অধ্যায় ৩
ধাতু আৰু অধাতু(Metals And
Non-Metals)
পাঠভিত্তিক প্রশ্নাৱলীৰ উত্তৰ
1. ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু –
উত্তৰ : (i) পাৰা (Hg) (ii) ছ'ডিয়াম (Na) (iii) কপাৰ (Cu) (iv) লেড (Pb)।
2. ধাতুৰ ঘাতসহনীয়তা আৰু নমনীয়তাৰ অৰ্থ বহলাই আলোচনা কৰা৷
উত্তৰ : কোনো এটা ধাতুক হাতুৰীৰে মৰিয়াই পাতল টিন এচটালৈ পৰিৱৰ্তন কৰাকে ধাতুৰ ঘাতসহনীয়তা বোলে। ধাতুৰ এই গুণটোৰ বাবে নানা ধৰণৰ সামগ্ৰী, যেনে— টিপাত, বাকচ, বাল্টি, ৰন্ধাৰ সামগ্ৰী ইত্যাদি তৈয়াৰ কৰিব পৰা যায়।
3. ছ'ডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুৱাই ৰখা হয় ?
উত্তৰ : ছ'ডিয়াম অতিশয় সক্রিয় ধাতু হোৱাৰ বাবেই বায়ুত থকা অক্সিজেন আৰু
জলীয় বাষ্পৰ সৈতে অতি উচ্চ প্ৰৱণতাৰে বিক্ৰিয়া কৰে ৷ যাৰ ফলত জুই জ্বলি উঠিব পাৰে ৷ গতিকে এই ভয়ানক বিক্রিয়াটো বন্ধ
কৰিবৰ বাবে ছ'ডিয়াম ধাতুক কেৰাচিন তেলত ডুবাই ৰখা হয়।
4. তলৰ বিক্ৰিয়াবিলাকৰ ৰাসায়নিক সমীকৰণ লিখা—
(i) উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰনৰ বিক্রিয়া।
(ii) পানীৰ লগত কেলছিয়াম আৰু পটাছিয়ামৰ
বিক্রিয়া৷
উত্তৰ : (i)
3Fe + 4H2O
→ Fe3O4 + H2
(ii) Ca + 2H2O → Ca(OH)2 + H2
2K + 2H2O → 2KOH + H2
+ তাপ
6. লঘু হাইড্ৰ'ক্ল'ৰিক এছিডত (HCI) এটা সক্রিয় ধাতু দিলে কি গেছ
উৎপন্ন হয় ? আইৰনে লঘু H2SO4
ৰ লগত কৰা
বিক্ৰিয়াটোৰ সমীকৰণ লিখা।
উত্তৰ : ধাতুৰ ক্ল'ৰাইড আৰু হাইড্ৰ'জেন গেছৰ উৎপত্তি হ'ব। যেতিয়া আইনে (Fe) লঘু H2
SO4 ৰ লগত
বিক্রিয়া কৰে তেতিয়া FeSO4 (ফেৰাচ ছালফেট) আৰু হাইড্ৰ'জেন গেছ উৎপত্তি হ'ব।
Fe + H2SO4 → FeSO4 + H2
7. আইৰন (II) ছালফেট দ্ৰৱণত জিংক ধাতু দিলে কি
দেখিবা? সংঘটিত
হোৱা বিক্ৰিয়াটো লিখা।
উত্তৰ : জিংকে Feso·ৰ দ্ৰবৰ পৰা Fe অপসাৰিত কৰিব, কাৰণ জিংক আইৰনতকৈ অধিক সক্রিয়।
Zn + FeSO4 → ZnSO4 + Fe
(ii) ইলেক্ট্রন স্থানান্তৰণৰ জৰিয়তে Na2O আৰু MgO
ৰ গঠন লিখা।
(iii) এই যৌগটোত থকা আয়নসমূহ কি কি?
