Saturday, July 30, 2022

CHEPTER-9 বংশগতি আৰু ক্ৰমবিকাশ (Heredity And Evolution) পাঠটোৰ অনুশীলনীৰ প্রশ্নসমূহৰ উত্তৰ সমুহ

 

অনুশীলনীৰ উত্তৰ

 

1. মেণ্ডেলৰ পৰীক্ষা মতে মটৰ মাহৰ ওখ গছৰ সৈতে বেঙুনীয়া ফুল আৰু চাপৰ গছৰ সৈতে বগা ফুল, এই দুই জোপাৰ মাজত সংকৰণ ঘটোৱা হ'ল। উৎপাদিত গছবোৰৰ বেঙুনীয়া ফুল হ'ল যদিও আধা সংখ্যক মটৰ মাহৰ গছ চাপৰ হ'ল। ইয়াৰ আভাসত পৈতৃক পুৰুষৰ মটৰ মাহ গছ জোপাৰ তলৰ কোনটো জিনীয় সংযুক্তি (Genetic make up) বর্ণনা কৰিব পৰা হব ?

(a) TTWW                     (b) TTww                      (c) TtWW                         (d) TtWw

উত্তৰ : (c) TtWW

2. সমসংস্থ অংগৰ এটা উদাহৰণ হ'ল।

(a) আমাৰ বাহু আৰু কুকুৰৰ আগ ঠেং                   (b) আমাৰ দাঁত আৰু হাতীৰ দাঁত  (c) আলু আৰু ঘাঁহৰ শিপা                             (d) ওপৰৰ আটাইকেইটা।

উত্তৰ : (d) ওপৰৰ আটাইকেইটা।

3. বিবৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত

(a) এজন চীনা স্কুলীয়া ছাত্র                          (b) এটা চিম্পাঞ্জী

(c) এটা মকৰা                                  (d) এটা বেক্টেৰিয়া

উত্তৰ :  (a) এজন চীনা স্কুলীয়া ছাত্র

4.বিবৰ্তন আৰু শ্ৰেণীবিভাজনৰ অধ্যয়ন কেনেকৈ পৰস্পৰে পৰস্পৰৰ লগত সংযোগ হৈ আছে?

উত্তৰ :  বিৱৰ্তনৰ নীতিৰ ওপৰত ভিত্তি কৰি আমাৰ পাৰিপাৰ্শ্বিকত দেখি থকা জীৱৰ বিভিন্ন প্ৰজাতিৰ বিৱৰ্তনিক সম্পর্ক নিৰূপণ কৰিব পাৰি। জীৱৰ প্ৰজাতিৰ মাজত থকা চাৰিত্ৰিক বৈশিষ্ট্যৰ ভিত্তিত শ্ৰেণীবিভাজনৰ দ্বাৰা কৰা সিহঁতৰ চিনাক্তকৰণ কৰিব পাৰি।জীৱ এটাৰ বাহ্যিক অবয়ব কেনেকুৱা বা ইয়াৰ আচৰণবিধিক ইয়াৰ চাৰিত্ৰিক বৈশিষ্ট্য বুলি কোৱা হৈছে। জীৱৰ গঠন প্ৰণালী বা ইয়াৰ নিৰ্দিষ্ট সম্পাদিত কাৰ্যই ইহঁতক চাৰিত্ৰিক বৈশিষ্ট্য প্ৰদান কৰে। আমাৰ চাৰিখন হাত-ভৰি থকাটো আমাৰ এক চাৰিত্ৰিক বৈশিষ্ট্য। উদ্ভিদে সালোক সংশ্লেষণ কাৰ্য সম্পাদন কৰাটো ইহঁতৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য।

