CHEPTER – 9
বংশগতি আৰু ক্ৰমবিকাশ
1. যদি অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা কোনো এটা প্ৰজাতিৰ জনসংখ্যাৰ "A" চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 10% আৰু সেই একে জনসংখ্যাৰ মাজত "B" চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 60% হয় তেন্তে কোনটো চাৰিত্ৰিক বৈশিষ্ট্য আগতীয়াকৈ উৎপত্তি হৈছিল ?
উত্তৰ : যদি অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা কোনো এটা প্ৰজাতিৰ জনসংখ্যাৰ 'A' চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 10% আৰু সেই একে জনসংখ্যাৰ মাজত 'B' চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 60% হয়, তেনেক্ষেত্ৰত 'B' চাৰিত্ৰিক বৈশিষ্ট্য আগতীয়াকৈ উৎপত্তি হৈছিল।
উত্তৰ : এটা প্ৰজাতিত সৃষ্টি হোৱা বৈসাদৃশ্য বা প্ৰকাৰণ সৃষ্টি হোৱাৰ প্ৰধান কাৰণ হ'ল যৌন প্ৰজনন। যৌন প্ৰজননত পিতৃ আৰু মাতৃৰ জনন কোষত থকা ক্ৰমজ'মে বেলেগ বেলেগ চৰিত্ৰ বহন কৰি থাকে। এই চৰিত্ৰ সন্তানলৈ বহন হয় DNA ৰ দ্বাৰা। গতিকে নিষেচনত বেলেগ বেলেগ চৰিত্ৰ সঞ্চয় হৈ থকা জনন কোষৰ মিলন ঘটে। ফলত এক নতুন প্ৰকাৰৰ সংযোজন ঘটে নতুন প্ৰজন্মত। এই পৰিবৰ্তিত চৰিত্ৰক জীৱই বৰ্তাই ৰাখিব পাৰে DNA ৰ মাধ্যমত।
3. মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্রমিকভাবে প্রবাহিত চৰিত্ৰবিলাকৰ কোনটো প্ৰভাবী (Domi nant) আৰু কোনটো অপ্ৰভাবী (Recessive) তাক কেনেকৈ নিৰ্ণয় কৰিছিল ?
উত্তৰ : মেণ্ডেলে ওখ (TT) আৰু চাপৰ (tt) মটৰ মাহগছৰ মাজত পৰীক্ষা চলাইছিল।
তেওঁ এই দুই প্ৰকাৰৰ সমযুগ্মজাত উদ্ভিদৰ মাজত ইতৰ পৰাগযোগ ঘটিবলৈ দিয়াত প্ৰথম
অপত্যজনুত (F1 জনু) পোৱা সকলোবোৰ উদ্ভিদ ওখ (TT) আছিল। আৰু যেতিয়া F1 জনুৰ ওখ উদ্ভিদসমূহৰ মাজত
স্ব-পৰাগযোগ ঘটিবলৈ দিছিল তেতিয়া F2 জনুত পোৱা উদ্ভিদৰ অনুপাত আছিল 3:1 (ওখ : চাপৰ)। F1 জনুৰ ওখ উদ্ভিদ বিষমযুগ্ম জাতৰ
আছিল অৰ্থাৎ কোষত ওখ (T) আৰু চাপৰ (t) চৰিত্ৰৰ দুয়োটা জিনেই আছিল, কিন্তু ওখ চৰিত্ৰহে পাইছিল। চাপৰ
চৰিত্ৰ প্ৰকাশ পোৱা নাছিল। মেণ্ডেলে প্রকাশিত চৰিত্ৰক প্ৰভাৱী আৰু অপ্রকাশিত
চৰিত্ৰক অপ্ৰভাৱী চৰিত্ৰ বুলি কৈছিল।
4.মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰন কিদৰে কৰা
হয় ?
