Saturday, July 30, 2022

CHEPTER-9 বংশগতি আৰু ক্ৰমবিকাশ (Heredity And Evolution) পাঠটোৰ অনুশীলনীৰ প্রশ্নসমূহৰ উত্তৰ সমুহ

 

অনুশীলনীৰ উত্তৰ

 

1. মেণ্ডেলৰ পৰীক্ষা মতে মটৰ মাহৰ ওখ গছৰ সৈতে বেঙুনীয়া ফুল আৰু চাপৰ গছৰ সৈতে বগা ফুল, এই দুই জোপাৰ মাজত সংকৰণ ঘটোৱা হ'ল। উৎপাদিত গছবোৰৰ বেঙুনীয়া ফুল হ'ল যদিও আধা সংখ্যক মটৰ মাহৰ গছ চাপৰ হ'ল। ইয়াৰ আভাসত পৈতৃক পুৰুষৰ মটৰ মাহ গছ জোপাৰ তলৰ কোনটো জিনীয় সংযুক্তি (Genetic make up) বর্ণনা কৰিব পৰা হব ?

(a) TTWW                     (b) TTww                      (c) TtWW                         (d) TtWw

উত্তৰ : (c) TtWW

2. সমসংস্থ অংগৰ এটা উদাহৰণ হ'ল।

(a) আমাৰ বাহু আৰু কুকুৰৰ আগ ঠেং                   (b) আমাৰ দাঁত আৰু হাতীৰ দাঁত  (c) আলু আৰু ঘাঁহৰ শিপা                             (d) ওপৰৰ আটাইকেইটা।

উত্তৰ : (d) ওপৰৰ আটাইকেইটা।

3. বিবৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত

(a) এজন চীনা স্কুলীয়া ছাত্র                          (b) এটা চিম্পাঞ্জী

(c) এটা মকৰা                                  (d) এটা বেক্টেৰিয়া

উত্তৰ :  (a) এজন চীনা স্কুলীয়া ছাত্র

4.বিবৰ্তন আৰু শ্ৰেণীবিভাজনৰ অধ্যয়ন কেনেকৈ পৰস্পৰে পৰস্পৰৰ লগত সংযোগ হৈ আছে?

উত্তৰ :  বিৱৰ্তনৰ নীতিৰ ওপৰত ভিত্তি কৰি আমাৰ পাৰিপাৰ্শ্বিকত দেখি থকা জীৱৰ বিভিন্ন প্ৰজাতিৰ বিৱৰ্তনিক সম্পর্ক নিৰূপণ কৰিব পাৰি। জীৱৰ প্ৰজাতিৰ মাজত থকা চাৰিত্ৰিক বৈশিষ্ট্যৰ ভিত্তিত শ্ৰেণীবিভাজনৰ দ্বাৰা কৰা সিহঁতৰ চিনাক্তকৰণ কৰিব পাৰি।জীৱ এটাৰ বাহ্যিক অবয়ব কেনেকুৱা বা ইয়াৰ আচৰণবিধিক ইয়াৰ চাৰিত্ৰিক বৈশিষ্ট্য বুলি কোৱা হৈছে। জীৱৰ গঠন প্ৰণালী বা ইয়াৰ নিৰ্দিষ্ট সম্পাদিত কাৰ্যই ইহঁতক চাৰিত্ৰিক বৈশিষ্ট্য প্ৰদান কৰে। আমাৰ চাৰিখন হাত-ভৰি থকাটো আমাৰ এক চাৰিত্ৰিক বৈশিষ্ট্য। উদ্ভিদে সালোক সংশ্লেষণ কাৰ্য সম্পাদন কৰাটো ইহঁতৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য।

