Tuesday, September 27, 2022

Chepter-11 মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী(The Human Eye And The Colourful World) পাঠটোৰ প্রশ্নসমূহৰ উত্তৰ সমূহ

 


মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী

(THE HUMAN EYE AND THE COLOURFUL WORLD)

 

 

1.চকুৰ উপযোজন ক্ষমতা কি?

উত্তৰঃ চিলিয়াৰী পেশীৰ টান সলনি কৰি চকুৰ লেন্‌ছৰ ফ'কাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্যকে উপযোজন ক্ষমতা বোলে।

2. মায় পিয়াগ্রস্ত চকু থকা মানুহ এজনে 1.2 mতকৈ বেছি দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায়। যথোচিত দৃষ্টি ঘূৰাই আনিবলৈ কেনেধৰণৰ লেন্‌ছ ব্যৱহাৰ কৰিব লাগিব ?

উত্তৰঃ লেন্‌ছখন অবতল হ'ব লাগিব।

3. স্বাভাবিক দৃষ্টিৰ এজন মানুহ এজনৰ বাবে দূৰ-বিন্দু আৰু নিকটবিন্দু কি?

উত্তৰঃ চকুৰে স্পষ্টকৈ দেখা আটাইতকৈ দূৰৰ বিন্দুটোক দূৰ বিন্দু (Far Point) বোলে। সুস্থ চকুৰ বাবে দূৰ বিন্দু অসীমত থাকে।

     চকুৰ পৰা যি ন্যূনতম দূৰত্বত বস্তু এটা স্পষ্টকৈ আৰু কৃচ্ছ্রসাধন নকৰাকৈ দেখা পোৱা যায় তাক স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব (least distance of distinct vision) বুলি কোৱা হয়। ইয়াক চকুৰ নিকট বিন্দু (Near point) বুলিও কোৱা হয়। প্রাপ্ত বয়স্ক যুৱক যুৱতীৰ সুস্থ চকুৰ বাবে এই নিকট বিন্দু চকুৰ পৰা দূৰত্ব প্ৰায় 25 cm

4. ছাত্ৰ এজন শেষৰ বেঞ্চত বহিলে ব'ৰ্ডখন চোৱাত অসুবিধা পায়। ল'ৰাজনে ভোগা বিকাৰটো কি হ'ব পাৰে। ইয়াৰ সংশোধন কেনেকৈ কৰিব পাৰি?

উত্তৰঃ 'ৰাজনে মায় 'পিয়া বা নিকট দৃষ্টিগ্রস্ততাত ভুগি আছে। এই দোষ আঁতৰাবলৈ উপযুক্ত ক্ষমতাৰ অবতল লেন্‌ছ ব্যৱহাৰ কৰিব লাগিব।

 

অনুশীলনী

 1. মানুহৰ চকুৱে চকুৰ লেন্‌হৰ ফ'কাছ দৈর্ঘ্য সালসলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফ'কাছ কৰিব পাৰে। ইয়াৰ কাৰণ হ'ল -

         (a) প্ৰেছবায় পিয়া                                                    (b) উপযোজন ক্ষমতা

         (c) নিকট দৃষ্টিপ্রভতা                                                (d) দূৰ দৃষ্টিপ্রস্তুতা

উত্তৰঃ (b) উপযোজন ক্ষমতা

2. মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান

         (a) কর্ণিয়া (Cornea)                                             (b) চকুৰ পতা (Iris)

         (c) চকুৰ মণি (Pupil)                                             (d) অক্ষিপট (Retina)

উত্তৰঃ (d) অক্ষিপট (Retina)

3. নিয়মীয়া দৃষ্টিৰ সদ্য প্রাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব

         (a) 25 m              (b) 2.5 cm           (c) 25 cm              (d) 2.5m

উত্তৰঃ (c) 25 cm

4. চকুৰ কি অঙ্গৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্‌ছৰ ফ'কাছ দৈৰ্ঘ্যৰ পৰিবৰ্তন হয় ?

         (a) চকুৰ মণি           (b) অক্ষিপট          (c) চিলিয়াৰী           (d) চকুৰ পতা

উত্তৰঃ (c) চিলিয়াৰী

 

 

5. এজন মানুহৰ দূৰ দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে -5.5 ডায়প্টাৰ ক্ষমতাৰ লেছৰ আৱশ্যক। তেওঁৰ নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে আৱশ্যকীয় লেন্‌ছৰ ক্ষমতা-1.5 ডায়প্টাৰ হ'লে (i) দূৰ দৃষ্টিগ্রস্ততা (ii) নিকট দৃষ্টিপ্ৰস্ততাৰ সংশোধনৰ বাবে আৱশ্যক হোৱা লেন্‌ছৰ ফ'কাছ দৈর্ঘ্য কিমান ?

উত্তৰঃ  আমি জানো যে

                 P = 1/f

(i) Given P = -5.5D

   গতিকে f = 1/P

        = 1/-5.5m

        = -0.182m = -18.2cm

(ii) Given P= -1.5D

      গতিকে f = 1/P

           = 1/-1.5

           =-0.666m

           = -66.67cm

6. নিকট দৃষ্টিগ্রস্ত মানুহ এজনৰ দূৰ বিন্দু চকুৰ সন্মুখত 80cm দূৰত্বত। এই বিকাৰৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্‌ছৰ প্ৰকৃতি কি আৰু ক্ষমতা কিমান?