         বেছি সংখ্যক জীৱৰে কিছুমান সাধাৰণ চাৰিত্ৰিক বৈশিষ্ট্য থাকে। সকলো জীৱৰ দেহ কোষৰে গঠিত হোৱাটো ইহঁতৰ এটা সাধাৰণ চাৰিত্ৰিক বৈশিষ্ট্য। কিছুমান জীৱৰ বাহিৰে বেছি সংখ্যক জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি ইহঁতৰ শ্ৰেণীবিভাজন কৰা হয়। কোষত কোষ কেন্দ্ৰ থকা আৰু নথকাৰ ওপৰত ভিত্তি কৰিও জীৱক শ্ৰেণীবিভাজন কৰিব পাৰি। কংকালযুক্ত নে কংকালতন্ত্র হীন ইয়াৰ ওপৰত নিৰ্ভৰ কৰিও জীৱক শ্ৰেণীবিভাজন কৰিব পাৰি। দেখা যায় যে জীৱসমূহক ইহঁতৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি শ্ৰেণীবিভাজন কৰোতে একোটা ক্রম পোৱা যায়। দুটা প্ৰজাতিৰ জীৱসমূহৰ পৰস্পৰৰ মাজত সাধাৰণ সাদৃশ্য থাকিলে সিহঁতৰ পৰস্পৰৰ ওচৰ সম্পৰ্কীয় হয়। পৰস্পৰ ওচৰ সম্পৰ্কীয় জীৱসমূহ একেটা পূৰ্বপুৰুষৰ পৰা বিৱৰ্তন হয়।

5. উদাহৰণসহ সমসংস্থ আৰু সমবৃত্তিক অংগৰ বিষয়ে ব্যাখ্যা কৰা।

উত্তৰ :  জীৱদেহৰ যি বিলাক অংগৰ উৎপত্তিস্থল আৰু গঠন একে কিন্তু এইবিলাক আকৃতি আৰু কাম ভিন্ন হয় তাকে  সমসংস্থ অংগ বোলে। উদাহৰণ স্বৰূপে, পক্ষীৰ ডেউকা, ঘোঁৰাৰ আগঠেঙৰ সাদৃশ্য দেখা নাযায় কিন্তু অংগসমূহ পর্যাবেক্ষণ কৰিলে দেখা যায় যে সিহঁতৰ গঠন একে, কিন্তু প্রত্যেক অংগৰে কাৰ্য বেলেগ বেলেগ। সমসংস্থ অংগৰ উপস্থিতিয়ে প্ৰমাণ কৰে যে সকলো মেৰুদণ্ডী প্রাণী একে পূৰ্বপুৰুষৰ পৰা আহিছে

        উদ্ভিদৰ ক্ষেত্ৰত দুৰম্ভৰ শাখা কণ্টক, জুনুকা লতাৰ আকৰ্ষ, আদাৰ বাইম ইত্যাদিৰ আকাৰ আৰু কাৰ্য বেলেগ বেলেগ হ'লেও গঠনৰ ফালৰ পৰা একে।

         জীৱৰ যিবিলাক অংগ আকৃতি আৰু কাৰ্যৰ ফালৰ পৰা একে কিন্তু গঠন আৰু উৎপত্তি বেলেগ বেলেগ সেই অগে সমূহক সমবৃত্তি অংগ বোলে। উদাহৰণ স্বৰূপে, পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকা উৰিবৰ বাবে ব্যৱহাৰ কৰে কিন্তু এইবিলাকৰ গঠন আৰু উৎপত্তি একে নহয়।

6. বিবর্তন প্রক্রিয়াত জীৱাশ্মৰ গুৰুত্ব সম্বন্ধে ব্যাখ্যা কৰা ।

উত্তৰ : ভূ-পৃষ্ঠৰ পাললিক শিলাস্তৰত সোমাই থকা প্রাণী বা উদ্ভিদদেহ বা এইবিলাকৰ যিকোনো অংগ-প্ৰত্যংগৰ সাঁচক জীৱাশ্ম বুলি কোৱা হয়