উত্তৰ :
(i) ছ’ডিয়ামৰ ইলেক্ট্রন
বিন্দুৰ গঠন ![]()
অক্সিজেনৰ
ইলেক্ট্রন বিন্দুৰ গঠন ![]()
মেগনেছিয়ামৰ ইলেক্ট্রন বিন্দুৰ গঠন 
(ii)
Na2O : ছ'ডিয়ামৰ
ইলেকট্ৰনীয় বিন্যাস হৈছে 2.8.1। গতিকে সুষ্ঠিৰ
অষ্টক লাভ কৰিবলৈ হ'লে ছ'ডিয়ামে M কক্ষৰ পৰা এটা ইলেকট্রন ত্যাগ কৰিব
লাগিব। ইয়াৰ ফলত Na পৰমাণুৱে Na+
আয়নলৈ
পৰিৱৰ্তন হ’ব।
Na → Na+ + e-
2.8.1
2.8
অক্সিজেনৰ ইলেকট্রনীয় বিন্যাস হৈছে 2.6 গতিকে সুষ্ঠিৰ
অষ্টক লাভ কৰিবলৈ অক্সিজেনে দুটা ইলেকট্রন লাভ কৰিব
লাগিব। এই দুটা ইলেকট্রন দুটা ছ'ডিয়াম পৰমাণুৰ পৰা লাভ কৰি অক্সিজেন পৰমাণুৱে O2-
আয়নলৈ
পৰিৱৰ্তিত হ’ব।
O + 2e → O2-
ছ’ডিয়াম আৰু অক্সিজেন আয়ন দুটা বিপৰিত আধানযুক্ত হোরা হেতুকে পৰস্পৰে
পৰস্পৰক আকষন কৰে আৰু দৃঢ় বিদ্যুৎ আকষনিয় বলৰ দ্বাৰা বান্ধ খাই Na2O অনুৰ সৃষ্টি হয়।
Na+ + O2- + Na+ →
Na2O
MgO
: মেগনেছিয়ামৰ
ইলেকট্রনীয় বিন্যাস হৈছে 2.8.2 গতিকে মেগনেছিয়ামে অক্টেট গঠনৰ বাবে M খোলত থকা দুইটা ইলেকট্রন এৰিব লাগিব যাৰ ফলত Mg পৰমাণুটো Mg2+
আয়নলৈ
পৰিৱৰ্তিত হ’ব।
Mg → Mg2+ + 2e
2.8.2 2.8
অক্সিজেনৰ ইলেকট্রনীয় বিন্যাস হৈছে 2.6 । গতিকে
অক্টেট গঠনৰ বাবে অক্সিজেনক দুটা ইলেট্রনৰ আৱশ্যক আৰু এই
ইলেকট্রন দুটা Mg পৰমাণুৰ
পৰা লাভ কৰিব।
O +
2e- →
O2-
2.6 2.8
এতিয়া Mg2+ আৰু O2-
আয়নৰ মাজত
হোৱা আকর্ষণীয় বলৰ ফলত MgO অণু গঠন
হয়।
Mg2+ + O2- → MgO
(iii)
এই যৌগসমূহত থকা আয়নসমূহ হৈছে
Na+, O2-, and Mg2+
9. আয়নীয় যৌগৰ গলনাংক কিয় বেছি?
উত্তৰ : আয়নীয়
যৌগসমূহত থকা কেটায়ন আৰু এনায়নবোৰ এক শক্তিশালী আকৰ্ষণীয় বলৰ দ্বাৰা বান্ধ খাই
থাকে। গতিকে, এই আকর্ষণীয় বল ভাঙিবৰ বাবে বহু পৰিমানৰ শক্তিৰ আৱশ্যক হয়।
সেয়ে আয়নীয় যৌগসমূহৰ গলনাংক বেছি হয়।
(i) মণিক (mineral) (ii) আকৰ (iii) খনিজ মল (gangue) ।
উত্তৰ : মণিক : এইবোৰ হৈছে প্ৰকৃতিত পোৱা কিছুমান যৌগ, য’ত ধাতু এটা মাটিৰ সৈতে অশুদ্ধি হিচাপে পোৱা যায়।
(ii) আকৰিক : যি খনিজ পদাৰ্থৰ পৰা কোনো এক ধাতু সুবিধাজনকভাৱে আৰু লাভজনকভাৱে
আহৰণ কৰিব পাৰি তাকেই আকৰিক বোলে। যেনে— জিংকৰ আকৰিক হ’ল– জিংকব্লেণ্ড, লোৰ আকৰিক হ'ল— হিমেটাইট।
(iii) খনিজ মল : আকৰিকৰ সৈতে মিশ্রিত হৈ থকা
অশুদ্ধিসমূহক খনিজ মল বোলে।
11. প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা।
উত্তৰ : প্রকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম— গ’ল্ড আৰু প্লেটিনাম।
12. অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্রয়োগ কৰা হয়?
উত্তৰ :
অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কাৰ্বন বিজাৰণ পদ্ধতি প্রয়োগ কৰা হয় ।
14. কোনবোৰ ধাতু সহজে ক্ষয় নহয়?
উত্তৰ : গ’ল্দ, প্লেটিনাম আৰু ছিলভাৰ
আদি ধাতু সহজে ক্ষয় নহয়।
15. সংকৰ ধাতু কি ?
উত্তৰ : দুই বা তাতোধিক ধাতু নাইবা
এটা ধাতু আৰু এটা অধাতুৰ সমসত্ব মিশ্রণেই হৈছে সংকৰ ধাতু।

4
ReplyDelete