অনুশীলনীৰ প্রশ্নউত্তৰ
1.তলত
দিয়া কোনটো পদাৰ্থ লেন্ছ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি?
(a) পানী (b) কাঁচ (c) প্লাষ্টিক (d) মৃত্তিকা
উত্তৰঃ (d) মৃত্তিকা
(a) মুখ্য ফ’কাছ আৰু ভাঁজ ব্যাসাৰ্ধৰ মাজত (b) ভাঁজ কেন্দ্ৰত
(c) ভাঁজ কেন্দ্ৰৰ বাহিৰত (d) দাপোণৰ মেৰু আৰু তাৰ
মুখ্য ফ'কাছৰ মাজত।
উত্তৰঃ (d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য
ফ'কাছৰ মাজত।
(a) লেন্ছৰ মুখ্য ফ'কাছত (b) ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত
(c) অসীমত (d) লেন্ছৰ আলোক কেন্দ্ৰ আৰু মুখ্য ফ'কাছৰ মাজত
উত্তৰঃ (b) ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত
4. এখন গোলাকাৰ দাপোণ আৰু এখন ক্ষীণ গোলাকাৰ লেন্ছ প্ৰত্যেকৰে ফ'কাচ দৈৰ্ঘ্য - 15 cm । দাপোণ আৰু লেন্ছৰ প্ৰকৃত কেনেকুৱা হ'ব পাৰে ?
(a) দুয়োখন অবতল (b) দুয়োখন উত্তল
(c) দাপোণখন অৱতল লেন্ছখন উত্তল (d) দাপোণখন উত্তল লেন্ছখন
অৱতল।
উত্তৰঃ (a) দুয়োখন অবতল
5. দাপোণ এখনৰ পৰা যিমানে দূৰত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায়
থিয় হয়। দাপোণখন কেনেকুৱা হ'ব পাৰে ?
(a) সমতল (b) অৱতল (c) উত্তল (d) হয় সমতল নতুবা
উত্তল।
উত্তৰঃ(d) হয় সমতল নতুবা
উত্তল।
6. অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনে ধৰণৰ লেন্ছ ব্যৱহাৰ
কৰিবলৈ বিচাৰিবা? (a) 50 cm ফ'কাছ দৈৰ্ঘ্যৰ উত্তল লেন্ছ (b) 5 cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেন্ছ
(c) 5 cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্ছ (d) 5 cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেন্ছ
উত্তৰঃ (c) 5 cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্ছ
7. 50 ছেমি ফ’কাছ দৈৰ্ঘ্যৰ অবতল দাপোণ এখন ব্যৱহাৰ কৰি আমি লক্ষ্যবস্তু এটাৰ থিয় প্ৰতিবিম্ব পাব বিচাৰিছো । দাপোণৰ পৰা লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিসৰ কিমান হোৱা উচিত? প্রতিবিম্বৰ প্ৰকৃতি কি হ'ব? প্রতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ নে সৰু? এই ক্ষেত্ৰত প্ৰতিবিম্বৰ গঠন দেখুৱাবৰ বাবে এটা ৰশ্মিচিত্র আঁকা
উত্তৰঃ