বিৱৰ্তনত জীৱাশ্মৰ প্ৰয়োজনীয়তা তলত উল্লেখ কৰা ধৰণৰ

 (i) জীৱাশ্মৰ মাধ্যমত অতীতৰ প্ৰাণী সম্বন্ধে ধাৰণা আৰু প্ৰাণীৰ বিস্তাৰণ সম্বন্ধে জ্ঞান লাভ কৰা যায়।

(ii) ভূপৃষ্ঠৰ তলৰ শিলাস্তৰত সৰল প্ৰজাতি আৰু ওপৰৰ স্তৰত জটিল প্ৰজাতি পোৱা যায়। অৰ্থাৎ‍ সৰল প্ৰজাতিৰ পৰা জটিল প্ৰজাতিৰ উৎপত্তি ঘটে।

(iii) বিভিন্ন সময়ত বিভিন্ন ধৰণৰ জীৱৰ আৱিষ্কাৰ আৰু বিলুপ্ত হৈছিল আৰু লগতে আকৃতিগত পৰিবৰ্তনো হৈছিল সেই কথা জীৱাশ্মৰ বয়স নিৰ্ধাৰণ কৰি জনাটো সম্ভৱ হয়।

7. অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা বেছি বিকাশসহ (viable) ভিন্নতা সৃষ্টি হয় কেনেকৈ ব্যাখ্যা কৰা? ই বিবৰ্তনত কেনেদৰে প্ৰভাৱ পেলায় ?

উত্তৰ : অযৌন প্ৰজননত সৃষ্টি হোৱা অপত্য জীৱক প্ৰকাৰণ দেখিবলৈ পোৱা নাযায়, কাৰণ এই প্ৰজননত একমাত্ৰ পিতৃ বা মাতৃৰ পৰা সতি-সন্ততিৰ জন্ম হয় আৰু সেইবোৰ পিতৃ বা মাতৃৰ অনুৰূপ হয়। কিন্তু যৌন প্ৰজননৰ বাবে জনন কোষ (শুক্রাণু আৰু ডিম্বাণু)ৰ আৱশ্যক হয়। এই প্ৰজনন পদ্ধতিৰে শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন ঘটে। শুক্রাণু আৰু ডিম্বাণুৰ DNA ৰ প্ৰকাৰ একে নহয় কাৰণ দুটা বেলেগ বেলেগ ব্যক্তিৰ পৰা অহা DNAসেয়েহে এই দুটা কোষৰ মিলনৰ ফলস্বৰূপে সৃষ্টি হোৱা


8. কেনেকৈ পিতৃপুৰুষ আৰু মাতৃপুৰুষ সমান জিনীয় অবদান অপত্যজনুলৈ হস্তান্তৰ কৰে ?

উত্তৰ :  যৌন প্ৰজননৰ মাধ্যমতে পিতৃপুৰুষ আৰু মাতৃপুৰুষ সমান জিনীয় অৱদান অপত্যজনুলৈ হস্তান্তৰ হয়। পিতৃ আৰু মাতৃৰ পৰা সৃষ্টি হোৱা জনন কোষ ক্রমে শুক্রাণু আৰু ডিম্বাণুত সদায় পিতৃ-মাতৃৰ কোষৰ মুঠ ক্ৰম''মৰ আধা সংখ্যক পোৱা যায়। যৌন প্ৰজনন এই দুই প্ৰকাৰ জনন কোষ লগ লাগি দুগুণ ক্রম ''ম যুক্ত যোজন কোষৰ সৃষ্টি হয়। যোজন কোষৰ পৰাই জিনীয় বিকাশৰ দ্বাৰাই অপত্য সন্তানৰ সৃষ্টি হয়। সেয়েহে দেখা যায় সন্তান জন্মৰ ক্ষেত্ৰত পিতৃ আৰু মাতৃয়ে আধাসংখ্যক ক্ৰম''ম হস্তাস্তৰ কৰে অৰ্থাৎ জিনীয় অৱদান সমান হয়। উদাহৰণ স্বৰূপে, মানুহৰ কোষৰ ক্ৰম''মৰ সংখ্য 46 ডাল। কিন্তু জনন কোষত মাত্ৰ 23 ডাল ক্রম ''ম থাকে। পিতৃ আৰু মাতৃৰ প্ৰত্যেকৰে পৰা 23 ডাল ক্ৰম''মযুক্ত জনন কোষ লগ লাগি 46 ডাল ক্ৰম''ম যুক্ত যোজন কোষ গঠন কৰে। এইদৰেই অপত্যজনুলৈ সমান জিনীয় অৱদান আগবঢ়ায়।