উত্তৰ : মহিলাৰ ক্ষেত্ৰত লিংগ নির্ণায়ক ক্ৰম'জ'ম যোৰ হ'ল "XX" আনহাতে পুৰুষৰ হ'ল "XY"। ইয়াৰে সকলোৰে অৰ্থাৎ ল'ৰা বা ছোৱালীৰ
"X" ক্ৰম'জম ডাল মাতৃৰ ফালৰ। সেয়েহে ল'ৰা ছোৱালীৰ লিংগ নিৰ্দ্ধাৰণৰ বাবে
প্ৰকৃততে পিতৃৰ ফালৰ পৰা কোনডাল লিংগ নির্ণায়ক ক্ৰ'ম'জ'ম প্রবাহিত হয় তাৰ ওপৰতহে নিৰ্ভৰ
কৰি সন্তানৰ লিংগ নিৰ্দ্ধাৰণ হয়। ছোৱালী সন্তানৰ ক্ষেত্ৰত এডাল
"X" ক্ৰম'জ'ম তাইৰ পিতৃৰ ফালৰ পৰা প্ৰবাহিত
হোৱা আৰু আন ডাল "X" ক্ৰম'জ'ম মাতৃৰ ফালৰ পৰা প্ৰবাহিত হোৱা ল'ৰা সন্তানৰ ক্ষেত্ৰত
"X" ক্ৰম'জ'ম ডাল মাতৃৰ ফালৰ আৰু
"Y" ক্ৰ'ম'জ'ম ডাল পিতৃৰ ফালৰ পৰা প্ৰবাহিত
হোৱা । গতিকে দেখা গ'ল যে যি
সন্তানলৈ পিতৃৰ ফালৰ "Y" ক্ৰ'ম'জ'ম ডাল প্রবাহ ঘটে সেই সন্তানেই ল’ৰা হয়।
7. কি কি প্ৰকাৰে কোনো এটা জীৱৰ নিৰ্দিষ্ট এটা চাৰিত্ৰিক বৈশিষ্ট্য তাৰ জনসংখ্যাত ক্ৰমাগতভাবে বাঢ়ি যায় ?
উত্তৰ : তলত দিয়া পদ্ধতিসমূহৰ দ্বাৰা কোনো এটা জীৱৰ নিৰ্দিষ্ট এটা চাৰিত্ৰিক বৈশিষ্ট্য তাৰ জনসংখ্যাত ক্ৰমাগতভাৱে বাঢ়ি যায়—
(ক) প্রাকৃতিক নির্বাচন।
(খ) জিনীয় পথচ্যুত।
(গ) খাদ্যৰ প্ৰাচুৰ্যতা।
8. জীৱৰ জীৱন কালত আৰ্জিত
চৰিত্ৰবিলাকৰ তাৰ সতি-সন্তুতিলৈ কিয় বংশানুক্রমিক প্রবাহ নঘটে ?
উত্তৰ : জীৱৰ জীৱন কালত অর্জিত
চৰিত্ৰবিলাক তাৰ সতি-সম্ভাতিলৈ বংশানুক্রমে সন্তানলৈ প্ৰবাহ নঘটে কিয়নো জীৱন কালত
আৰ্জিত চৰিত্ৰসমূহ DNAত সঞ্চিত
নহয় আৰু DNAত সঞ্চিত
নহ'লে
সন্তানলৈ স্থানান্তৰিত হ'ব নোৱাৰে।
পিতৃ-মাতৃৰ চৰিত্ৰসমূহ DNAৰ
মাধ্যমতহে সন্তানলৈ স্থানান্তৰিত হয়।
9. বংশগতি বিজ্ঞানৰ দিশৰ পৰা জীৱিত
বাঘৰ সংখ্যা ক্রমে হ্ৰাস পাই গৈ থকাটো কিয় চিন্তিত বিষয় বুলি ভাবা
?
উত্তৰ : যদি বাঘৰ সংখ্যা ক্রমে হ্রাস
পাই গৈ থাকে তেনেহ'লে
কেতিয়াবা হয়তো পৃথিৱীৰ পৰা বাঘ নোহোৱা হৈ যাব পাৰে। বংশগতি বিজ্ঞানৰ দিশৰ পৰা এই
বিষয়টো এক চিন্তিত বিষয় কিয়নো বাঘ নোহোৱা হোৱাৰ লগে লগে DNAএ নোহোৱা হৈ যাব লগে লগে পৃথিৱীৰ
পৰা এই জীৱ বিলুপ্ত হ'ব। বাঘ
থাকিলে হয়তো প্রকাৰণ সৃষ্টিত সহায় হ'লহেতেন।
10. নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহণা যোগায় ?