উত্তৰঃ ধৰাহল দূৰ বিন্দু x = 80cm

    সংশোধনী লেনছৰ ফকাছ দৈঘ্য f = x = -80cm

যিহেতু, P = 100/f(in cm)

       = 100/-80

       = -1.25D

গতিকে লেনছখন অবতল

7.দূৰ দৃষ্টিগ্ৰস্ততাৰ সংশোধন দেখুৱাই ৰশ্মিচিত্র অংকন কৰা। দূৰ দৃষ্টিগ্ৰস্ত চকু এটাৰ বাবে নিকট বিন্দু 1 mএই বিকাৰৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্‌ছৰ ক্ষমতা কিমান? ধৰি লোৱা স্বাভাৱিক চকুৰ বাবে নিকট বিন্দু 25 cm |

উত্তৰঃ দিয়া আছে

           লক্ষ্যবস্তুৰ দূৰত্ব(u)= -25cm

           প্রতিবিম্বৰ দূৰত্ব(v)= -1m = -100cm

আমি জানো যে

           1/f = 1/v-1/u

           1/f = 1/-100-1/-25

           1/f = 1/-100+1/25

           1/f = -1+4/100

           1/f = 3/100

            f =  100/3

            f = 33.3cm

গতিকে ক্ষমতা P = 100/33.3 =3.0D



8. সাধাৰণ চকুৱে এটা 25 cmতকৈ ওচৰত ৰখা বস্তু দেখা নাপায় কিয় ?

উত্তৰঃ সাধাৰণ চকুৱে 25 ছে.মিতকৈ ওচৰৰ বস্তু দেখা নাপায় কাৰণ চকু লেন্‌ ছৰ ফ'কাছ দৈৰ্ঘ্য এটা নিৰ্দিষ্ট সীমাতকৈ কম হ'ব নোৱাৰে।

9. চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বঢ়াই নিলে চকুৰ ভিতৰত প্ৰতিবিম্বৰ দূৰত্বৰ কি হয় ?

উত্তৰঃ একেই থাকে

10. তাই তিৰবিৰাই কিয় ?

উত্তৰঃ তৰাৰ তিৰ্বিৰণি, তৰাৰ পোহৰৰ বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবেই হয়। যিহেতু তৰাবোৰ অতি দূৰত্বত থাকে। গতিকে ইহঁতক পোহৰৰ বিন্দু বুলি ধৰিব পাৰি। তৰাৰ পৰা অহা পোহৰৰ গতিপথৰ কিছু পৰিৱৰ্তন হৈ থাকে আৰু চকুত সোমোবা তৰাৰ পোহৰ কম-বেছি হয়। তৰাটো কেতিয়াবা উজ্জ্বল আৰু কেতিয়াবা ম্লান যেন লাগে। এইটোৱেই তৰাৰ তিৰবিৰণি ।

11. গ্রহই তিৰবিৰাই নাথাকে কিয় ?

উত্তৰঃ গ্ৰহবোৰ পৃথিৱীৰ নিচেই ওচৰত অৱস্থিত আৰু সেইবাবে সিহঁতক বিস্তৃত উৎস হিচাপে গণ্য কৰিব পাৰি। যদি আমি এটা গ্ৰহক পোহৰৰ বহুতো বিন্দু উৎসৰ সমষ্টি বুলি ধৰো তেন্তে সকলো বিন্দু উৎসৰ পৰা আহি আমাৰ চকুত সোমোৱা পোহৰৰ পৰিৱৰ্তনৰ গড়মান শূন্য হ'ব আৰু ইয়েই তিবিৰণিৰ প্ৰভাৱ নোহোৱা কৰিব।

 12. ৰাতিপুৱা সূৰ্যক ৰঙচুৱা দেখি কিয়?

উত্তৰঃ  সূর্যোদয়ৰ সময়ত সূৰ্যটো দিগন্তৰ ওচৰত থাকে। গতিকে সূৰ্যৰ পৰা অহা পোহৰে আমাৰ চকুত পৰাৰ আগতে বায়ুমণ্ডলৰ আপেক্ষিকভাৱে ডাঠ তৰপৰ মাজেদি বহু দূৰ অতিক্ৰম কৰিব লগা হয়। ফলত নীলা ৰঙকে ধৰি সৰহভাগ চুটি তৰংগ দৈৰ্ঘ্যৰ পোহৰক বায়ুমণ্ডলৰ কণাসমূহে বিক্ষেপিত কৰি আঁতৰাই পঠিয়ায়। ৰঙা ৰঙৰ পোহৰৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ দীঘল হোৱা বাবে ই বেছিকৈ বিক্ষেপিত নহয় আৰু আমাৰ চকুত পৰে। ফলত আমি ৰাতিপুৱা সূৰ্যক ৰঙচুৱা দেখো।

 13. মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিবৰ্তে কলা দেখে কিয়?

উত্তৰঃ হাকাশচাৰীজন থকা মহাশূন্য বিৰাজমান অর্থাৎ কোনো ৰং বিক্ষেপিত কৰিবলৈ একো কণা নাথাকে। গতিকে তেওঁ আকাশখন ক'লা দেখে।

 

 

 

 

 

No comments:

Post a Comment

CHEPTER-12 বিদ্যুৎ (Electricity) পাঠটোৰ অনুশীলনীৰ প্রশ্নসমূহৰ উত্তৰ

  অনুশীলনী 1. R ৰোধৰ এডাল তাঁৰ পাঁচটা সমান ভাগলৈ বিভক্ত কৰা হ ' ল। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ ' ল। যদি সজ্জাটোৰ সমতূল্য ৰ...