Friday, July 22, 2022

CHEPTER-9 বংশগতি আৰু ক্ৰমবিকাশ (Heredity And Evolution) পাঠটোৰ পাঠভিত্তিক প্রশ্নসমূহৰ উত্তৰ সমুহ

 

                                           CHEPTER – 9

বংশগতি আৰু ক্ৰমবিকাশ

1. যদি অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা কোনো এটা প্ৰজাতিৰ জনসংখ্যাৰ "A" চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 10% আৰু সেই একে জনসংখ্যাৰ মাজত "B" চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 60% হয় তেন্তে কোনটো চাৰিত্ৰিক বৈশিষ্ট্য আগতীয়াকৈ উৎপত্তি হৈছিল ?             

  উত্তৰ : যদি অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা কোনো এটা প্ৰজাতিৰ জনসংখ্যাৰ 'A' চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 10% আৰু সেই একে জনসংখ্যাৰ মাজত 'B' চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 60% হয়, তেনেক্ষেত্ৰত 'B' চাৰিত্ৰিক বৈশিষ্ট্য আগতীয়াকৈ উৎপত্তি হৈছিল।

 2. এটা প্ৰজাতিত সৃষ্টি হোৱা বৈসাদৃশ্যতাৰ চৰিত্ৰবিলাক কেনেকৈ জীৱই বৰ্তাই ৰাখে ?            

  উত্তৰ : এটা প্ৰজাতিত সৃষ্টি হোৱা বৈসাদৃশ্য বা প্ৰকাৰণ সৃষ্টি হোৱাৰ প্ৰধান কাৰণ হ'ল যৌন প্ৰজনন। যৌন প্ৰজননত পিতৃ আৰু মাতৃৰ জনন কোষত থকা ক্ৰমজ'মে বেলেগ বেলেগ চৰিত্ৰ বহন কৰি থাকে। এই চৰিত্ৰ সন্তানলৈ বহন হয় DNA ৰ দ্বাৰা। গতিকে নিষেচনত বেলেগ বেলেগ চৰিত্ৰ সঞ্চয় হৈ থকা জনন কোষৰ মিলন ঘটে। ফলত এক নতুন প্ৰকাৰৰ সংযোজন ঘটে নতুন প্ৰজন্মত। এই পৰিবৰ্তিত চৰিত্ৰক জীৱই বৰ্তাই ৰাখিব পাৰে DNA ৰ মাধ্যমত।


3. মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্রমিকভাবে প্রবাহিত চৰিত্ৰবিলাকৰ কোনটো প্ৰভাবী (Domi nant) আৰু কোনটো অপ্ৰভাবী (Recessive) তাক কেনেকৈ নিৰ্ণয় কৰিছিল ?