         বেছি সংখ্যক জীৱৰে কিছুমান সাধাৰণ চাৰিত্ৰিক বৈশিষ্ট্য থাকে। সকলো জীৱৰ দেহ কোষৰে গঠিত হোৱাটো ইহঁতৰ এটা সাধাৰণ চাৰিত্ৰিক বৈশিষ্ট্য। কিছুমান জীৱৰ বাহিৰে বেছি সংখ্যক জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি ইহঁতৰ শ্ৰেণীবিভাজন কৰা হয়। কোষত কোষ কেন্দ্ৰ থকা আৰু নথকাৰ ওপৰত ভিত্তি কৰিও জীৱক শ্ৰেণীবিভাজন কৰিব পাৰি। কংকালযুক্ত নে কংকালতন্ত্র হীন ইয়াৰ ওপৰত নিৰ্ভৰ কৰিও জীৱক শ্ৰেণীবিভাজন কৰিব পাৰি। দেখা যায় যে জীৱসমূহক ইহঁতৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি শ্ৰেণীবিভাজন কৰোতে একোটা ক্রম পোৱা যায়। দুটা প্ৰজাতিৰ জীৱসমূহৰ পৰস্পৰৰ মাজত সাধাৰণ সাদৃশ্য থাকিলে সিহঁতৰ পৰস্পৰৰ ওচৰ সম্পৰ্কীয় হয়। পৰস্পৰ ওচৰ সম্পৰ্কীয় জীৱসমূহ একেটা পূৰ্বপুৰুষৰ পৰা বিৱৰ্তন হয়।

5. উদাহৰণসহ সমসংস্থ আৰু সমবৃত্তিক অংগৰ বিষয়ে ব্যাখ্যা কৰা।

উত্তৰ :  জীৱদেহৰ যি বিলাক অংগৰ উৎপত্তিস্থল আৰু গঠন একে কিন্তু এইবিলাক আকৃতি আৰু কাম ভিন্ন হয় তাকে  সমসংস্থ অংগ বোলে। উদাহৰণ স্বৰূপে, পক্ষীৰ ডেউকা, ঘোঁৰাৰ আগঠেঙৰ সাদৃশ্য দেখা নাযায় কিন্তু অংগসমূহ পর্যাবেক্ষণ কৰিলে দেখা যায় যে সিহঁতৰ গঠন একে, কিন্তু প্রত্যেক অংগৰে কাৰ্য বেলেগ বেলেগ। সমসংস্থ অংগৰ উপস্থিতিয়ে প্ৰমাণ কৰে যে সকলো মেৰুদণ্ডী প্রাণী একে পূৰ্বপুৰুষৰ পৰা আহিছে

        উদ্ভিদৰ ক্ষেত্ৰত দুৰম্ভৰ শাখা কণ্টক, জুনুকা লতাৰ আকৰ্ষ, আদাৰ বাইম ইত্যাদিৰ আকাৰ আৰু কাৰ্য বেলেগ বেলেগ হ'লেও গঠনৰ ফালৰ পৰা একে।

         জীৱৰ যিবিলাক অংগ আকৃতি আৰু কাৰ্যৰ ফালৰ পৰা একে কিন্তু গঠন আৰু উৎপত্তি বেলেগ বেলেগ সেই অগে সমূহক সমবৃত্তি অংগ বোলে। উদাহৰণ স্বৰূপে, পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকা উৰিবৰ বাবে ব্যৱহাৰ কৰে কিন্তু এইবিলাকৰ গঠন আৰু উৎপত্তি একে নহয়।

6. বিবর্তন প্রক্রিয়াত জীৱাশ্মৰ গুৰুত্ব সম্বন্ধে ব্যাখ্যা কৰা ।

উত্তৰ : ভূ-পৃষ্ঠৰ পাললিক শিলাস্তৰত সোমাই থকা প্রাণী বা উদ্ভিদদেহ বা এইবিলাকৰ যিকোনো অংগ-প্ৰত্যংগৰ সাঁচক জীৱাশ্ম বুলি কোৱা হয়

বিৱৰ্তনত জীৱাশ্মৰ প্ৰয়োজনীয়তা তলত উল্লেখ কৰা ধৰণৰ

 (i) জীৱাশ্মৰ মাধ্যমত অতীতৰ প্ৰাণী সম্বন্ধে ধাৰণা আৰু প্ৰাণীৰ বিস্তাৰণ সম্বন্ধে জ্ঞান লাভ কৰা যায়।

(ii) ভূপৃষ্ঠৰ তলৰ শিলাস্তৰত সৰল প্ৰজাতি আৰু ওপৰৰ স্তৰত জটিল প্ৰজাতি পোৱা যায়। অৰ্থাৎ‍ সৰল প্ৰজাতিৰ পৰা জটিল প্ৰজাতিৰ উৎপত্তি ঘটে।