উত্তৰ : এটা নতুন প্ৰজাতিৰ উৎপত্তিৰ বাবে অৰিহণা যোগোৱা উপাদানসমূহ হ'ল—
(ক) আনুবংশিক প্ৰকাৰণ
(খ) প্রাকৃতিক নির্বাচন।
(গ) প্রজননাত্মক পৃথকীকৰণ।
11.দুটা প্ৰজাতিৰ মাজত বিবর্তন সম্পর্ক
স্থাপন কৰিবলৈ ব্যৱহাৰ হোৱা চাৰিত্ৰিক বৈশিষ্ট্য এটাৰ উদাহৰণ দিয়া।
উত্তৰ : দুটা প্ৰজাতিৰ মাজত বিবর্তন
সম্পর্ক স্থাপন কৰিবলৈ ব্যৱহাৰ হোৱা চাৰিত্ৰিক বৈশিষ্ট্যৰ উদাহৰণ হ'ল— পক্ষীৰ ডেউকা, ঘোঁৰাৰ আগঠেং, মানুহৰ হাত, বাদুলিৰ ডেউকা আদি অংগৰিলাকৰ কোনো
বাহ্যিক সাদৃশ্য নাথাকে। পক্ষী বা বাদুলিৰ ডেউকা উৰিবৰ বাবে, ঘোঁৰাৰ আগঠেং দৌৰিবৰ বাবে, মানুহৰ হাত কোনো বস্তুক ধৰিবৰ
বাবে ব্যৱহাৰ কৰে। এই অংগসমূহ পর্যবেক্ষণ কৰিলে দেখা যায় যে এই অংগবিলাকৰ গঠন একে
কিন্তু বিভিন্ন পৰিবেশত বসবাস কৰিবৰ বাবে বেলেগ বেলেগ আকৃতিৰ হয়।
12. পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাক
সমসংস্থ অংগ বুলি ক'ব পাৰোনে? কিয় পাৰি বা কিয় নোৱাৰি ?
উত্তৰ : পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাক
সমসংস্থ অংগ বুলি ক'ব নোৱাৰি
কাৰণ এই দুই প্ৰকাৰৰ অংগৰ উৎপত্তি আৰু গঠন বেলেগ বেলেগ কিন্তু কার্য একে। কিন্তু
সমসংস্থ অংগৰ গঠন আৰু উৎপত্তি একে কিন্তু কার্য বেলেগ।
13. জীৱাশ্মসমূহ কি? বিবর্তন সম্পর্কে জীৱাশ্মসমূহে
আমাক কি দিয়ে ?
উত্তৰ : ভূ-পৃষ্ঠৰ শিলাস্তৰত সোমাই থকা জীৱদেহ বা এই জীৱবোৰৰ অংশ বিশেষ নাইবা জীৱবোৰে এৰি যোৱা সাঁচক জীৱাশ্ম বুলি কোৱা হয়।
জীৱাশ্মৰ অধ্যয়নে শিলাস্তৰ চিনাক্ত কৰাত আৰু অতীতৰ জলবায়ু আৰু
পৰিবেশ সম্বন্ধে জনাত সহায় কৰে। জীৱাশ্মৰ সহায়ত
পৃথিৱীৰ পৰা লুপ্ত পোৱা জীৱ সম্পৰ্কে
জানিব পাৰি। জীৱাশ্মৰ সহায়ত মাছৰ পৰা উভচৰ আৰু সৰীসৃপৰ পৰা এফালে স্তন্যপায়ী আৰু
আনফালে পক্ষীৰ উৎপত্তি আৰু বিৱৰ্তন ব্যাখ্যা কৰা সম্ভৱ। জীৱাশ্মৰ বয়স নিৰ্ধাৰণ
কৰি জীৱৰ আৱিৰ্ভাৱ আৰু বিলুপ্তিৰ বিষয়ে জানিব পাৰে।
14. মানুহৰ বিভিন্নজনৰ আকৃতি, বৰণ আৰু অবয়ৱ ভিন্ন যদিও একেটা
প্রজাতিত অন্তর্ভুক্ত কিয়?
উত্তৰ : মানুহৰ বিভিন্ন জনৰ আকৃতি, বৰণ আৰু অবয়ৱ ভিন্ন যদিও একোটা
প্ৰজাতিৰ অন্তৰ্ভুক্ত । কিয়নো মানুহৰ বিৱৰ্তনৰ ফালৰ পৰা মানুহৰ পূৰ্বপুৰুষ একেই
আছিল আৰু প্ৰকাৰণৰ বাবেই মানুহৰ আকৃতি, বৰণ ইত্যাদিৰ প্ৰভেদ দেখা যায়।
উত্তৰ : বেক্টেৰিয়া, মকৰা, মাছ আৰু চিম্পাঞ্জীৰ ভিতৰত বেক্টেৰিয়াৰ দেহৰ গঠন বিবৰ্তনৰ দিশত অতি উচ্চতৰৰ। কাৰণ সিহঁতে অতি ঠাণ্ডা বা অতি গৰম বা পৰিবেশৰ যিকোনো পৰিবেশতে জীয়াই থাকিব পাৰে।

No comments:
Post a Comment