উত্তৰ : মেণ্ডেলে ওখ (TT) আৰু চাপৰ (tt) মটৰ মাহগছৰ মাজত পৰীক্ষা চলাইছিল। তেওঁ এই দুই প্ৰকাৰ সমযুগ্মজাত উদ্ভিদৰ মাজত ইতৰ পৰাগযোগ ঘটিবলৈ দিয়াত প্ৰথম অপত্যজনুত (F1 জনু) পোৱা সকলোবোৰ উদ্ভিদ ওখ (TT) আছিল। আৰু যেতিয়া F1 জনুৰ ওখ উদ্ভিদসমূহৰ মাজত স্ব-পৰাগযোগ ঘটিবলৈ দিছিল তেতিয়া F2  জনুত পোৱা উদ্ভিদৰ অনুপাত আছিল 3:1 (ওখ : চাপৰ)। F1 জনুৰ ওখ উদ্ভিদ বিষমযুগ্ম জাতৰ আছিল অৰ্থাৎ কোষত ওখ (T) আৰু চাপৰ (t) চৰিত্ৰৰ দুয়োটা জিনেই আছিল, কিন্তু ওখ চৰিত্ৰহে পাইছিল। চাপৰ চৰিত্ৰ প্ৰকাশ পোৱা নাছিল। মেণ্ডেলে প্রকাশিত চৰিত্ৰক প্ৰভাৱী আৰু অপ্রকাশিত চৰিত্ৰক অপ্ৰভাৱী চৰিত্ৰ বুলি কৈছিল।


4.মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰন কিদৰে কৰা হয় ?

 উত্তৰ : মহিলাৰ ক্ষেত্ৰত লিংগ নির্ণায়ক ক্ৰম''ম যোৰ হ' "XX" আনহাতে পুৰুষৰ হ' "XY" ইয়াৰে সকলোৰে অৰ্থাৎ ল'ৰা বা ছোৱালীৰ "X" ক্ৰম'জম ডাল মাতৃৰ ফালৰ। সেয়েহে ল'ৰা ছোৱালীৰ লিংগ নিৰ্দ্ধাৰণৰ বাবে প্ৰকৃততে পিতৃৰ ফালৰ পৰা কোনডাল লিংগ নির্ণায়ক ক্ৰ'''ম প্রবাহিত হয় তাৰ ওপৰতহে নিৰ্ভৰ কৰি সন্তানৰ লিংগ নিৰ্দ্ধাৰণ হয়। ছোৱালী সন্তানৰ ক্ষেত্ৰত এডাল "X" ক্ৰম''ম তাইৰ পিতৃৰ ফালৰ পৰা প্ৰবাহিত হোৱা আৰু আন ডাল "X" ক্ৰম''ম মাতৃৰ ফালৰ পৰা প্ৰবাহিত হোৱা ল'ৰা সন্তানৰ ক্ষেত্ৰত "X" ক্ৰম''ম ডাল মাতৃৰ ফালৰ আৰু "Y" ক্ৰ'''ম ডাল পিতৃৰ ফালৰ পৰা প্ৰবাহিত হোৱা । গতিকে দেখা গ'ল যে যি সন্তানলৈ পিতৃৰ ফালৰ "Y" ক্ৰ'''ম ডাল প্রবাহ ঘটে সেই সন্তানেই ৰা হয়।

7. কি কি প্ৰকাৰে কোনো এটা জীৱৰ নিৰ্দিষ্ট এটা চাৰিত্ৰিক বৈশিষ্ট্য তাৰ জনসংখ্যাত ক্ৰমাগতভাবে বাঢ়ি যায় ?

উত্তৰ :  তলত দিয়া পদ্ধতিসমূহৰ দ্বাৰা কোনো এটা জীৱৰ নিৰ্দিষ্ট এটা চাৰিত্ৰিক বৈশিষ্ট্য তাৰ জনসংখ্যাত ক্ৰমাগতভাৱে বাঢ়ি যায়

   (ক) প্রাকৃতিক নির্বাচন।                                                        

  (খ) জিনীয় পথচ্যুত।                                                          

  (গ) খাদ্যৰ প্ৰাচুৰ্যতা।


8. জীৱৰ জীৱন কালত আৰ্জিত চৰিত্ৰবিলাকৰ তাৰ সতি-সন্তুতিলৈ কিয় বংশানুক্রমিক প্রবাহ নঘটে ?