(iii) বিভিন্ন সময়ত বিভিন্ন ধৰণৰ জীৱৰ আৱিষ্কাৰ আৰু বিলুপ্ত হৈছিল আৰু লগতে আকৃতিগত পৰিবৰ্তনো হৈছিল সেই কথা জীৱাশ্মৰ বয়স নিৰ্ধাৰণ কৰি জনাটো সম্ভৱ হয়।

7. অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা বেছি বিকাশসহ (viable) ভিন্নতা সৃষ্টি হয় কেনেকৈ ব্যাখ্যা কৰা? ই বিবৰ্তনত কেনেদৰে প্ৰভাৱ পেলায় ?

উত্তৰ : অযৌন প্ৰজননত সৃষ্টি হোৱা অপত্য জীৱক প্ৰকাৰণ দেখিবলৈ পোৱা নাযায়, কাৰণ এই প্ৰজননত একমাত্ৰ পিতৃ বা মাতৃৰ পৰা সতি-সন্ততিৰ জন্ম হয় আৰু সেইবোৰ পিতৃ বা মাতৃৰ অনুৰূপ হয়। কিন্তু যৌন প্ৰজননৰ বাবে জনন কোষ (শুক্রাণু আৰু ডিম্বাণু)ৰ আৱশ্যক হয়। এই প্ৰজনন পদ্ধতিৰে শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন ঘটে। শুক্রাণু আৰু ডিম্বাণুৰ DNA ৰ প্ৰকাৰ একে নহয় কাৰণ দুটা বেলেগ বেলেগ ব্যক্তিৰ পৰা অহা DNAসেয়েহে এই দুটা কোষৰ মিলনৰ ফলস্বৰূপে সৃষ্টি হোৱা


8. কেনেকৈ পিতৃপুৰুষ আৰু মাতৃপুৰুষ সমান জিনীয় অবদান অপত্যজনুলৈ হস্তান্তৰ কৰে ?

উত্তৰ :  যৌন প্ৰজননৰ মাধ্যমতে পিতৃপুৰুষ আৰু মাতৃপুৰুষ সমান জিনীয় অৱদান অপত্যজনুলৈ হস্তান্তৰ হয়। পিতৃ আৰু মাতৃৰ পৰা সৃষ্টি হোৱা জনন কোষ ক্রমে শুক্রাণু আৰু ডিম্বাণুত সদায় পিতৃ-মাতৃৰ কোষৰ মুঠ ক্ৰম''মৰ আধা সংখ্যক পোৱা যায়। যৌন প্ৰজনন এই দুই প্ৰকাৰ জনন কোষ লগ লাগি দুগুণ ক্রম ''ম যুক্ত যোজন কোষৰ সৃষ্টি হয়। যোজন কোষৰ পৰাই জিনীয় বিকাশৰ দ্বাৰাই অপত্য সন্তানৰ সৃষ্টি হয়। সেয়েহে দেখা যায় সন্তান জন্মৰ ক্ষেত্ৰত পিতৃ আৰু মাতৃয়ে আধাসংখ্যক ক্ৰম''ম হস্তাস্তৰ কৰে অৰ্থাৎ জিনীয় অৱদান সমান হয়। উদাহৰণ স্বৰূপে, মানুহৰ কোষৰ ক্ৰম''মৰ সংখ্য 46 ডাল। কিন্তু জনন কোষত মাত্ৰ 23 ডাল ক্রম ''ম থাকে। পিতৃ আৰু মাতৃৰ প্ৰত্যেকৰে পৰা 23 ডাল ক্ৰম''মযুক্ত জনন কোষ লগ লাগি 46 ডাল ক্ৰম''ম যুক্ত যোজন কোষ গঠন কৰে। এইদৰেই অপত্যজনুলৈ সমান জিনীয় অৱদান আগবঢ়ায়।

No comments:

Post a Comment

CHEPTER-12 বিদ্যুৎ (Electricity) পাঠটোৰ অনুশীলনীৰ প্রশ্নসমূহৰ উত্তৰ

  অনুশীলনী 1. R ৰোধৰ এডাল তাঁৰ পাঁচটা সমান ভাগলৈ বিভক্ত কৰা হ ' ল। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ ' ল। যদি সজ্জাটোৰ সমতূল্য ৰ...