8. তলত দিয়া পৰিস্থিতি সমূহত ব্যৱহাৰ কৰা দাপোণৰ প্ৰকাৰ লিখা
(a) গাড়ীৰ হেডলাইট
(b) গাড়ীৰ পিছলৈ চোৱা দাপোণ
(c) সৌৰ ভাঁতী
উত্তৰঃ (a) গাড়ীৰ হেড লাইট হিচাপে অবতল দাপোণ ব্যৱহাৰ কৰা হয়। এই ক্ষেত্ৰত
পোহৰৰ উৎসটো দাপোণখনৰ ফ'কাছ ৰখা হয় ।
(b) ৰেয়াৰ ভিউ (rear view) দাপোণ হিচাপে উত্তল দাপোণ ব্যৱহাৰ কৰা হয়।
(c) সৌৰ ভাঁতীত অবতল দাপোণ ব্যৱহাৰ কৰা হয় ।
9. উত্তল লেন্ছ এখনৰ অৰ্ধাংশ ক'লা কাগজেৰে ঢাকি দিয়া হ'ল। এই লেন্ছখনে
বস্তু এটাৰ সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিবনে? তোমাৰ উত্তৰ পৰীক্ষাৰ যোগেদি
প্ৰতিপন্ন কৰা। তোমাৰ পৰ্যবেক্ষণসমূহ ব্যাখ্যা কৰা ।
উত্তৰঃ যদি লেনচখনৰ ওপৰৰ অংশ ঢাকি দিয়া হয়
তেতিয়া লক্ষবস্ত্তটোৰ পৰা অহা পোহৰৰ ৰশ্মীবোৰ লেনচখনৰ তলৰ অংশইদি প্রতিসৰণ ঘটে ।
প্রতিসৰীত ৰশ্মীবোৰে লেনচৰ আনটো দিশত লগ লাগে য’ত
লক্ষবস্তুটোৰ এটা স্পষ্ট প্রতিবিম্ব
গঠন হয়
আনহাতে যদি লেনচখনৰ তলৰ অংশ ঢাকি দিয়া হয় তেতিয়া লক্ষবস্ত্তটোৰ পৰা অহা পোহৰৰ ৰশ্মীবোৰ লেনচখনৰ ওপৰ অংশইদি প্রতিসৰণ ঘটে । প্রতিসৰীত ৰশ্মীবোৰে লেনচৰ আনটো দিশত লগ লাগে য’ত লক্ষবস্তুটোৰ এটা স্পষ্ট প্রতিবিম্ব গঠন হয়
10. 5 cm দৈৰ্ঘ্যৰ বস্তু এটা 10 cm ফ'কাচ দৈৰ্ঘ্যৰ অভিসাৰী লেন্ছ এখনৰ পৰা 25 cm দূৰত্বত ৰখা হ'ল ৷ ইয়াৰ ৰশ্মিচিত্ৰ আঁকা আৰু গঠিত প্ৰতিবিম্বৰ অৱস্থান, আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা।
লক্ষবস্তুৰ দূৰত্ব(u)
=-25cm
ফ’কাছ দৈৰ্ঘ্য (f)
= 10cm
লক্ষবস্তুৰ আকাৰ(h)
= 5cm
আমি জানো যে 1/v-1/u =1/f
⇒1/v = 1/f+1/u
=
1/10+(-1/25)
=1/10 – 1/25
= 5-2/50
= 3/50
⇒ v = 50/3
= 16.67cm
যিহেতু প্রতিবিম্বৰ দূৰত্ব ধনাত্মক গতিকে প্রতিবিম্ব লেনচৰ
সোঁফালে গঠিত হৈছে আৰু প্রতিবিম্ব সৎ
আকৌ m = h'/h =v/u
⇒ h'/h = 16.67/-25
⇒h'/5 = 16.67/-25
⇒ h' = 16.67 ×5/-25
⇒ h' = 16.67/-5
⇒ h' = -3.3cm
11. 15 cm ফ'কাছ দৈৰ্ঘ্যৰ অৱতল লেন্ছ এখনে তাৰ পৰা 10 cm দূৰত্বত প্ৰতিবিম্ব এটা গঠন কৰে। লক্ষ্যবস্তুটো লেন্ছৰ পৰা কিমান দূৰত্বত আছে? ৰশ্মিচিত্ৰ আঁকা।
উত্তৰঃ দিয়া আছে
লেনচৰ ফ’কাছ দৈৰ্ঘ্য (f) = -15cm
প্রতিবিম্বৰ
দূৰত্ব (v) =
-10cm
লক্ষবস্তুৰ
দূৰত্ব(u) = ?