উত্তৰ : জীৱৰ জীৱন কালত অর্জিত চৰিত্ৰবিলাক তাৰ সতি-সম্ভাতিলৈ বংশানুক্রমে সন্তানলৈ প্ৰবাহ নঘটে কিয়নো জীৱন কালত আৰ্জিত চৰিত্ৰসমূহ DNAত সঞ্চিত নহয় আৰু DNAত সঞ্চিত নহ'লে সন্তানলৈ স্থানান্তৰিত হ'ব নোৱাৰে। পিতৃ-মাতৃৰ চৰিত্ৰসমূহ DNAৰ মাধ্যমতহে সন্তানলৈ স্থানান্তৰিত হয়।


9. বংশগতি বিজ্ঞানৰ দিশৰ পৰা জীৱিত বাঘৰ সংখ্যা ক্রমে হ্ৰাস পাই গৈ থকাটো কিয় চিন্তিত বিষয় বুলি ভাবা ?

উত্তৰ : যদি বাঘৰ সংখ্যা ক্রমে হ্রাস পাই গৈ থাকে তেনেহ'লে কেতিয়াবা হয়তো পৃথিৱীৰ পৰা বাঘ নোহোৱা হৈ যাব পাৰে। বংশগতি বিজ্ঞানৰ দিশৰ পৰা এই বিষয়টো এক চিন্তিত বিষয় কিয়নো বাঘ নোহোৱা হোৱাৰ লগে লগে DNAএ নোহোৱা হৈ যাব লগে লগে পৃথিৱীৰ পৰা এই জীৱ বিলুপ্ত হ'ব। বাঘ থাকিলে হয়তো প্রকাৰণ সৃষ্টিত সহায় হ'লহেতেন।


10. নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহণা যোগায় ?

উত্তৰ :  এটা নতুন প্ৰজাতিৰ উৎপত্তিৰ বাবে অৰিহণা যোগোৱা উপাদানসমূহ হ'

(ক) আনুবংশিক প্ৰকাৰণ

(খ) প্রাকৃতিক নির্বাচন।

(গ) প্রজননাত্মক পৃথকীকৰণ।

 

11.দুটা প্ৰজাতিৰ মাজত বিবর্তন সম্পর্ক স্থাপন কৰিবলৈ ব্যৱহাৰ হোৱা চাৰিত্ৰিক বৈশিষ্ট্য এটাৰ উদাহৰণ দিয়া।

উত্তৰ : দুটা প্ৰজাতিৰ মাজত বিবর্তন সম্পর্ক স্থাপন কৰিবলৈ ব্যৱহাৰ হোৱা চাৰিত্ৰিক বৈশিষ্ট্যৰ উদাহৰণ হ'পক্ষীৰ ডেউকা, ঘোঁৰাৰ আগঠেং, মানুহৰ হাত, বাদুলিৰ ডেউকা আদি অংগৰিলাকৰ কোনো বাহ্যিক সাদৃশ্য নাথাকে। পক্ষী বা বাদুলিৰ ডেউকা উৰিবৰ বাবে, ঘোঁৰাৰ আগঠেং দৌৰিবৰ বাবে, মানুহৰ হাত কোনো বস্তুক ধৰিবৰ বাবে ব্যৱহাৰ কৰে। এই অংগসমূহ পর্যবেক্ষণ কৰিলে দেখা যায় যে এই অংগবিলাকৰ গঠন একে কিন্তু বিভিন্ন পৰিবেশত বসবাস কৰিবৰ বাবে বেলেগ বেলেগ আকৃতিৰ হয়।


12. পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাক সমসংস্থ অংগ বুলি ক'ব পাৰোনে? কিয় পাৰি বা কিয়     নোৱাৰি ?

