Wednesday, September 21, 2022

CHEPTER-10 পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ (LIGHT REFLECTION AND REFRACTION) ৰ পাঠভিত্তিক প্ৰশ্নসমূহৰ উত্তৰ

 


  
                                                                                      

                                                                 অধ্যায়-10

 পোহৰ -প্ৰতিফলন আৰু প্ৰতিসৰণ

                                    ( LIGHT – REFLECTION AND REFRACTION)

 

পাঠভিত্তিক প্রশ্নাৱলীৰ উত্তৰ

 

1. অৱতল দাপোণৰ মুখ্য ফকাছৰ সংজ্ঞা দিয়া।

উত্তৰঃ  অবতল দাপোণ এখনৰ মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰ ৰশ্মিবোৰ দাপোণত প্রতিফলনৰ পাছত মুখ্য অক্ষৰ যিটো বিন্দুত লগ লাগে তাকে দাপোণখনৰ মুখ্য ফ'কাছ বোলে।

 2. গোলাকাৰ দাপোণ এখনৰ ভাঁজ ব্যাসার্ধ 20 ছেমি। ইয়াৰ ফ'কাছ দৈৰ্ঘ্য কিমান                                                      উত্তৰঃ  দিয়া আছে

                          ভাঁজ ব্যাসার্ধ(R) = 20 ছেমি

         আমি জানো যে R = 2f

       f = R/2

        = 20/2

        = 10 ছেমি  

3. এখন দাপোণৰ নাম কোৱা, যিখনে থিয় আৰু বিবর্ধিত প্ৰতিবিম্ব গঠন কৰে।

উত্তৰঃ  অৱতল দাপোণ


4. গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণ কিয় পছন্দ কৰা হয়?

উত্তৰঃ  গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণে ব্যৱহাৰ কৰা হয়। এনে দাপোণ গাড়ীৰ দুয়ো কাষে লগোৱা হয় যাতে গাড়ীচালকে পিছফালৰ যান বাহন চাই নিৰাপদে গাড়ী চলাব পাৰে। এই ক্ষেত্ৰত উত্তল দাপোণহে পছন্দ কৰা হয় কাৰণ এইবিলাকে সদায় সৰুকৈ হ'লেও থিয় প্রতিবিম্ব গঠন কৰে। তদুপৰি এইবিলাক যিহেতু বাহিৰলৈ বেঁকা গতিকে এইবিলাকৰ দৃষ্টিক্ষেত্র বহল।

5. 32 ছেমি ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোণ এখনৰ ফ'কাছ দৈৰ্ঘ্য নিৰ্ণয় কৰা।

উত্তৰঃ  দিয়া আছে

          ভাঁজ ব্যাসার্ধ(R) = 20 ছেমি

         আমি জানো যে R = 2f

         f = R/2

           = 32/2

           = 16 ছেমি  

 6. অবতল দাপোণ এখনে ইয়াৰ সন্মুখত 10 ছেমি দূৰত্বত ৰখা বস্তু এটাৰ তিনিগুণে বিবর্ধিত সৎ প্ৰতিবিম্ব গঠন কৰে। প্রতিবিম্বটোৰ অৱস্থান কি ?

উত্তৰঃ ইয়াত u = -10ছেমি

         যিহেতু প্রতিবিম্বটো ওলোটা গতিকে m = -3

    আমি জানো যে

              m= -v/u

            -3= -v/-10

            v = -30 ছেমি

গতিকে প্ৰতিবিম্বটো দাপোণৰ সম্মুখত 30 ছেমি দূৰত অবস্থিত।

7. পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে। পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ নে উলম্বৰ  পৰা আঁতৰলৈ বেঁকা হ'? কিয় ?

উত্তৰঃ  পানীত তিৰ্য্যকভাৱে প্ৰৱেশ কৰা পোহৰ ৰশ্মি অভিলম্বৰফালে ভাজ খায়পানী বায়ুতকৈ আলোকীয়ভাবে ঘন মাধ্যম। গতিকে পোহৰৰ বেগ বায়ুতকৈ পানীত হ্রাস পায় আৰু পোহৰ অভিলম্বৰ ওচৰ চাপে।


8. পোহৰ বায়ুৰ পৰা 1.5 প্ৰতিসৰণাংকৰ কাচৰ মাধ্যমলৈ প্ৰৱেশ কৰিছে। কাঁচত পোহৰৰ দ্রুতি কিমান হ'? শূন্যত পোহৰৰ দ্রুতি 3 x 108 মি প্ৰতি ছেকেণ্ড।


উত্তৰঃ  আমি জানো যে  nm = c/v

       দিয়া আছে nm = 1.5

              C = 3 x 108 মি প্ৰতি ছেকেণ্ড

                        1.5 = 3 x 108/v

                      v = 3 x 108/1.5

                           = 2×108 m/s

9. হীৰাৰ প্ৰতিসৰণাংক 2.42। এই উক্তিটোৰ অৰ্থ কি?


উত্তৰঃ  হীৰাৰ প্ৰতিসৰণাংক  2:42, ইয়াৰ অৰ্থ হ'ল বায়ুত পোহৰৰ বেগ (c) আৰু হীৰাত পোহৰৰ বেগৰ (v) অনুপাত 2.42

অৰ্থাৎ,  2.42 = c/v

             v = c/2.42 = 3×108/2.42

                                        = 1.24×108 m/s

গতিকে হীৰাত পোহৰৰ বেগ 1.24 x 108 m/s


10.  লেন্‌ছ এখনৰ 1 ডায়'প্টাৰ ক্ষমতাৰ সংজ্ঞা দিয়া।


উত্তৰঃ  1 মিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ লেন্‌ছৰ ক্ষমতা 1 ডায়প্তাৰ।


11. উত্তল লেন্‌ছ এখনে বেজী এটাৰ সৎ আৰু ওলোটা প্ৰতিবিম্ব তাৰ পৰা 50 ছেমি দূৰত্বত গঠন কৰে। যদি প্রতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হয়, তেস্তে লক্ষ্যবস্তুটো উত্তল লেন্‌ছৰ সম্মুখত ক'ত ৰখা হৈছিল? নিৰ্ণয় কৰা।


উত্তৰঃ  দিয়া আছে প্রতিবিম্বৰ দূৰত্ব(v) = 50cm

           প্রতিবিম্বৰ আকাৰ   = লক্ষ্যবস্তুৰ আকাৰ

                        লখ্যবস্ত্তৰ দূৰত্ব(u) = ?

    আমি জানো যে  m = -h'/h                   

                                   v/u  = -1

                                 50/u = -1

                                   u  = - 50 cm

গতিকে লক্ষ্যবস্তুটো উত্তল লেন্‌ছৰ সম্মুখত 50cm দূৰত্বত ৰখা হৈছিল


12. 2m ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেনচ এখনৰ ক্ষমতা নিৰ্ণয় কৰা ?


উত্তৰঃ  আমি জানো যে  p = 1/f

      ইয়াত f = -2m

      P = -1/2 = -.5D

 

 

 

 

 

No comments:

Post a Comment

CHEPTER-12 বিদ্যুৎ (Electricity) পাঠটোৰ অনুশীলনীৰ প্রশ্নসমূহৰ উত্তৰ

  অনুশীলনী 1. R ৰোধৰ এডাল তাঁৰ পাঁচটা সমান ভাগলৈ বিভক্ত কৰা হ ' ল। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ ' ল। যদি সজ্জাটোৰ সমতূল্য ৰ...