আমি জানো যে,
⇒1/v – 1/u
= 1/f
⇒1/u = 1/v –
1/f
= 1/-10 – 1/-15
=-3+2/30
=
-1/30
⇒U = -30cm
গতিকে লক্ষবস্তুটো লেনচখনৰপৰা 30cm দূৰত্বত আছে
12. 15 cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল দাপোণ এখনৰ পৰা 10 cm দূৰত্ব বস্তু এটা ৰখা হ'ল। প্ৰতিবিম্বৰ অৱস্থান আৰু প্রকৃতি নিৰ্ণয় কৰা।
উত্তৰঃ দিয়া আছে
লক্ষবস্তুৰ দূৰত্ব(u)
= -10cm
ফ’কাছ দৈৰ্ঘ্য (f) = 15cm
আমি
জানো যে,
1/u + 1/v = 1/f
⇒ 1/v =
1/f – 1/u
⇒ 1/v = 1/15 – (1/-10)
⇒1/v = 1/15 + 1/10
⇒1/v = 2+3/30 = 5/30 = 1/6
⇒V = 6cm
যিহেতু v ধনাত্মক,গতিকে প্রতিবিম্ব দাপোনৰ
পিছফালেগঠিত হ’ব
। প্রতিবিম্ব অসৎ
আৰু যথাযথ হ’ব
উত্তৰঃ আমি জানো যে,
বিবৰ্ধন = প্রতিবিম্বৰ আকাৰ(h')/লক্ষ্যবস্তুৰ আকাৰ(h)
ইয়াত, বিবৰ্ধন = +1
প্রতিবিম্বৰ আকাৰ(h')/লক্ষ্যবস্তুৰ আকাৰ(h) = 1
প্রতিবিম্বৰ আকাৰ(h') = লক্ষ্যবস্তুৰ আকাৰ(h)
14. 30 cm ভাঁজ ব্যাসাৰ্ধৰ উত্তল উত্তল দাপোণ এখনৰ সম্মুখত 20 cm দূৰত্বত 5 ছেমি দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হ'ল। প্ৰতিবিম্বৰ অৱস্থান, ইয়াৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা।
উত্তৰঃ দিয়া আছে
লক্ষবস্তুৰ দূৰত্ব(u) = -20cm
লক্ষ্যবস্তুৰ আকাৰ(h) = 5cm
ভাঁজ ব্যাসার্ধ(R) = 30cm
আমি জানো যে
R = 2f
⇒ f=R/2
⇒ f=30/2 = 15cm
আকৌ, 1/u+1/v=1/f
1/v=1/f-1/u
1/v=1/15-(1/(-20))
1/v=1/15+1/20
1/v=(4+3)/60
1/v=7/60
v=60/7
v=8.57cm
যিহেতু v ধনাত্মক গতিকে প্রতিবিম্ব দাপোনৰ পিছফালে গঠিত হ’ব।প্রতিবিম্বটো অসৎ আৰু যথাযথ হ’ব
বিবৰ্ধন m=h'/h=(-v)/u
⇒h'=(-v)/u×h
⇒ h'=(-8.57)/(-20)×5=2.14cm
15. 18 ছেমি ফ'কাছ দৈৰ্ঘ্যৰ অৱতল দাপোণ এখনৰ সন্মুখত 27 ছেমি দূৰত্বত 7 ছেমি আকাৰৰ বস্তু এটা ৰখা হৈছে। দাপোণখনৰ পৰা কিমান দূৰত্বত পর্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা কৰা প্ৰতিবিম্ব এটা পোৱা যাব ? প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা।
উত্তৰঃদিয়া আছে
লক্ষবস্তুৰ দূৰত্ব(u)= -27cm
ফ’কাছ দৈৰ্ঘ্য (f)= -18cm
লক্ষ্যবস্তুৰ আকাৰ(h)= 7cm
আমি জানো যে
1/u+1/v=1/f
1/v=1/f-1/u
1/v=1/(-18)-1/(-27)
1/v=1/(-18)+1/27
1/v=(-3+2)/54
1/v=(-1)/54
v=-54cm
গতিকে দাপোণখনৰ পৰা 54cm দূৰত্বত পর্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা কৰা প্ৰতিবিম্ব এটা পোৱা যাব
বিবৰ্ধন m=h'/h=(-v)/u
⇒h'=(-v)/u×h
=(-54)/(-27)×7
=-14cm
যিহেতু h ঋণাত্মক গতিকে প্রতিবিম্বটো ওলোটা হ’ব
16. -2.0 D ক্ষমতাৰ লেন্ছ এখনৰ ফ'কাছ দৈৰ্ঘ্য কিমান? লেন্ছখনৰ প্ৰকৃতি কেনেকুৱা ?
উত্তৰঃ ইয়াত,
P=-2.0D
আমি জানো যে
P=1/f
⇒ -2= 1/f
⇒f=-1/2
=-0.5m
যিহেতু f ঋণাত্মক গতিকে লেনচখন অবতল হ’ব
17. ডাক্তৰে এজনে বিধান দিয়া সংশোধনীমূলক লেন্ছৰ ক্ষমতা +1.5D। লেন্ছখনৰ ফ'কাছ দৈৰ্ঘ্য নির্ণয় কৰা। এই লেন্ছ অভিসাৰী নে অপসাৰী ?
উত্তৰঃ ইয়াত,
P=+1.5D
⇒P=1/f
⇒1.5= 1/f
⇒f=1/1.5
⇒f=0.67m
যিহেতু ফ’কাছদৈঘ্য f ধনাত্মক গতিকে লেনচখন উত্তল হ’ব



No comments:
Post a Comment