উত্তৰ : পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাক সমসংস্থ অংগ বুলি ক'ব নোৱাৰি কাৰণ এই দুই প্ৰকাৰৰ অংগৰ উৎপত্তি আৰু গঠন বেলেগ বেলেগ কিন্তু কার্য একে। কিন্তু সমসংস্থ অংগৰ গঠন আৰু উৎপত্তি একে কিন্তু কার্য বেলেগ।


13. জীৱাশ্মসমূহ কি? বিবর্তন সম্পর্কে জীৱাশ্মসমূহে আমাক কি দিয়ে ?

উত্তৰ : ভূ-পৃষ্ঠৰ শিলাস্তৰত সোমাই থকা জীৱদেহ বা এই জীৱবোৰৰ অংশ বিশেষ নাইবা জীৱবোৰে এৰি যোৱা সাঁচক জীৱাশ্ম বুলি কোৱা হয়।

   জীৱাশ্মৰ অধ্যয়নে শিলাস্তৰ চিনাক্ত কৰাত আৰু অতীতৰ জলবায়ু আৰু পৰিবেশ সম্বন্ধে জনাত সহায় কৰেজীৱাশ্মৰ সহায়ত পৃথিৱীৰ পৰা লুপ্ত পোৱা জীৱ সম্পৰ্কে জানিব পাৰি। জীৱাশ্মৰ সহায়ত মাছৰ পৰা উভচৰ আৰু সৰীসৃপৰ পৰা এফালে স্তন্যপায়ী আৰু আনফালে পক্ষীৰ উৎপত্তি আৰু বিৱৰ্তন ব্যাখ্যা কৰা সম্ভৱ। জীৱাশ্মৰ বয়স নিৰ্ধাৰণ কৰি জীৱৰ আৱিৰ্ভাৱ আৰু বিলুপ্তিৰ বিষয়ে জানিব পাৰে।


14. মানুহৰ বিভিন্নজনৰ আকৃতি, বৰণ আৰু অবয়ৱ ভিন্ন যদিও একেটা প্রজাতিত অন্তর্ভুক্ত কিয়?

উত্তৰ : মানুহৰ বিভিন্ন জনৰ আকৃতি, বৰণ আৰু অবয়ৱ ভিন্ন যদিও একোটা প্ৰজাতিৰ অন্তৰ্ভুক্ত । কিয়নো মানুহৰ বিৱৰ্তনৰ ফালৰ পৰা মানুহৰ পূৰ্বপুৰুষ একেই আছিল আৰু প্ৰকাৰণৰ বাবেই মানুহৰ আকৃতি, বৰণ ইত্যাদিৰ প্ৰভেদ দেখা যায়।

 

 15. বেক্টেৰিয়া, মকৰা, মাছ আৰু চিম্পাঞ্জীৰ ভিতৰত কোন প্ৰজাতিৰ জীৱৰ দেহৰ গঠন বিবৰ্তনৰ দিশত অতি উচ্চস্তৰৰ ? কিয় উচ্চস্তৰৰ ?

উত্তৰ : বেক্টেৰিয়া, মকৰা, মাছ আৰু চিম্পাঞ্জীৰ ভিতৰত বেক্টেৰিয়াৰ দেহৰ গঠন বিবৰ্তনৰ দিশত অতি উচ্চতৰৰ। কাৰণ সিহঁতে অতি ঠাণ্ডা বা অতি গৰম বা পৰিবেশৰ যিকোনো পৰিবেশতে জীয়াই থাকিব পাৰে।

CHEPTER-12 বিদ্যুৎ (Electricity) পাঠটোৰ অনুশীলনীৰ প্রশ্নসমূহৰ উত্তৰ

  অনুশীলনী 1. R ৰোধৰ এডাল তাঁৰ পাঁচটা সমান ভাগলৈ বিভক্ত কৰা হ ' ল। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ ' ল। যদি সজ্জাটোৰ সমতূল্য ৰ...