্চক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে। পুৰুষ ব্যক্তিৰ শুক্রবাহী নলী বন্ধ কৰি শুক্ৰ সৰবৰাহ বন্ধ কৰিব পাৰি। একেদৰে স্ত্ৰী ব্যক্তিৰ ডিম্ববাহী নলী বন্ধ কৰি ৰাখিলে ডিম্ব গৰ্ভাশয়ত অৱস্থান কৰিব নোৱাৰে। এই দুয়োটা পদ্ধতিত নিষেচন হ'ব নোৱাৰে। বন্ধ্যাকৰণ (Surgical) পদ্ধতিৰে এনে ক্রিয়া সম্ভব হয়।

8. এককোষী আৰু বহুকোষী জীৱৰ বিভিন্ন প্ৰকাৰৰ অযৌন আৰু যৌন প্ৰজনন প্ৰক্ৰিয়াৰ কৌশলসমূহ কেনেধৰণৰ ?

 উত্তৰ : এককোষী আৰু বহুকোষী জীৱত ঘটা অযৌন প্ৰজননৰ বিভিন্ন কৌশলসমূহ হ'

অযৌন প্রজননএই পদ্ধতিত জনন কোষৰ মিলন নোহোৱাকৈ এটা জীৱনৰ পৰা অপত্য জীৱৰ সৃষ্টি হয়। অযৌন প্রজনন তলত দিয়া পদ্ধতিসমূহেৰে সাধিত হয়

 (a) দ্বিখণ্ডন বা বিভাজন : এই পদ্ধতিত মাতৃকোষটোৰ কোষকেন্দ্ৰটো প্রথমে এমাইট'ছিছ কোষবিভাজনৰ দ্বাৰা দুটা ভাগত ভাগ হয় আৰু পিছত কোষপ্রৰসখিনি দুভাগ হৈ দুটা অপত্য কোষৰ সৃষ্টি হয়। যেনেবেক্টেৰিয়া আৰু আদ্যপ্ৰাণীৰ দৰে এককোষী জীৱসমূহে এই প্ৰক্ৰিয়াৰে বংশ বৃদ্ধি কৰে।

 (b) বিভংগন : বহুকোষী সূত্ৰাকাৰ শেলাই আদিৰ দেহ কোনো আঘাতজনিত কাৰণত কিছুমান খণ্ডত বিভক্ত হলে পিছত প্ৰতিটো খণ্ডই কোষবিভাজনৰ দ্বাৰা অপত্য উদ্ভিদদেহৰ সৃষ্টি কৰে। যেনেসর্পিল শেলাই।

 (c) পুনৰ জীৱন : ভিন্ন অংগবিশিষ্ট বহুত জীৱই সিহঁতৰ দেহৰ কোনো অংগৰ পৰাই অপত্য জীৱৰ উৎপত্তি কৰিব পাৰেযদি কোনো এটা জীৱৰ কিবা কাৰণত কাটি বা ভাগি বহুত টুকুৰা টুকুৰ হয়, তাৰে কিছুমানৰ পৰা পৃথককৈ পুনৰ একোটা অপত্য জীৱৰ সৃষ্টি হয়। যেনেপ্লেনেৰিয়া, হাইড্রা ইত্যাদি।

(d) মুকুলোদ্‌গম : এই প্ৰক্ৰিয়াত মাতৃকোষৰ কোষবেৰৰ কোনো অংশৰ পৰা মুকুল সৃষ্টি হয় আৰু মুকুলটোৰ লাহে লাহে বৃদ্ধি পাবলৈ ধৰে আৰু এটা সময়ত মুকুলটো মাতৃকোষৰ পৰা পৃথক হয় আৰু এই মুকুলৰ পৰাই শেষত অপত্য জীৱৰ সৃষ্টি হয়। যেনেইষ্ট, হাইড্রা ইত্যাদি।

(e) আংগিক বিস্তাৰণ : বিভিন্ন সপুষ্পক উদ্ভিদৰ মূল, কাণ্ড আৰু পাতৰ বিভিন্ন অংশৰ পৰা মুকুল আৰু মূল উৎপন্ন হয়। এই পদ্ধতিৰেও নতুন উদ্ভিদৰ সৃষ্টি হয় আৰু এই প্ৰক্ৰিয়াকে আংগিক বিস্তাৰণ বোলে। যেনেদুপৰটেঙা, গোলাপ ইত্যাদি।

         যৌন প্রজনন : এই প্ৰজনন পুং আৰু স্ত্ৰী জনন কোষৰ আৱশ্যক হয়। এই প্ৰজননৰ বাবেই একে প্ৰজাতিৰ জীৱৰ মাজতো বৈসাদৃশ্য দেখিবলৈ পোৱা যায়।

9. প্রজনন প্রক্রিয়াই কোনো প্ৰজাতিৰ জীৱৰ আৱাদীৰ স্থিতি কেনেকৈ ৰক্ষাত সহায় কৰে?

উত্তৰ : আৱাদী বৃদ্ধি কৰাৰ পদ্ধতি হ'ল প্ৰজনন। জীৱৰ প্ৰজননৰ ফলতে আৱাদীৰ বৃদ্ধি হয়। আৱাদীৰ জন্মৰ লগে লগে মৃত্যুও ঘটে। সেয়েহে জন্ম আৰু মৃত্যু সমতা ৰক্ষা কৰে প্রজননে। যদি প্রজনন নঘটে আৰু আৱাদীৰ মৃত্যু ঘটি থাকে তেনেহলে জীৱৰ সংখ্যা হ্রাস পাব আৰু আবাদীৰ স্থিতি ৰক্ষা নহয়। প্ৰজননৰ বাবেই মৃত্যুৰ হোৱা সত্বেও জীৱৰ সংখ্যা হ্রাস হোৱা নাই। এইদৰেই প্রজননে আৱাদীৰ স্থিতি সঠিক কৰি ৰাখে।

10. গৰ্ভনিৰোধ পদ্ধতি অৱলম্বন কৰাৰ কাৰণ কি ?

উত্তৰ : গৰ্ভনিৰোধ পদ্ধতি অৱলম্বন কৰাৰ প্ৰধান কাৰণ হ'গৰ্ভধাৰণ বা নিষেচন কাৰ্য বন্ধ কৰি ৰখা। কিছুমান গৰ্ভনিৰোধন সামগ্ৰীৰ দ্বাৰা যৌন সংক্ৰমিত ৰোগৰ সংক্ৰমণৰ পৰা হাত সাৰিব পাৰি।

No comments:

Post a Comment

CHEPTER-12 বিদ্যুৎ (Electricity) পাঠটোৰ অনুশীলনীৰ প্রশ্নসমূহৰ উত্তৰ

  অনুশীলনী 1. R ৰোধৰ এডাল তাঁৰ পাঁচটা সমান ভাগলৈ বিভক্ত কৰা হ ' ল। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ ' ল। যদি সজ্জাটোৰ সমতূল্য ৰ...